• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সুদীৰ্ঘ তিনি বছৰৰ মূৰত এল ক্লাছিক’ত উৰিল বাৰ্চিলোনাৰ বিজয় ধ্বজা: বিধ্বস্ত ৰিয়েল মাদ্ৰিদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2022 10:53 am
El Clasico
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল মানেই উন্মাদনা, ফুটবল মানেই ৰোমাঞ্চ। তাতে যদি সেই ফুটবল মেচখন এল ক্লাছিক’ হয়! হয়, এল ক্লাছিক’ৰ সেই আগৰ উন্মাদনা নাই।এল ক্লাছিক’ৰ দুই মূল আকৰ্ষণ মেছি-ৰোনাল্ডোৰ লগতে নাই জাভি-ইনিয়েষ্টাৰ মিডশক্তি, ৰাম’ছ-ভাৰানে-পুয়লৰ অভেদ্য দ্বাৰ, কেছিলাছৰ সেই উৰণীয়া চেভ!

তথাপি ফুটবল প্ৰেমীয়ে আগ্ৰহেৰে বাট চাই এল ক্লাছিক’ৰ বাবে, ক্লাৱ ফুটবলৰ দুই মহাশক্তিধৰ ৰিয়েল মাদ্ৰিদ-বাৰ্চিলোনাৰ যুঁজৰ বাবে।

Apply Now

প্ৰায়বোৰ তাৰকাৰ বিদায়ৰ পিছতে দুৰ্বল হৈ পৰা বাৰ্চিলোনাৰ শেহতীয়া কিছু প্ৰদৰ্শনে নিৰাশ কৰিছিল দলটোৰ অনুৰাগী সকলক। দুৰ্বল দলসমূহৰ বিৰুদ্ধেও পৰাস্ত হোৱাৰ পিছত আশাহত হৈছিল ক্লাৱটোৰ অনুৰাগী।

তাৰ পিছতেই দলৰ ত্ৰানকৰ্তাৰ ৰূপত আৱিৰ্ভাব ঘটিল দলৰে প্ৰাক্তন তাৰকা জাভি হাৰ্নান্দেজৰ। কান্ধত ল’লে প্ৰশিক্ষকৰ দায়িত্ব। নতুনকৈ দললৈ আনিলে কেইবাজনো তাৰকাক। গঢ়ি তুলিলে নতুন দল।

বিশেষকৈ কেইবাজনো উদীয়মান প্ৰতিভা সম্পন্ন তাৰকাৰ সৃষ্টিৰে পুনৰুজ্জীৱিত কৰিলে বাৰ্চিলোনাক। ইয়াৰ পিছতে চমকপ্ৰদ প্ৰদৰ্শনেৰে ঘূৰি আহিল ক্লাছিক বাৰ্চিলোনা। ষ্টেডিয়ামত আকৌ মুখৰিত হ’ল ‘Forca Barca’।

এই প্ৰদৰ্শন অটুট ৰাখি এইবাৰ বাৰ্চাই সুদীৰ্ঘ তিনি বছৰৰ মূৰত এল ক্লাছিক’ত উৰুৱালে বিজয় ধ্বজা। ৪-০ গলৰ ব্যৱধানত বিধ্বস্ত কৰিলে চিৰবৈৰী ৰিয়েল মাদ্ৰিদক।

মাদ্ৰিদৰ ঘৰুৱা ষ্টেডিয়াম ছান্টিয়াগো বেৰ্নাবেউতে মষিমূৰ কৰিলে মাদ্ৰিদৰ দম্ভ। বাৰ্চিলোনাৰ এই বৃহৎ জয়ৰ মূলতে আছিল দলৰ ষ্টাইকাৰ অ’বামেয়াং।

খেলৰ ২৯ মিনিটত সোঁফালৰ পৰা ডেম্বেলেই আগবঢ়াই দিয়া এটা ক্ৰছত দৰ্শনীয় হেডিঙেৰে ৰিয়েলৰ নেটত প্ৰথম আঘাত হানে অ’বামেয়াঙে। তাৰ পাছতেই বৃদ্ধি পায় বাৰ্চিলোনাৰ ধাৰাবাহিক আক্ৰমণ।

প্ৰথমাৰ্দ্ধৰ ৩৮ মিনিটত ৰিয়েলৰ গলপোষ্টত দ্বিতীয়টো গল কাৰ্যকৰী কৰে বাৰ্চাই। সোঁফালৰ পৰা ডেম্বেলেই লোৱা এটা কৰ্ণাৰ কিকত নিখুঁত হেডিঙেৰে বল নেটলৈ ঠেলি বাৰ্চিলোনাক দ্বিতীয় গলৰ অগ্ৰগতি দিয়ে ৰ’নাল্ড আৰাওজ’ৱে।

দ্বিতীয়াৰ্ধৰ দ্বিতীয় মিনিটতে আকৌ গলৰ সোৱাদ পায় বাৰ্চাই। ৰিয়েলৰ গলবক্সৰ ভিতৰত অ’বামেয়াঙে চতুৰতাৰে আগবঢ়াই দিয়া পাছক গললৈ ৰুপান্তৰিত কৰে ফেৰান টৰেছে।

পুনৰ খেলৰ ৫১ মিনিটত ব্যক্তিগত দ্বিতীয়টো গলেৰে বাৰ্চিলোনাৰ অগ্ৰগতি ৪-০ লৈ বৃদ্ধি কৰে অ’বামেয়াঙে। টৰেছৰ পৰা লাভ কৰা পাছ মাদ্ৰিদৰ নেটলৈ ঠেলি গলৰ ৰূপ দিয়ে অ’বামেয়াঙে।

প্ৰথমে এই গলটোক অফচাইদ ঘোষণা কৰা হয় যদিও পিছত VAR ৰ সিদ্ধান্ত মৰ্মে গলৰ স্বীকৃতি দিয়া হয়।

ইয়াৰ পিছতো আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে দুয়ো দলেই দৰ্শনীয় খেল প্ৰদৰ্শন কৰে যদিও গল স্ক’ৰ কৰাত বিফল হয়।

বাৰ্চিলোনাই এই জয়েৰে ৫৪ পইণ্টেৰে লা-লীগাৰ পইণ্ট টেবুলত তৃতীয় স্থান অক্ষুন্ন ৰাখে। আনহাতে পৰাস্ত হ’লেও ৬৬ পইণ্টেৰে শীৰ্ষ স্থান অব্যাহত আছে ৰিয়েল মাদ্ৰিদৰ। ৫৭ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ছেভিলা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd