• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কিশোৰ-কিশোৰীৰ মাজৰ শাৰীৰিক সম্পৰ্কক এতিয়াৰে পৰা ধৰ্ষণ হিচাপে গণ্য কৰা নহয়! আহি আছে নতুন ৰোমিঅ’-জুলিয়েট আইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 8:04 pm
144
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন সম্পৰ্কক লৈ সমগ্ৰ বিশ্বতে আজিও বহুতো সামাজিক বাধা বা ধাৰণা আছে। আজিকালি লিভ-ইন সম্পৰ্কই ধৰ্ষণৰ আইনত বহুতো জটিলতাৰ সৃষ্টি কৰিছে। এনে অৱস্থাত হিমালয়ৰ দেশ নেপালে এক বৈপ্লৱিক সিদ্ধান্ত ল’বলৈ গৈ আছে। দেশখনে এখন নতুন আইন আনি কিশোৰ-কিশোৰীৰ মাজত পাৰস্পৰিক সন্মতিত হোৱা শাৰীৰিক সম্পৰ্কক মান্যতা দিবলৈ ওলাইছে। এই কথা পোহৰলৈ অহাৰ পিছতে এতিয়া চাৰিওফালে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

নেপালৰ বৰ্তমানৰ আইন অনুসৰি ১৮ বছৰৰ তলৰ যিকোনো কিশোৰ বা কিশোৰীৰ মাজত হোৱা যিকোনো ধৰণৰ শাৰীৰিক সম্পৰ্কক ধৰ্ষণ হিচাপে গণ্য কৰা হয়। ইয়াত পাৰস্পৰিক সন্মতিক কোনো গুৰুত্ব দিয়া নহয়। সন্মতি থাকক বা নাথাকক, নাবালকৰ শাৰীৰিক সম্পৰ্কক আইনমতে ধৰ্ষণ বুলিয়েই ধৰা হয়। আনহাতে, নেপালত বিয়াৰ আইনী বয়স হৈছে ২০ বছৰ। দেশখনৰ যুৱ সমাজে বহুবাৰ প্ৰশ্ন উত্থাপন কৰিছে যে যদি ১৮ বা ১৯ বছৰ বয়সত শাৰীৰিক সম্পৰ্কৰ বাবে আইনগত সন্মতি থাকে, তেন্তে সেই বয়সত বিবাহৰ বাবে কিয় বাধা থাকিব? এতিয়া এই সকলোবোৰ জটিলতাৰ অন্ত পৰিব বুলি ভবা হৈছে।

Apply Now

জেন-জি বিপ্লৱৰ জৰিয়তে ক্ষমতালৈ অহা নেপালৰ সবাতোকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে এই ঐতিহাসিক আইনখন কাৰ্যকৰী কৰিবলৈ ওলাইছে। তেওঁৰ চৰকাৰে সমবয়সীয়া কিশোৰ-কিশোৰীৰ মাজত সন্মতিসাপেক্ষে হোৱা শাৰীৰিক সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰিব নিবিচাৰে। ফলস্বৰূপে, আইনখনত একেলগে দুটা সংশোধনী হ’বলৈ গৈ আছে। প্ৰথমতে, পাৰস্পৰিক সন্মতিত কিশোৰ-কিশোৰীৰ মাজত হোৱা শাৰীৰিক সম্পৰ্কক আৰু ধৰ্ষণ বুলি ধৰা নহ’ব। দ্বিতীয়তে, আইনী বিবাহৰ বয়স ২০ বছৰৰ পৰা কমাই ১৮ বছৰ কৰা হ’ব।

ইতিমধ্যে আইন, বিচাৰ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত গঠন কৰা এখন টাস্ক ফ’ৰ্চে উচ্চতম ন্যায়ালয় আৰু আইন বিশেষজ্ঞসকলৰ মতামতৰ ভিত্তিত দুয়োটা সংশোধনী প্ৰস্তুত কৰি উলিয়াইছে। বৰ্তমান মন্ত্ৰীসভাই এই বিষয়টো পৰ্যালোচনা কৰি আছে। নতুন ধাৰাটোৰ প্ৰস্তাৱিত নাম দিয়া হৈছে ৰোমিঅ’-জুলিয়েট। এই ধাৰা অনুসৰি, যদি সম্পৰ্কত জড়িত দুয়োখন পক্ষৰ বয়স ১৬ ৰ পৰা ১৮ বছৰৰ ভিতৰত হয়, তেন্তে তেওঁলোকৰ পাৰস্পৰিক সন্মতিক আইনী স্বীকৃতি দিয়া হ’ব।

অৱশ্যে প্ৰস্তাৱনাত এই কথাও স্পষ্টকৈ উল্লেখ কৰা হৈছে যে নতুন আইনখনৰ অৰ্থ এইটো নহয় যে যিকোনো শাৰীৰিক সম্পৰ্কতেই ৰেহাই পোৱা যাব। যদি কোনো পক্ষক জোৰ-জুলুম কৰি, ব্লেকমেইল কৰি, ক্ষমতাৰ অপপ্ৰয়োগ কৰি বা আৰ্থিক লেনদেনৰ জৰিয়তে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা হয়, তেন্তে সেয়া অপৰাধ বুলিয়েই গণ্য কৰা হ’ব। নতুন চৰকাৰখন এই আইনৰ সপক্ষে থাকিলেও পুৰণি চিন্তাধাৰাৰ লোকসকলে এই বিষয়টোক সহজভাৱে লোৱা নাই। তেওঁলোকে এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd