নগাঁও জিলাৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰ আমনিত কৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাত আমনিবাসীৰ মাজত আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।
ইজনৰ পাছত সিজনকৈ ক’ভিড ১৯ত আক্ৰান্ত হৈ অঞ্চলটো গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে।
আমনিৰ ব্যৱসাইক প্ৰতিষ্ঠানৰ মালিক কৰ্মচাৰীকে ধৰি ৰেপিড এণ্টিজেন পৰীক্ষাত ৪৫ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।
শনিবাৰে ২৩২ জনৰ লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত ৩১ জনৰ শৰীৰতে ক’ভিড ১৯ ধৰা পৰে। আমনি ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াৰ দেহতো ক’ভিড পজিটিভ ধৰা পৰে।
আমনিত কেইদিনমানৰ আগতে পৰীক্ষা কৰোৱাত ১২ জন পজিটিভ ৰোগী পোৱা গৈছিল। যাৰ পৰিপ্ৰেক্ষিতত আমনি ব্যৱসায়ী সন্থাই ৫ আগষ্টৰ পৰা আমনিত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এই সময়চোৱাত আমনিৰ একাংশ ব্যৱসায়ীয়ে ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।
ইতিমধ্যে এণ্টিজেন পৰীক্ষাত আমনিৰ অন্যতম অনুৰাগ ধাবাৰো ৩ জনকৈ কৰ্মচাৰী পজিটিভ বুলি জানিব পৰা গৈছে।
উজনি-নামনিৰ অন্যতম ব্যৱসায়িক কেন্দ্ৰ আমনিৰ ধাবা সমূহত দূৰণিবটীয়া যাত্ৰীয়ে আহাৰ গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।
ইপিনে আমনিৰ একাংশ ব্যৱসায়ীয়ে ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ পৰা বিৰত আছে বুলিও অভিযোগ উত্থাপিত হৈছে।
আমনিৰ লগতে চামগুৰি মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত ৰেপিড এণ্টিজেন পৰীক্ষা কৰোৱাত আন ১২ জনৰ দেহতো কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।
চামগুৰিৰ ৰাজহ চক্ৰ কাৰ্যালয়, বি এছ এফ চাউনীৰ জোৱানকে ধৰি বিভিন্ন স্থানৰ বহু কেইজন পজিটিভ ৰোগী ধৰা পৰে।
ইয়াৰ পাছতে ৮ আগষ্টৰ পৰা চামগুৰিতো লকডাউন ঘোষণা কৰিছে যদিও একাংশ ব্যৱসায়ীয়ে দোকান খোলা পৰিলক্ষিত হয়।
চামগুৰিতো প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা অচিৰেই লকডাউনৰ সলনি ৰেপিড এণ্টিজেন পৰীক্ষা ব্যৱসায়ীসকলক কৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে সঘনে চেনিটাইজ কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।