গোলাঘাটত স্বাস্থ্য বিভাগক বিতৰ্কই লগ এৰা নাই। পুনৰ অন্য এক বিতৰ্কই ঘেৰি ধৰিলে বিভাগটোক। গোলাঘাটত স্বাস্থ্য বিভাগৰ অকর্মণ্যতাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে মুমূৰ্ষ ৰোগী।
এটাৰ পিছত আন এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। চৰকাৰী সেৱাৰ পৰা বঞ্চিত সাধাৰণ দৰিদ্ৰ পৰিয়াল। এম্বুলেন্সৰ অভাৱে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক।
নতুন চৰকাৰৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ এনে কাৰ্যত বিপাঙত পৰিছে এতিয়া সাধাৰণ ৰাইজ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ মূমূৰ্ষ ৰোগীৰ। বহু সময় ধৰি এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়ই।
অৱশ্যে এই অভিযোগ আজিৰ নহয়। পূৰ্বতেও এম্বুলেঞ্চৰ অভাৱত ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা ঘটনা সংঘটিত হৈছিল গোলাঘাটৰ এই স্বাস্থ্য বিভাগত। পুনৰ বুধবাৰে নিশা এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিব লগা হ’ল এজন ৰোগী।
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত জীতেন মেধি নামৰ ৰোগীজনৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ।
কিন্তু এম্বুলেন্সৰ অভাৱত দৰিদ্ৰ পৰিয়ালটো উপায়হীন হৈ পৰে। ১০৮ সেৱাত ফোন কৰি কোনো ধৰণৰ উত্তৰ লাভ নকৰিলে।
অৱশেষত সাংবাদিকৰ প্ৰচেষ্টাত খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ ভ্ৰাম্যমাণ এম্বুলেন্স সেৱাৰ যোগেদিহে ৰোগীজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হ’ল।
পুনৰবাৰ মৃনাল শইকীয়াৰ এই এম্বুলেন্সে সহায় কৰিলে উপায়হীন এজন ৰোগীক। মৃনাল শইকীয়াৰ লগতে গোলাঘাটৰ ব্যৱসায়ী সংবিদি বিক্ষোপন চলিহা, সাগৰ গোহাঁয়ে ৰোগীজনক যোৰহাটলৈ লৈ যায়।
বিধায়কজনৰ লগতে ব্যৱসায়ী দুজনৰ এনে পদক্ষেপক শলাগ লৈছে সকলোৱে। বিপৰীতে চৰকাৰৰ স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাক সহজভাৱে ল’ব পৰা নাই গোলাঘাটবাসীয়ে।