• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰি-আমনিত কৰ’নাৰ দ্ৰুত সংক্ৰমণত শংকিত ৰাইজ; এণ্টিজেন টেষ্ট বৃদ্ধিৰ দাবী

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
August 9, 2020 8:30 am
COVID19-positive-death-1140x570 (1)

প্ৰতিনিধিত্বমূলক ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰ আমনিত কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাত আমনিবাসীৰ মাজত আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

ইজনৰ পাছত সিজনকৈ ক’ভিড ১৯ত আক্ৰান্ত হৈ অঞ্চলটো গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে।

Apply Now

আমনিৰ ব্যৱসাইক প্ৰতিষ্ঠানৰ মালিক কৰ্মচাৰীকে ধৰি ৰেপিড এণ্টিজেন পৰীক্ষাত ৪৫ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

শনিবাৰে ২৩২ জনৰ লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত ৩১ জনৰ শৰীৰতে ক’ভিড ১৯ ধৰা পৰে। আমনি ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ দেহতো ক’ভিড পজিটিভ ধৰা পৰে।

আমনিত কেইদিনমানৰ আগতে পৰীক্ষা কৰোৱাত ১২ জন পজিটিভ ৰোগী পোৱা গৈছিল। যাৰ পৰিপ্ৰেক্ষিতত আমনি ব্যৱসায়ী সন্থাই ৫ আগষ্টৰ পৰা আমনিত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই সময়চোৱাত আমনিৰ একাংশ ব্যৱসায়ীয়ে ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

ইতিমধ্যে এণ্টিজেন পৰীক্ষাত আমনিৰ অন্যতম অনুৰাগ ধাবাৰো ৩ জনকৈ কৰ্মচাৰী পজিটিভ বুলি জানিব পৰা গৈছে।

উজনি-নামনিৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰ আমনিৰ ধাবা সমূহত দূৰণিবটীয়া যাত্ৰীয়ে আহাৰ গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।

ইপিনে আমনিৰ একাংশ ব্যৱসায়ীয়ে ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ পৰা বিৰত আছে বুলিও অভিযোগ উত্থাপিত হৈছে।

আমনিৰ লগতে চামগুৰি মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত ৰেপিড এণ্টিজেন পৰীক্ষা কৰোৱাত আন ১২ জনৰ দেহতো কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

চামগুৰিৰ ৰাজহ চক্ৰ কাৰ্যালয়, বি এছ এফ চাউনীৰ জোৱানকে ধৰি বিভিন্ন স্থানৰ বহু কেইজন পজিটিভ ৰোগী ধৰা পৰে।

ইয়াৰ পাছতে ৮ আগষ্টৰ পৰা চামগুৰিতো লকডাউন ঘোষণা কৰিছে যদিও একাংশ ব্যৱসায়ীয়ে দোকান খোলা পৰিলক্ষিত হয়।

চামগুৰিতো প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা অচিৰেই লকডাউনৰ সলনি ৰেপিড এণ্টিজেন পৰীক্ষা ব্যৱসায়ীসকলক কৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে সঘনে চেনিটাইজ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd