শৃংখল চলিহাক কোনো কাৰণতে গ্ৰেপ্তাৰ নকৰিবলৈ দাবী জনাইছে সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)এ। শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰ উঠাই ল’বলৈ দাবী জনাইছে আলফাই। এজাহাৰ উঠাই নললে বা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি বিষম হোৱাৰ হুংকাৰ আলফাৰ। সংবাদ মাধ্যমলৈ মেইলযোগে বিবৃত্তি পঠাইছে আলফাই।
উল্লেখ্য যে আজি দিনত শিৱসাগৰত ৩০ টা জাতীয় সংগঠনে অসমত বহিৰাগত লোকৰ দপদপনি ৰোধৰ বাবে এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰপিছতেই শৃংখল চলিহা বিৰুদ্ধে দেওবাৰে দিচপুৰ থানাত এজাহাৰ দাখিল কৰিছিল গৌৰৱ চনামি নামৰ এজন লোকে।
উল্লেখযোগ্য যে, যোৱা ১৩ আগষ্টত শিৱসাগৰৰ মাজমজিয়াত বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ। তাৰ পাছতেই সৰৱ হৈ পৰিছিল ৩০ টা জাতীয় জনগোষ্ঠীয় সংগঠন। সোমবাৰে হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে শিৱসাগৰৰ ৰাজপথ কঁপাই তুলিছিল। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত বাহিৰ কৰা হৈছিল এই প্ৰতিবাদী মিচিল।