DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আঙুৰলতা ডেকাৰ চমক সৃষ্টিকাৰী প্ৰয়াসে আশ্বস্ত কৰিব পৰা নাই বটদ্ৰৱাবাসীক

২০১৬-১৭ বৰ্ষতে আধাৰশিলা স্থাপন কৰা পথৰ আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল নিৰ্মাণ কাৰ্য

মিণ্টু দাস by মিণ্টু দাস
November 10, 2018 8:14 am
Untitled-1 copy

ফটো : নৰ্থ-ইষ্ট নাও

335
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা ৰাজনীতিৰে চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিলেও বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ চমক সৃষ্টিৰ প্ৰয়াসে সমষ্টিত এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কিয়নো আঙুৰলতাই ২০১৬-১৭ বৰ্ষত সমষ্টিটোৰ বাটপথ উন্নয়নৰ বাবে এনৰেগা আঁচনিৰ অধীনত একেদিনাই ৪৫টাতকৈও অধিক পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল যদিও প্ৰায়বোৰ পথৰে আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল নিৰ্মাণ কাৰ্য।

ইতিমধ্যে চমক সৃষ্টিকাৰী বিধায়িকা হিচাপে চৰ্চিত হোৱা আঙুৰলতা ডেকাই শেহতীয়াভাৱে স্থাপন কৰা আধাৰশিলাক লৈও ৰাইজ সন্তুষ্ট হ’ব পৰা নাই। উল্লেখ্য যে আজিৰ পৰা কেইদিনমান পূৰ্বে গড়কাপ্তানী বিভাগৰ পুঁজিৰে বিধায়িকাগৰাকীয়ে ২০টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিছিল। সমষ্টিটোত ৭০ কিলোমিটাৰতকৈ অধিক পথ স্কুটী চলাই বিধায়িকাগৰাকীয়ে পথসমূহৰ আধাৰশিলা স্থাপন কৰি আন এক চমক সৃষ্টি কৰিছিল।

তথ্য অনুসৰি, ২০১৬-১৭ বৰ্ষত বিধায়িকাগৰাকীয়ে স্থাপন কৰা আধাৰশিলা সমূহৰ আজি দুবছৰৰ পিছতো অসম্পূৰ্ণ হৈ থকাৰ লগতে কিছুমান পথৰ নিৰ্মাণ কাৰ্যই আৰম্ভ নহ’ল। সমষ্টিটোৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কুঁজীডাহ-জামগুৰি গাঁও পঞ্চায়তৰ জাজৰি গড়কাপ্তানী পথৰ পৰা হাতীচোং মহাবিদ্যালয়লৈ ৫০০ মিটাৰ পথ চি চি ব্লকৰ নামত ২৩.৬৪ লাখ টকা আৱন্টন দি ২০১৬ৰ ৯ ডিচেম্বৰত বিধায়িকাগৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিল যদিও ১০০ মিটাৰ পথতহে চি চি ব্লক বহোৱা হয়। বাকী ৪০০ মিটাৰ পথত চি চি ব্লক বহোৱা নহ’ল।

3084b3de-fc80-4d7c-96fb-7affbafe3363
ফটো : নৰ্থ-ইষ্ট নাও

ইফালে বিশ্ব বেংকৰ পুঁজিৰ দ্বাৰা জামুগুৰি পথৰ পৰা কুৰুৱাবাহী-মৰিগাঁও পথলৈ ৩০০ মিটাৰৰ বাবে ১৩ লাখ টকা আৱন্টন দি আধাৰশিলা স্থাপন কৰিছিল যদিও চি চি ব্লকটো বাদেই আজি পৰ্যন্ত পথটোত এচপৰাও মাটি নপৰিল।

ইপিনে সমষ্টিটোৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ পৰা এম ভি স্কুললৈ ১২০ মিটাৰ পথৰ বাবে ৬ লাখ টকা আৱন্টন দি ২০১৬ৰ ১১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল। কিন্তু নিৰ্মাণ নহ’ল পথটোৰ। একেদৰে ক্ষেত্ৰী গাঁও তিনি আলিৰ পৰা গৰীয়াপুখুৰীলৈ ৫০০ মিটাৰ পথৰ বাবে আঁ‌চনিৰ অধীনত ১৭.৩৪ লাখ টকা আবন্টন দি ২০১৬ৰ ১১ ডিচেম্বৰতে আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল।

উল্লেখ্য, যোৱা এটা মাহৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ৪০টাৰো অধিক আধাৰশিলা স্থাপন কৰি চমক দিছিল। কিন্তু পূৰ্বৰ উদাহৰণে উন্মোচিত কৰিছে বিধায়িকাগৰাকীয়ে ৰাইজক আকৰ্ষিত কৰিবলৈ স্থাপন কৰা আধাৰশিলাসমূহ বছৰ বছৰ ধৰি আধাৰশিলাই হৈ থাকে, কাৰ্যত পৰিণত নহয়। তদুপৰি বটদ্ৰৱা সমষ্টিৰ বহু পথ দলঙৰ দুৰাৱস্থাই সমষ্টিটোৰ ৰাইজক ক্ষুভিত কৰি তুলিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd