বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব ৰাজ্যত। এই অনুসৰি, কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্যবিবাহৰ লগত জড়িত থকা লোকসকলক গ্ৰেপ্তাৰ কৰা হ’ব। আজি এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
“কাইলৈৰ পৰা বাল্য বিবাহত জড়িত সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হ’ব। অহা ছয়-সাত দিনত ১৮ বছৰৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱক বা পুৰুষক গ্ৰেপ্তাৰ কৰা হ’ব।”— নগাঁও চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণৰ পিছত মুখ্যমন্ত্ৰী শৰ্মাই কয়।
তেওঁ লগতে কয় যে কোনো ব্যক্তি যদি ১৪ বছৰৰ তলৰ নাবালিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, তেনে লোকক যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব।
ইতিপূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাজ্যত বাল্য বিবাহৰ সমস্যা অন্ত পেলোৱাৰ সংকল্পত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি ৰাজ্যবাসীক এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছিল৷
এক টুইট যোগে তেওঁ কয়, “ৰাজ্যত বাল্য বিবাহৰ সমস্যা অন্ত পেলোৱাৰ বাবে অসম চৰকাৰ দৃঢ় সংকল্প। এতিয়ালৈকে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ৪,০০৪ টা গোচৰ পঞ্জীয়ন কৰিছে আৰু আগন্তুক দিনত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে। ৩ ফেব্ৰুৱাৰীৰ পৰা গোচৰ আৰম্ভ হ’ব। মই সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছো।”
মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ ৰাজ্যৰ ধুবুৰী জিলাত অধিকাংশ বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈছে। ধুবুৰীত মুঠ ৩৭০ টা বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈছে। আনহাতে হাইলাকান্দিত এনে গোচৰৰ সংখ্যা সৰ্বনিম্ন। জিলাখনত এনে ঘটনাৰ ১ টা গোচৰ পঞ্জীয়ন কৰা হৈছে।
সেইদৰে হোজাইত ২৫৫, ওদালগুৰিত ২৩৫, মৰিগাঁৱত ২২৪, কোকৰাঝাৰত ২০৪, নলবাৰীত ১৭১, গোৱালপাৰাত ১৫৭, বাক্সাত ১৫৩, বঙাইগাঁৱত মুঠ ১২৩, দৰঙত ১২৫, নগাঁৱত ১১৩, তামিলপুৰত ১১০ টা গোচৰ ৰুজু হৈছে। কামৰূপত এনে মুঠ ৮০ টা গোচৰ পঞ্জীয়ন হৈছে।
Assam Govt is firm in its resolve to end the menace of child marriage in the state.
So far @assampolice has registered 4,004 cases across the state and more police action is likely in days ahead. Action on the cases will begin starting February 3. I request all to cooperate. pic.twitter.com/JH2GTVLhKJ
— Himanta Biswa Sarma (@himantabiswa) February 2, 2023
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ ঘটনা বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে কঠোৰ কাৰ্যসূচী হাতত ল’ব বুলি ঘোষণা কৰিছিল। যোৱা মাহত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী শর্মাই কইনাৰ বয়স ১৪ৰ পৰা ১৮ বছৰৰ ভিতৰত হ’লে, বাল্য বিবাহ নিষেধাজ্ঞা আইন ২০০৬ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব বুলি উল্লেখ কৰিছিল।