• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ংকৰ ৰূপত গণ সংক্ৰমণৰ আশংকা! দ্বিতীয় মুম্বাইৰ দিশে নেকি গুৱাহাটী?

মহানগৰীত দৈনিক বৃদ্ধি পাইছে কন্টেইনমেন্ট জ’ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2020 12:17 pm
WhatsApp Image 2020-06-13 at 12.06.29 PM

গুৱাহাটী মহানগৰীৰ প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য : ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভয়ংকৰ বিপদৰ দিশে আগুৱাইছে গুৱাহাটী মহানগৰ। এই আশংকাই এতিয়া খুলি খুলি খাইছে মহানগৰবাসীক।

কিয়নো গুৱাহাটী মহানগৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। বৰ্তমানলৈকে পাঁচ শতাধিক লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে বুলি এক সুত্ৰত প্ৰকাশ পাইছে।

Apply Now

ইপিনে, কোৱাৰেন্টাইনত থকাসকলক বাদ দি বহুসংখ্যকেই গণ সংক্ৰমণৰ ফলতেই এই মাৰাত্মক ভাইৰাছৰ কবলত পৰিছে।

কিছুদিন ধৰি ভয়াবহ ৰূপত গণ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হোৱা ঘটনা পোহৰলৈ আহিছে।

উল্লেখ কৰিব পাৰি যে, যাতে গণ সংক্ৰমণ নহয় তাৰ বাবে কোৱাৰেন্টাইন ব্যৱস্থা অধিক মজবুত কৰাৰ বাবে চৰকাৰ কিম্বা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এতিয়া যেন কিছু সুৰুঙা ৰৈ গৈছে যাৰ বাবে এতিয়া মহানগৰীত গণ সংক্ৰমণ হ’বলৈ আৰম্ভ কৰিছে।

এক কথাত ক’বলৈ গ’লে মহানগৰীৰ বাবে এতিয়া যেন নামি আহিছে মহাবিপদ।

গুৱাহাটীত এতিয়া যি ফালেই চকু ফুৰাই সেই ফালেই যেন দেখা পোৱা যায় মহানগৰবাসীয়ে কৰ’না ভাইৰাছৰ সৈতে সহাৱস্থান কৰা আৰম্ভ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আৰম্ভ কৰি হাউচিং কলনী, মন্দিৰৰ চৌহদ, কমপ্লেক্স, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, ফাৰ্মাচীলৈকে সকলোতে এতিয়া কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

প্ৰথম অৱস্থাত ফাঁচিবজাৰৰ মুঙৰু চাহানী নামৰ লোক এজনৰ দেহৰ পৰা প্ৰায় ১৫ গৰাকী লোকৰ দেহলৈ মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছিল।

শেতীয়াকৈ কালি ভঙাগড়ৰ ৰূপনগৰস্থিত ৰূপালী পথত ১১ মহীয়া শিশু কোভিড-১৯ পজিটিভ ওলোৱাৰ পাছতে এতিয়া উক্ত অঞ্চলত চাঞ্চল্য তথা আতংকই বিৰাজ কৰিছে।

কিয়নো ৰাজস্থানৰ পৰা আহি ৩ জুনত গুৱাহাটীত উপস্থিত হৈ পৰিয়ালৰ সৈতে হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে সেই মহলাৰে শিশুটিৰ আত্মীয় এগৰাকীয়ে বহু ছাত্ৰ-ছাত্ৰীক উক্ত অঞ্চলত টিউচন কৰাই আহিছিল।

ইয়াকে লৈ এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।

ইয়াৰোপৰি, মালিগাওঁৰ নেতাজী বিদ্যাপীঠ আশ্ৰয় শিবিৰত থকা অনিল চন্দ্ৰ ৰায় নামৰ 8th APBN ৰ আৰক্ষী জোৱানজনৰ দেহত বৃহস্পতিবাৰে ধৰা পৰিছিল কোভিড-১৯ পজিটিভ।

তেওঁ এমাহ পূৰ্বে বঙাইগাওঁ অভয়াপুৰীৰ পৰা গুৱাহাটীত কৰ্তব্য পালনৰ বাবে আহিছিল আৰু তেওঁৰ সৈতে নেতাজী বিদ্যাপীঠত প্ৰায় ৭০ গৰাকী জোৱান আছিল। ইতিমধ্যে বিদ্যালয়খনক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

ইপিনে, যোৱানিশা জিএমচিএইচৰ তিনিগৰাকী চিকিৎসকৰ দেহতো একেলগে ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

সেইদৰে মালিগাওঁৰ গো-শালাত স্বপ্না বৰুৱা নামৰ এগৰাকী কোভিড আক্ৰান্ত মহিলাৰ পৰাও প্ৰায় ৫ গৰাকী লোকলৈ সংক্ৰমণ হোৱা বুলি খবৰ পোৱা গৈছে।

ইয়াৰোপৰি, পানবজাৰৰ জৈন ফাৰ্মা নামৰ ঔষধৰ বিপনীৰ কৰ্মচাৰী প্ৰদীপ শর্মা আৰু ৰাজু শ্বাহ, উলুবাৰীৰ লাচিত নগৰ হনুমান মন্দিৰৰ মূল পুৰোহিত, বামুণীমৈদামৰ শুভ্ৰজিৎ সুত্ৰধৰ আৰু ফাঁচিবজাৰৰ ৰাধু কৰ্মকাৰ মাৰাত্মক কোভিড-১৯ত আক্ৰান্ত হৈছে।

লক্ষণীয় কথা যে, ওপৰত উল্লেখিত আটাইকেইগৰাকী লোকৰ কাৰোৰে ভ্ৰমণ বৃত্তান্ত নাই।

তাৎপয্যপূৰ্ণভাৱে গুৱাহাটীত দৈনিক বৃদ্ধি পাইছে কন্টেইমেন্ট জ’নৰ সংখ্যা। মহানগৰীত বৰ্তমানলৈকে ৬৭ টা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে যদিও বৰ্তমান ৪৪ টা সক্ৰিয় হৈ আছে।

কালি নতুনকৈ ১৪ টা কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

ইপিনে, এই সমগ্ৰ বিষয়ক লৈ এতিয়া দিশহাৰা হৈছে গুৱাহাটীবাসী।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমাৰ সাংবাদিকৰ আগত প্ৰশান্ত বৰ্মণ নামৰ সমাজ সচেতক লোক এজনে কয়, ‘গণ সংক্ৰমণৰ ঘটনাৰ বাবে আমি অতিকৈ ভীতিগ্ৰস্ত। যিকোনো মুহূৰ্তত গণ সংক্ৰমণ হ’ব পাৰে। অতি সোনকালে গণ জাগৰণ এটা সৃষ্টি কৰিবলৈ চৰকাৰক আহ্বান জনাইছো।‘

তেওঁ লগতে কয়, ‘পদপথৰ ব্যৱসায়ী নাইবা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ স্বাব টেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে।একোটা একোটা অঞ্চল বাছি লৈ ঘৰে ঘৰে গৈ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে।‘

আনহাতে, হীতেন দত্ত নামৰ আন এগৰাকী লোকে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ইয়াক লৈ মহানগৰবাসীৰ মাজত নতুন কিছুমান সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। লকডাউন বা সামাজিক দূৰত্ব মনাৰ পাছতো যদি ই গণ সংক্ৰমণলৈ আহিব পাৰিছে গতিকে চৰকাৰে নতুন কিছু চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে।‘

‘কোভিড বিৰোধী যোদ্ধাসকলক লৈ এখন বিশেষজ্ঞ কমিটিৰ দ্বাৰা বিকল্প চিন্তা বা ব্যৱস্থা কৰিব লাগে। যাতে গণ সংক্ৰমণৰ পৰা মহানগৰবাসীক ৰক্ষা কৰিব পৰা যায়। সস্তীয়া চিন্তা কৰি লাভ নাই।‘ এইদৰে কয় দত্তই।

ইয়াৰোপৰি, হোম কোৱাৰেন্টাইনৰ ক্ষেত্ৰত প্ৰশাসনে সোপাঢিলা নীতি লোৱা বুলি অভিযোগ তুলি দত্তই কয়, ‘খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে। চৰকাৰৰ নীতিটোও তেনে যেন লগা হৈছে। যোৱা শণিবাৰে নাগৰিক সমবায় বেংকৰ কৰ্মচাৰী কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল। কিন্তু তাৰ পাছতো প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা নল’লে। বেংকৰ তলৰ মহলাৰো দোকান-পোহাৰ খোলা ৰাখিলে বা বিল্ডিঙটোও ছীল নকৰিলে।‘

ইপিনে, ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ বাবে ‘দ্বিতীয় মুম্বাইৰ দিশে নেকি গুৱাহাটী?’ এই প্ৰশ্নও উদয় হৈছে মহানগৰীত।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd