DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্তৰ কটাক্ষৰ উচিত প্ৰত্যুত্তৰ পৰেশ বৰুৱাৰ : স্বাধীন অসমৰ প্রথমজন প্ৰধান মন্ত্ৰী পাতিব হিমন্তক

নাগৰিকত্ব বিধেয়ক বিৰুদ্ধে অসমত যি ধৰণৰ ঢৌ উঠিছে, এয়া সাধাৰণ ঢৌ নহয় : পৰেশ বৰুৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 3:34 pm
paresh barua ULFA-I

সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

1.9k
VIEWS
Share on FacebookShare on Twitter

আজি এখন সংবাদমেলত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্বই ‘পৰেশ বৰুৱা মূল সুঁতিলৈ ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম’ বুলি যি কটাক্ষ কৰিছিল, তাৰ সমুচিত প্ৰত্যুত্তৰ দিছে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

আজি সংবাদ মাধ্যমলৈ ফোন কৰি পৰেশ বৰুৱাই কয়, “যদি হিমন্তই মুখ্য মন্ত্ৰী হৈ অসমক স্বাধীন কৰাৰ বাবে ৰাষ্ট্ৰৰ নেতৃত্বক পতিয়ন নিয়াই প্ৰভাৱিত কৰিব পাৰে, তেন্তে আমি অসমলৈ ঘূৰি যাম। আৰু যদি সাৰ্বভৌম স্বাধীন অসম পোৱা যায়, তেৱেঁ প্ৰথমজন প্ৰধান মন্ত্ৰী হ’ব।”

উল্লেখযোগ্য যে আজি দিনৰ ভাগত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ড০ হিমন্তই অন্যান্য বহুকেইটা প্ৰসংগত মন্তব্য আগ বঢ়োৱাৰ মাজতে পৰেশ বৰুৱাক লৈয়ো কটাক্ষ কৰিছিল। নিজৰ এক্তিয়াৰ বা ক্ষমতাৰ ভিতৰুৱা নোহোৱা সত্ত্বেও মন্ত্ৰী হিমন্তই পৰেশ বৰুৱা ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম বুলি দম্ভালি মাৰিছিল।

তাৰ কেইঘণ্টামানৰ ভিতৰতে পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ ফোন কৰি তেওঁৰ ক’ব লগীয়াখিনি জনায়।

নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নহয় বুলি জানিহে মন্ত্ৰীজনে কৌশলগতভাৱে এই প্ৰস্তাৱ আগ বঢ়াইছে বুলি কয় পৰেশ বৰুৱাই। লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন কেতিয়াও গৃহীত নহয় বুলি দাবী কৰে বৰুৱাই। তেওঁ অসমত এই বিধেয়কখনৰ বিৰুদ্ধে হোৱা ব্যাপক প্ৰতিবাদ সাধাৰণ প্ৰতিবাদ নহয় বুলি দাবী কৰে।

“অসমত যি ধৰণৰ ঢৌ উঠিছে, এয়া সাধাৰণ ঢৌ নহয়।” পৰেশ বৰুৱাই কয়।

হিমন্তক এজন বিচক্ষণ আৰু চতুৰ মন্ত্ৰী বুলিও অভিহিত কৰে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনে। “ড০ হিমন্তক এজন বিচক্ষণ আৰু চতুৰ মন্ত্ৰী। তেওঁৰ দৰে এজন লোক অসমৰ মুখ্য মন্ত্ৰী হোৱা উচিত। তেওঁক মই মুখ্য মন্ত্ৰী হোৱাটো বিচাৰো। মনে-প্ৰাণেই বিচাৰো।” এইদৰে কয় বৰুৱাই।

আনহাতে সাৰ্বভৌম অসম অসমীয়া মানুহৰ জন্মস্বত্ব বুলি দাবী কৰিবলৈ নেৰে সেনাধ্যক্ষজনে।

“অসমৰ এতিয়ালৈকে এজনো মুখ্য মন্ত্ৰীয়ে ভাৰত ৰাষ্ট্ৰৰ ওচৰত এইটো ক’বলৈ সাহস নকৰিলে যে অসমৰ সাৰ্বভৌমত্ব অসমীয়া মানুহৰ জন্মস্বত্ব।”

সাহসৰ অভাৱৰ বাবেই এয়া ক’ব নোৱাৰে বুলি কৈ হিমন্তৰ সাহস থকা বুলি কয়। “হিমন্তৰ সাহস আছে। মই হিমন্ত মুখ্য মন্ত্ৰী হোৱাটো বিচাৰো।” আলফা (স্বাঃ)ৰ সেনাধ্যক্ষজনে কয়।

Recent News

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

হিন্দীৰ দৰে তামিলো হওঁক আনুষ্ঠানিক ভাষা; প্ৰধানমন্ত্ৰী মোডীৰ সন্মুখতে দাবী ষ্টেলিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd