• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান!! দীপাৱলীত ফটকা ফুটাওঁতে সংযত নহ’লে ৰোষত পৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ

ফটকা সম্পূৰ্ণ নিষিদ্ধ কৰিবলৈ অসন্মতি উচ্চতম ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 24, 2018 11:16 am

2 min read

Diwali
494
VIEWS
Share on FacebookShare on Twitter

দীপাৱলীৰ সময়ত ফটকা ফুটাওঁতে সাৱধান নহ’লে আইনী বিপদত পৰিব পাৰে উৎসৱৰ আনন্দত মতলীয়াসকল। যদিও ৰাজ্য চৰকাৰে এই পৰ্য্যন্ত একো স্থিতি প্ৰকাশ কৰা নাই, ২৩ অক্টোবৰত এটা গুৰুত্বপূৰ্ণ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে দীপাৱলীত কেৱল ৰাতি ৮ বজাৰ পৰা ১০ বজালৈকেহে ফটকা ফুটাব পাৰিব।

একাংশ লোকে দীপাৱলীত অবিবেচনাৰে অতি মাত্ৰা ফটকা ফুটাই পৰিৱেশ প্ৰদূষণ আৰু শব্দৰ প্ৰদূষণ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে এই ধৰণৰ কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰে।

এই সন্দৰ্ভত এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এ কে ছিক্ৰি আৰু অশোক ভূষণৰ দুজনীয়া পীঠে কয় যে দীপাৱলীৰ দৰে উৎসৱসমূহত কেৱল দুঘণ্টাহে আতচবাজি ফুটাব পাৰিব। ৰায়টোত দীপাৱলীত আতচবাজি ফুটোৱাৰ সময় ৰাতি ৮ বজাৰ পৰা ১০ বজালৈ ধৰি কয় যে কোনো অঞ্চলত এই নিয়ম উলংঘা হ’লে তাৰ বাবে দায়ী হ’ব সংশ্লিষ্ট অঞ্চলটো যি আৰক্ষী থানাৰ অধীনত পৰে তাৰ ভাৰপ্ৰাপ্ত বিষয়াজন।

আনহাতে ফটকাৰ অনলাইন বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰে ন্যায়ালয়ৰ বিচাৰপীঠখনে। ফলত অনলাইন বিক্ৰীৰ বাবে অনুমতি দিবলৈ আৱেদন কৰা ৱেবছাইটবোৰৰ কৰ্তৃপক্ষসমূহ হতাশ হয়।

অৱশ্যে আৱেদনত দাবী কৰা মতে, ফটকা ফুটোৱা আৰু উৎপাদন সম্পূৰ্ণ নিষিদ্ধ কৰিবলৈ অস্বীকাৰ কৰে বিচাৰপীঠখনে। গ্ৰীন ক্ৰেকাৰ্ছ, অৰ্থাৎ কম প্ৰদূষণকাৰী ফটকা উৎপাদনত কোনো বাধা আৰোপ কৰাৰ পৰা বিৰত থাকিল ন্যায়ালয়। ফলত দেশৰ বৃহৎ ফটকা উদ্যোগবোৰৰ লগতে অসমৰ বৰপেটাৰ ফটকা উদ্যোগেও সকাহ পালে।

উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰত গোটেই দেশজুৰি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ’ব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd