• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ্বংসৰ দিশে দীপৰ বিল; বনভোজৰ নামত প্ৰদূষিত বিলৰ পানী

ভৱেশ মেধি by ভৱেশ মেধি
January 13, 2019 1:25 pm
Deepar Beel

দীপৰ বিলত বনভোজৰ দলৰ তম্বুৰ দৃশ্য।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কিছুদিন ধৰি দীপৰ বিলৰ দাঁতিত ব্যাপকভাৱে বনভোজ আয়োজনক কেন্দ্ৰ কৰি বিলখনৰ পানী দূষিত হৈ পৰাৰ লগতে বিলত পৰিভ্ৰমী চৰাইৰ আগমনত বাধাৰ সৃষ্টি হৈছে। পামহীৰ দিশত থকা বিলখনৰ পাৰত একাংশ লোকে বনভোজ আয়োজনৰ নামত ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ পোৱা গৈছে।

একাংশ স্থানীয় প্ৰকৃতিপ্ৰেমী লোকে জনায় যে বিলখনৰ পাৰত একাংশ লোকে তম্বু টানি বনভোজ আয়োজনৰ বাবে বনভোজ দলৰ পৰা ৫০০ টকাৰ পৰা ১০০০ টকা আদায় কৰি আছে। বিলৰ পাৰত এনেধৰণে নিৰ্মাণ কৰা তম্বুত বনভোজ খাবলৈ অহা দলে বিলৰ পানী প্ৰদূষিত কৰাৰ লগতে উচ্চ গ্ৰামত সংগীত বজাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে। বনভোজৰ দলে বিলৰ পাৰত পেলায় যোৱা থাৰ্ম’কল, প্লাষ্টিকৰ প্লেট, গ্লাছবোৰে বিলৰ পানী প্ৰদূষিত কৰাৰ লগতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে। ইপিনে, বিলত এইবাৰ মুকলিকৈ মানুহে নাও লৈ মাছ মাৰি থকা দেখিবলৈ পোৱা গৈছে। বিলত চলি থকা এই ধৰণৰ অবৈধ কাৰ্যকলাপে বিলৰ পানী মাজে মাজে ক’লা কৰি পেলোৱা দেখা গৈছে।

Apply Now

বিলৰ ওচৰত বসবাস কৰা একাংশ জনজাতীয় লোকে জনায় যে এইবাৰ বিলত পৰিভ্ৰমী চৰাই কমকৈ দেখিছে। স্থানীয় বাসিন্দা লক্ষণ টেৰণে জনায় যে ডিচেম্বৰৰ আৰম্ভণিৰ পৰা বিলত পৰিভ্ৰমী চৰাইৰ সমাগম হয়। কিন্তু এইবাৰ বিলৰ পাৰত ব্যাপকভাৱে আৰম্ভ হোৱা বনভোজে পৰিভ্ৰমী চৰাইৰ আগমনত বাধাৰ সৃষ্টি কৰিছে। কিন্তু বনভোজস্থলীত এই নিৰ্দেশ ভংগ কৰা দেখা গৈছে যদিও এইক্ষেত্ৰত বন বিভাগ আৰু জিলা প্ৰশাসনে চকুমুদা কুলিৰ ভাও জুৰি থকাহে দেখা যায়।

২০০২ চনতে ৰামচৰ স্থান হিচাপে স্বীকৃতি পোৱা দীপৰ বিললৈ শীতৰ সময়ত ৭০ বিধতকৈ অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে। কিন্তু কিছু বছৰৰ পৰা পৰিভ্ৰমী চৰাইৰ সংখ্যা কমি আহিছে। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ শেহতীয়া অধ্যয়ন মতে, বিলখনত ব্যাপকভাৱে বেদখল হোৱাৰ লগতে প্ৰদূষিত হৈ আহিছে। তথ্য মতে, বিলখনৰ ১৪.১ শতাংশ ভূমি বেদখল হৈছে। শেহতীয়াভাৱে বিলখনৰ চৌপাশে চিমেণ্ট নিৰ্মাণ কৰা উদ্যোগ আৰু শিলভঙা উদ্যোগ আদি বিভিন্ন প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ গঢ়ি উঠাৰ ফলত বিলখন ভয়ানকভাৱে প্ৰদূষণৰ গ্ৰাসত পৰিছে।

মন কৰিবলগীয়া যে বিলৰ বহু চৰকাৰী ভূমি একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু উদ্যোগপতিয়ে ক্ষমতা আৰু ধনৰ বলত ম্যাদী কৰি আহিছে। যাৰ বাবে ২০০৮ চনতে ভাৰত চৰকাৰৰ পৰিকল্পনা আয়োগৰ এটা অধ্যয়নকাৰী দলে বিলৰ ভূমি সংকোচিত হৈ পৰা বুলি প্ৰতিবেদন দিছিল। লগতে বিলখন সংৰক্ষণ আৰু বিলখনৰ জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে বিলখনৰ সীমা নিৰ্ধাৰণ কৰি বেৰ দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশ আজি ১০ বছৰে কাৰ্যকৰী নহ’ল। অৱশ্যে আয়োগৰ নিৰ্দেশত ৪ বছৰ পিছত অৰ্থাৎ ২০১১-১২ চনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই দীপৰ বিল সংৰক্ষণ কৰাৰ বাবে কেইবা কোটি টকা নিৰ্ধাৰণ কৰি বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল। কিন্তু প্ৰতিবেদন এতিয়াও ফাইলতে আছে।

ইপিনে, ২০১৭ চনতে ৰাজ্য চৰকাৰে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত দীপৰ বিল সংৰক্ষণৰ বাবে ২৫০ কোটি টকা অনুমোদন দিছিল। কিন্তু আজিলৈকে দীপৰ বিল সংৰক্ষণৰ কাম আৰম্ভ কৰা দূৰৈৰ কথা, বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হোৱা নাই। ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ চৰম দায়িত্বজ্ঞানহীনতা, দুৰ্নীতি আৰু অৱহেলাৰ বাবে গুৱাহাটীৰ দীপৰ বিল ধ্বংসৰ গৰাহলৈ গতি কৰিছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd