• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

প্ৰতিবাদকাৰীৰ ওপৰত চলা আৰক্ষীৰ এই কঠোৰ পদক্ষেপৰ পিছতে সমাজকৰ্মী ছোনম ৱাংচুকে তেওঁৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী অধিক সময়লৈ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 21, 2026 9:58 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিট পৰীক্ষাৰ প্ৰশ্ন ফাদিল হোৱাৰ প্ৰতিবাদত আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত সোমবাৰে ‘কক্ৰোচ জনতা পাৰ্টী’ চমুকৈ চিজেপিৰ নেতৃত্বত উলিওৱা ‘সংসদ চলো’ কাৰ্যসূচীক লৈ নতুন দিল্লীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজধানী চহৰখনত হোৱা এই সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে. পি. নাড্ডাই প্ৰথমবাৰলৈ চিজেপিৰ মুখপাত্ৰৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবীসমূহক লৈ চৰকাৰৰ ভিতৰচৰাত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে।

 

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনৰ দিশে অগ্ৰসৰ হওঁতে আৰক্ষীয়ে বাধা প্ৰদান কৰে। প্ৰায় তিনি হাজাৰ নিৰাপত্তাৰক্ষী আৰু কেইবা তৰপীয়া বেৰিকেড অতিক্ৰম কৰি প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ দুৱাৰদলিত উপস্থিত হোৱাত আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰিবলৈ বাধ্য হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নতুন দিল্লী জিলাত ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হয়। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা মতে, প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ সতৰ্কবাণী আওকাণ কৰি আক্ৰমণাত্মক আৰু হিংসাত্মক আচৰণ প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰী বাহন তথা ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাৰ ফলত জ্যেষ্ঠ বিষয়াসহ ১১৮ গৰাকী আৰক্ষী জোৱান আহত হৈছে। ইয়াৰ বিপৰীতে আৰক্ষীয়ে প্ৰায় ৭০ গৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে।

 

আনহাতে, চিজেপিয়ে দিল্লী আৰক্ষীৰ বিৰুদ্ধে অতিৰিক্ত বলপ্ৰয়োগৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ লাঠিচালনাত কেইবাগৰাকীও শিক্ষাৰ্থী আহত হোৱাৰ লগতে সমাজকৰ্মী ছোনম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে. আংমোকো আৰক্ষীয়ে ঠেলা-হেঁচা কৰা বুলি দলটোৱে অভিযোগ কৰিছে। অৱশ্যে আৰক্ষীয়ে এই অভিযোগক সম্পূৰ্ণ ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি আখ্যা দি কাৰো ওপৰতে লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ কৰা হোৱা নাই বুলি স্পষ্টীকৰণ দিছে। ইয়াৰ মাজতে সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে. পি. নাড্ডাই চিজেপিৰ মুখপাত্ৰ আশুতোষ ৰাংকা আৰু সৌৰভ দাসৰ সৈতে হোৱা এক বৈঠকত তেওঁলোকৰ দাবীসমূহক লৈ চৰকাৰী নেতৃত্বৰ সৈতে অভ্যন্তৰীণ আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

মঙলবাৰে পুৱা চিজেপিৰ সভাপতি অভিজিৎ দীপকে সামাজিক মাধ্যম এক্সৰ জৰিয়তে আৰক্ষীৰ প্ৰহাৰৰ বলি হোৱা সমৰ্থকসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। তেওঁ পুৰুষ আৰক্ষীৰ দ্বাৰা প্ৰহৃত হোৱা ছাত্ৰীসকলক সুৰক্ষা দিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে চৰকাৰে কুৰিগৰাকীতকৈও অধিক ছাত্ৰৰ মৃত্যুৰ বাবে দায়ী বুলি অভিহিত কৰা ধৰ্মেন্দ্ৰ প্ৰধানক বচাবলৈ যুৱ শিক্ষাৰ্থীৰ তেজ বোৱাবলৈকো কুণ্ঠাবোধ কৰা নাই। তেওঁ আহতসকলক ব্যক্তিগতভাৱে ক্ষমা খুজিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ হৈ যুঁজ অব্যাহত ৰাখিব বুলিও উল্লেখ কৰে। ইফালে, প্ৰতিবাদকাৰীৰ ওপৰত চলা আৰক্ষীৰ এই কঠোৰ পদক্ষেপৰ পিছতে সমাজকৰ্মী ছোনম ৱাংচুকে তেওঁৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী অধিক সময়লৈ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।

 

বৰ্তমান আৰক্ষীয়ে যন্তৰ মন্তৰৰ পৰা প্ৰতিবাদকাৰীৰ মঞ্চ আঁতৰাই পেলাইছে যদিও পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপক, মুখপাত্ৰ আশুতোষ ৰাংকা, সৌৰভ দাস আৰু গীতাঞ্জলি জে. আংমোৰ নেতৃত্বত কেৰালা হাউছৰ সমীপত দলটোৱে অৱস্থান ধৰ্মঘট অব্যাহত ৰাখিছে আৰু চৰকাৰী পক্ষৰ পৰা পৰৱৰ্তী আনুষ্ঠানিক সিদ্ধান্ত বা সমাধান সূত্ৰ নোলোৱালৈকে এই প্ৰতিবাদ চলাই নিয়াৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd