• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শোণিতপুৰ ঠেলামৰাৰ ঘটনা : কিয় আইন হাতত তুলি একাংশই সৃষ্টি কৰিলে জিঘাংসাৰ?

কাৰ অনুমতিত চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰি ঢেকীয়াজুলিত বজৰং দলে উলিয়ালে বৃহৎ বাইক ৰেলী?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 6, 2020 8:26 pm
Bojrong Rally Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভঙাশিঙৰি অঞ্চলত ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষে বজৰং দলে বাইকৰেলী বাহিৰ কৰাৰ সময়তে সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ।

খবৰ অনুসৰি বজৰং দলৰ শতাধিক সদস্যই এক বৃহৎ বাইক ৰেলী কৰি গৈ থকা সময়তে ভঙা শিঙৰি অঞ্চলত আন একাংশ উন্মত্ত জনতাই দা-যাঠিৰে প্ৰহাৰ কৰে ৰেলীত অংশগ্ৰহণ কৰা বজৰং দলৰ সদস্যক।

Apply Now

ইয়াৰ পাছতে এই বিষয় লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

বজৰং দলৰ সদস্যৰ মতে তেওঁলোকে শান্তিপূৰ্ণভাৱে সমদল কৰি গৈ থকা সময়তে পথত বাঁহ পেলাই আগুচি ধৰি একাংশ উন্মত্ত জনতাই দা-যাঠিৰে মাৰ-পিট কৰিছিল। আনকি কেইজনমান বজৰং দলৰ সদস্যক উক্ত অঞ্চলৰ একাংশ লোকে আঠু কঢ়াই পাকিস্তান জিন্দাবাদ ধ্বনি দিবলৈ বাধ্য কৰাইছিল আৰু প্ৰহাৰ কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

আনকি একাংশ উন্মত্ত জনতাই ৰেলীৰ কেইবাখনো বাইক আৰু মেজিক জ্বলাই দিয়াৰ লগতে ঘটনাস্থলীত সন্ধ্যা গৈ উপস্থিত হোৱা উপায়ুক্তৰ বাহনত শিলাবৰ্ষণ কৰি ক্ষতি সাধন কৰিছিল।

আন একাংশৰ মতে বজৰং দলৰ সদস্যসকলে ধৰ্মীয় সংখ্যালঘু অঞ্চলটোত উচ্চস্বৰে ডি.জে বজাই জয় শ্ৰীৰাম ধ্বনি দি গৈ থকাৰ বাবে অঞ্চলটোৰ ইছলাম ধৰ্মী একাংশ লোকে আক্ৰমণ কৰিছিল।

ইয়াৰোপৰি, আন একাংশই অভিযোগ কৰা অনুসৰি এখন মুছলমান অধ্যুষিত এলেকাত মছজিদৰ চৌহদত সোমাই বজৰং দলৰ সদস্যই হুলস্থুল কৰি ফটকা ফুটাইছিল বাবেই এজন বৃদ্ধ নামাজীয়ে তেওঁলোকক বাধা দিয়াত তেওঁক বজৰং দলৰ সদস্যই প্ৰহাৰ কৰিছিল। তাৰ পাছতে একাংশ ইছলাম ধৰ্মী লোক উত্তেজিত হৈ তেওঁলোকক প্ৰহাৰ কৰে।

এনেদৰেই সামাজিক মাধ্যমত বিভিন্ন ধৰণে প্ৰচাৰ হৈ থকাৰ সময়তে নিৰপেক্ষতাৰে দুটা কথা উল্লেখ কৰিব লাগিব যে ‘কিয় আইন হাতত তুলি একাংশ আক্ৰমণকাৰীয়ে সৃষ্টি কৰিলে জিঘাংসাৰ?

তথা কাৰ অনুমতিত চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰি ঢেকীয়াজুলিত বজৰং দলে উলিয়ালে বৃহৎ বাইক ৰেলী?

এই সন্দৰ্ভত আমি সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সৈতে কথা পাতিছিলো।

এই সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘সমগ্ৰ ভাৰতবৰ্ষতে আনলক প্ৰক্ৰিয়া চলি আছে যদিও এনেকুৱা নহয় যে চৰকাৰৰ নিৰ্দেশনা ভংগ কৰি কোনোবাই ৰেলী বাহিৰ কৰিব পাৰিব বা জুম বান্ধিব পাৰিব। কালি যি ৰেলী অনুষ্ঠিত হ’ল তাৰ অনুমতি কোনে দিছিল বা অনুমতি প্ৰকৃততে দিছিল নে নাই?’

তেওঁ লগতে কয়, ‘যদি প্ৰকৃততে ৰেলী বাহিৰ কৰিবলৈ অনুমতি দিছিল তেন্তে কি ভিত্তিত দিছিল? যদি ৰেলী বাহিৰ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল তেন্তে ক’ৰ’না কালত চৰকাৰৰ নিষেধাজ্ঞাত নস্যাৎ কৰি কেনেকৈ ৰেলী বাহিৰ কৰিবলৈ পালে? ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত হ’ব লাগে।‘

দ্বিতীয়তে যি এনেধৰণে মাৰ-পিট কৰাৰ ঘটনা সংঘটিত কৰিলে সেয়া অতি গৰিহনাযোগ্য বুলি উল্লেখ কৰি শইকীয়াই কয়, ‘এতিয়ালৈকে গম পোৱা অনুসৰি এই ঘটনা সংঘটিত কৰা লোকসকল ইছলাম ধৰ্মীয় যদিও এই ঘটনাৰ ভিতৰত কোন জৰিত আছে সেই কথা পোহৰলৈ অহা নাই। ইছলাম ধৰ্মীয় লোকসকলৰ একাংশই এই আক্ৰমণ কৰিলে।‘

তেওঁ আৰু কয়, ‘এনে ঘটনা সংঘটিত হোৱাৰ পাছত আমাৰ দৰে ব্যক্তিয়ে বাহিৰৰ ৰাজ্যৰ লোকসকলক কেনেকৈ বুজাম যে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ধৈয্য ধৰে বা তেওঁলোক শান্তিপ্ৰিয় বা একতাৰ ডোলৰে সকলোকে বান্ধি ৰাখিব বিচাৰে। ইমানদিনে চলি অহা সম্প্ৰীতিৰ নিদৰ্শনত ব্যাঘাত জন্মিছে বা ভৱিষ্যতে বেয়াৰ দিশলৈ যোৱাৰ সম্ভাৱনা আছে।‘

‘এনেধৰণৰ ঘটনা বন্ধ কৰিব লাগে আৰু জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে সচেতন লোক এনেধৰণৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থিয় দিব লাগে,‘-সমাজৰ সচেতন লোকসকললৈ আহ্বান জনাই শইকীয়াই এইদৰে কয়।

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজ কৰ্মী মীৰা বৰঠাকুৰে কয়, ‘কালিৰ এই ঘটনাত দুই পক্ষৰে ভুল আছে। ৰামক ভগবান হিচাপে সকলোৱে মানে। ৰাম মন্দিৰ স্থাপন হোৱাত ভাৰতৰ হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক অসাম্প্ৰদায়িক বা কোনেও এইটোত বেয়া পাব নালাগে। কিন্তু ইয়াৰ সমান্তৰালকৈ আৰু এটা কথা আহি পৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পুজন হোৱা বুলি উত্তেজিত হোৱাৰ পৰিবেশ কিয় সৃষ্টি কৰিব লাগে?’

তেওঁ লগতে কয়, ‘প্ৰত্যেকটো ক্ৰিয়াৰে একোটা প্ৰতিক্ৰিয়া থাকে। গতিকে ক্ৰিয়া কৰাৰ বাবে এনেধৰণৰ প্ৰতিক্ৰিয়া হ’বলৈ পালে। দুয়োটা পক্ষই কৰিব নলগীয়া কাম কৰিছে। ৰামৰ আদৰ্শ সহনশীল আৰু যুদ্ধৰ পৰা বিৰত থকাটোৱেই অযোধ্যা। কিন্তু অসমত যিটো হত্যা-হিংসাৰ পৰিবেশৰ সৃষ্টি কৰিব বিচৰা হৈছে ই ৰামৰাজ্যৰ পৰিপন্থী।‘

আন এগৰাকী সমাজ সচেতক ব্যক্তি প্ৰশান্ত বৰ্মণে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘কোনো ক্ষেত্ৰতে আইন হাতত তুলি জিঘাংসাৰ সৃষ্টি কৰাটো কেতিয়াও নিবিচাৰো। যদি কিবা বিশৃংখল পৰিবেশ সৃষ্টি হৈছিল তাৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আছে বা প্ৰশাসনৰ লোক আছে। আইনৰ যোগেদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিছু ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে ইচ্যু বিচাৰি আছে, এনেক্ষেত্ৰত কোনোৱে এইক্ষেত্ৰত উচটনি দিব পাৰে। ইয়াৰ এক উচিত তদন্ত হ’ব লাগে।‘

আনহাতে, ক’ৰ’নাৰ ভয়াবহতাৰ সময়ত এনেধৰণে বৃহৎ ৰেলী বাহিৰ কৰাটো সমীচীন নহয় বুলি উল্লেখ কৰি তেওঁ কয়, ‘যিহেতু চৰকাৰে ২০ জনতকৈ অধিক লোক একেলগে সমবেত হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে এনে সময়ত শ-শ বাইক লৈ বৃহৎ ৰেলী কৰাতো সমীচিন নহয়। এই ক্ষেত্ৰত কোনে এনেদৰে শ-শ বাইক লৈ ৰেলী অনুষ্ঠিত কৰিলে তাৰ এক উচিত তদন্ত হ’ব লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd