দেওবাৰে পুৱা চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱেত এখন বিমান কৰিছিল। এই সময়তে বিমানখনৰ এজন যাত্ৰীয়ে এটা অদ্ভুত কাম কৰিলে। যাত্ৰীজনে চলন্ত বিমানখনৰ জৰুৰীকালীন প্ৰস্থান (জৰুৰীকালীন দুৱাৰ) খুলি দিলে। ইয়াৰ ফলত বিমানখনত উত্তেজনা সৃষ্টি হয়। পাইলটে লগে লগে বিমানখন ৰখাই দিলে।
খবৰ অনুসৰি, শ্বাৰজাহৰ পৰা চেন্নাইলৈ আহিছিল বিমানখন। এই এয়াৰ আৰবিয়াৰ বিমানখনত আছিল ২৩১ জন যাত্ৰী। বিমানখন অৱতৰণ কৰাৰ পিছত এনে এক অদ্ভুত ঘটনা সংঘটিত হয়।
ৰাণৱে আৰু বিমানৰ টাৰ্মিনেল সংযোগ কৰা এটা নিৰ্দিষ্ট পথ টেক্সিৱেৰ কাষেৰে বিমানখন চলি থকাৰ সময়তে এজন পুৰুষ যাত্ৰীয়ে জৰুৰীকালীন প্ৰস্থান দুৱাৰৰ এখন খুলিলে। ইয়াৰ ফলত সমগ্ৰ বিমানখনত এক চাঞ্চল্যৰ সৃষ্টি হয়। বাতৰি অনুসৰি ব্যক্তিজনৰ বয়স ৩৪ বছৰ। তেওঁ পুডুক্কোট্টাইৰ বাসিন্দা।
এনে পৰিস্থিতিত পাইলটে লগে লগে বিমানখন ৰখাই দিয়ে। লগে লগে তেওঁ কৰ্তৃপক্ষক খবৰ দিয়ে। এই সময়ত বিমানবন্দৰ কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। ততাতয়াকৈ চি আই এছ আৰু বোমা নিষ্কাশন বিশেষজ্ঞ আৰু সশস্ত্ৰ বিষয়া বিমানখন ৰখাই দিয়া ঠাইত উপস্থিত হয়।
সেই সময়ত পাইলটে লগে লগে এটা অভিযোগ দাখিল কৰিছিল। নিৰাপত্তাৰক্ষীয়ে বিমানখনত উঠি যাত্ৰীজনক আটক কৰে। তাৰ পিছত তেওঁক জিম্মাত লোৱা হয়।
বাতৰি মতে, কৰ্তৃপক্ষই যাত্ৰীজনক সোধা-পোছা কৰিছে। তেওঁৰ মানসিক অৱস্থাৰ বিষয়েও চোৱাচিতা কৰা হৈছে। আৰক্ষী বা বিমানবন্দৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা সদৰী কৰা নাই। সেয়ে, ব্যক্তিজনে কিয় এই কাম কৰিলে সেয়া জনা নাযায়। এতিয়া বিষয়টোৰ সবিশেষ কেতিয়া জনোৱা হয় তালৈ লক্ষ্য ৰখা হৈছে।





