• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঙুৰলতা ডেকাৰ চমক সৃষ্টিকাৰী প্ৰয়াসে আশ্বস্ত কৰিব পৰা নাই বটদ্ৰৱাবাসীক

২০১৬-১৭ বৰ্ষতে আধাৰশিলা স্থাপন কৰা পথৰ আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল নিৰ্মাণ কাৰ্য

মিণ্টু দাস by মিণ্টু দাস
November 10, 2018 8:14 am
Untitled-1 copy

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা ৰাজনীতিৰে চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিলেও বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ চমক সৃষ্টিৰ প্ৰয়াসে সমষ্টিত এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কিয়নো আঙুৰলতাই ২০১৬-১৭ বৰ্ষত সমষ্টিটোৰ বাটপথ উন্নয়নৰ বাবে এনৰেগা আঁচনিৰ অধীনত একেদিনাই ৪৫টাতকৈও অধিক পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল যদিও প্ৰায়বোৰ পথৰে আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল নিৰ্মাণ কাৰ্য।

ইতিমধ্যে চমক সৃষ্টিকাৰী বিধায়িকা হিচাপে চৰ্চিত হোৱা আঙুৰলতা ডেকাই শেহতীয়াভাৱে স্থাপন কৰা আধাৰশিলাক লৈও ৰাইজ সন্তুষ্ট হ’ব পৰা নাই। উল্লেখ্য যে আজিৰ পৰা কেইদিনমান পূৰ্বে গড়কাপ্তানী বিভাগৰ পুঁজিৰে বিধায়িকাগৰাকীয়ে ২০টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিছিল। সমষ্টিটোত ৭০ কিলোমিটাৰতকৈ অধিক পথ স্কুটী চলাই বিধায়িকাগৰাকীয়ে পথসমূহৰ আধাৰশিলা স্থাপন কৰি আন এক চমক সৃষ্টি কৰিছিল।

Apply Now

তথ্য অনুসৰি, ২০১৬-১৭ বৰ্ষত বিধায়িকাগৰাকীয়ে স্থাপন কৰা আধাৰশিলা সমূহৰ আজি দুবছৰৰ পিছতো অসম্পূৰ্ণ হৈ থকাৰ লগতে কিছুমান পথৰ নিৰ্মাণ কাৰ্যই আৰম্ভ নহ’ল। সমষ্টিটোৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কুঁজীডাহ-জামগুৰি গাঁও পঞ্চায়তৰ জাজৰি গড়কাপ্তানী পথৰ পৰা হাতীচোং মহাবিদ্যালয়লৈ ৫০০ মিটাৰ পথ চি চি ব্লকৰ নামত ২৩.৬৪ লাখ টকা আৱন্টন দি ২০১৬ৰ ৯ ডিচেম্বৰত বিধায়িকাগৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিল যদিও ১০০ মিটাৰ পথতহে চি চি ব্লক বহোৱা হয়। বাকী ৪০০ মিটাৰ পথত চি চি ব্লক বহোৱা নহ’ল।

3084b3de-fc80-4d7c-96fb-7affbafe3363
ফটো : নৰ্থ-ইষ্ট নাও

ইফালে বিশ্ব বেংকৰ পুঁজিৰ দ্বাৰা জামুগুৰি পথৰ পৰা কুৰুৱাবাহী-মৰিগাঁও পথলৈ ৩০০ মিটাৰৰ বাবে ১৩ লাখ টকা আৱন্টন দি আধাৰশিলা স্থাপন কৰিছিল যদিও চি চি ব্লকটো বাদেই আজি পৰ্যন্ত পথটোত এচপৰাও মাটি নপৰিল।

ইপিনে সমষ্টিটোৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ পৰা এম ভি স্কুললৈ ১২০ মিটাৰ পথৰ বাবে ৬ লাখ টকা আৱন্টন দি ২০১৬ৰ ১১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল। কিন্তু নিৰ্মাণ নহ’ল পথটোৰ। একেদৰে ক্ষেত্ৰী গাঁও তিনি আলিৰ পৰা গৰীয়াপুখুৰীলৈ ৫০০ মিটাৰ পথৰ বাবে আঁ‌চনিৰ অধীনত ১৭.৩৪ লাখ টকা আবন্টন দি ২০১৬ৰ ১১ ডিচেম্বৰতে আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল।

উল্লেখ্য, যোৱা এটা মাহৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ৪০টাৰো অধিক আধাৰশিলা স্থাপন কৰি চমক দিছিল। কিন্তু পূৰ্বৰ উদাহৰণে উন্মোচিত কৰিছে বিধায়িকাগৰাকীয়ে ৰাইজক আকৰ্ষিত কৰিবলৈ স্থাপন কৰা আধাৰশিলাসমূহ বছৰ বছৰ ধৰি আধাৰশিলাই হৈ থাকে, কাৰ্যত পৰিণত নহয়। তদুপৰি বটদ্ৰৱা সমষ্টিৰ বহু পথ দলঙৰ দুৰাৱস্থাই সমষ্টিটোৰ ৰাইজক ক্ষুভিত কৰি তুলিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd