• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 11:35 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লৰ্ডছত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত জয়লাভ কৰাৰ পিছতে কেমেৰাবোৰে তেওঁলোকক অনুসৰণ কৰিছিল। প্ৰথমগৰাকী হ’ল টেম্বা বাভুমা। ২৭ বছৰৰ মূৰত আই চি চিৰ ট্ৰফী জয় কৰিবলৈ দলটোক নেতৃত্ব দিয়াৰ পিছতো তেওঁ শান্ত আছিল। লৰ্ডছৰ বেলকনিত বহি হাত চাপৰি বজাই আছে। তেওঁ তেতিয়াও বাকীবোৰৰ উত্তেজনাত যোগদান কৰা নাই।

আনগৰাকী ফিলা লোবি। দক্ষিণ আফ্ৰিকাৰ আন ক্ৰিকেটাৰৰ পত্নী আৰু প্ৰেমিকাৰ সৈতে তেওঁ গেলেৰীত বহি আছে। স্বামীৰ এই সাফল্যত তেওঁ চকুপানী ধৰিব পৰা নাই। তেওঁ এজন এজনকৈ সকলোকে সাৱটি ধৰিছে। স্বামী বাভুমাই নিজৰ আৱেগক ধৰি ৰাখিলেও লোবিয়ে নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে। স্বামীৰ এই সফলতাৰ আঁৰত যে তেওঁৱো আছে।

Apply Now

চাৰি বছৰ ধৰি সম্পৰ্কত থকাৰ পিছত ২০১৮ চনত বাভুমা আৰু লোবিৰ বিবাহ হয়। ২৬ আগষ্টত ৱেষ্টাৰ্ণ কেপৰ ফ্ৰান্সশ্ব’কত দুয়ো বিবাহপাশত আবদ্ধ হয়। ২০২৩ চনত তেওঁলোকৰ এজন পুত্ৰসন্তান জন্ম হয়। তাৰ নাম লিহলে। সেই শিশুটিও লৰ্ডছত আছিল। বাভুমাই ট্ৰফী জিকি নিজৰ সন্তানক হাতত ধৰি খেলপথাৰত ঘূৰি ফুৰিছিল। সেই ছবিখনে ক্ৰিকেটৰ কেনভাছত নিজৰ স্থান দখল কৰিছে।

লোবি এগৰাকী সফল ব্যৱসায়ী। তেওঁৰ ‘লবি প্ৰপাৰ্টিজ’ নামৰ এটা ৰিয়েল এষ্টেট কোম্পানী আছে। ২০১৬ চনত তেওঁ এই কোম্পানীটো আৰম্ভ কৰিছিল। এই কোম্পানীটোৱে মূলতঃ জোহান্সবাৰ্গ আৰু কেপ টাউনত বিলাসী সম্পত্তি বিক্ৰী কৰে।

ব্যৱসায়ৰ লগতে তেওঁ এজন সমাজসেৱিকাও। ২০১৮ চনত তেওঁ অনাথ আৰু অভাৱগ্ৰস্ত শিশুৰ বাবে কাম কৰা ‘ফিলা লোবি ফাউণ্ডেশ্যন’ প্ৰতিষ্ঠা কৰে। লোবিয়ে ফাইনেন্স এণ্ড ৰিয়েল এষ্টেটত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে ব্যৱসায়ত নামে।

লোবি সদায় বাভুমাৰ বাবে ঢাল হৈ আহিছে। জাতীয় দলত অভিষেক ঘটোৱাৰ পাছত বাভুমাক বাৰে বাৰে সমালোচনা কৰা হৈছে। ছ’চিয়েল মিডিয়াত তেওঁৰ বিষয়ে এটাৰ পিছত এটাকৈ মিম ওলাইছে। লোবিয়ে তেওঁক ছ’চিয়েল মিডিয়ালৈ নাচাবলৈ পৰামৰ্শ দিয়ে। কাৰো কথা নুশুনিবলৈ কয়। মাত্ৰ তেওঁ খেলত মনোনিৱেশ কৰক।

পত্নীৰ কথা শুনি বাভুমাইও তেনেকুৱা কৰিলে। পৰিয়ালৰ কোনো দিশত তেওঁ গুৰুত্ব দিব লগা নাছিল। বাভুমাই নিজেও কিছুমান সাক্ষাৎকাৰত লোবিৰ অৱদানৰ কথা কৈছে। দক্ষিণ আফ্ৰিকাৰ অধিনায়কগৰাকীয়ে স্বীকাৰ কৰিছে যে লোবিৰ বাবেই তেওঁ ক্ৰিকেটৰ বাহিৰে আন একোতে মনোনিৱেশ কৰিব লগা হোৱা নাছিল।

নিজৰ ব্যৱসায় চম্ভালাৰ পিছতো লোবিয়ে বাভুমাৰ বাবে খেলপথাৰলৈ গৈছিল। তেওঁ গেলেৰীত বহি স্বামীক সমৰ্থন কৰিছিল। শনিবাৰে যেতিয়া দক্ষিণ আফ্ৰিকাই টেষ্ট বিশ্বকাপ জয় কৰিছিল তেতিয়া লোবিয়ে হয়তো পুৰণি দিনবোৰ মনত পেলাইছিল। সেইবাবেই চাগে তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাছিল। স্বামীৰ এই কৃতিত্বত চকুলো ওলাই আহিছিল।

কিন্তু সফলতাৰ আনন্দতেই সেয়া হৈছিল। ইমান দিনে তেওঁৰ কষ্ট আৰু ত্যাগে ফল দিছে। সেয়ে তেওঁ চকুলো টুকিলেও তেওঁৰ মুখৰ উজ্জ্বল হাঁহিটো মাৰ যোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd