DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

সুদীৰ্ঘ তিনি বছৰৰ মূৰত এল ক্লাছিক’ত উৰিল বাৰ্চিলোনাৰ বিজয় ধ্বজা: বিধ্বস্ত ৰিয়েল মাদ্ৰিদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2022 10:53 am
El Clasico
152
VIEWS
Share on FacebookShare on Twitter

ফুটবল মানেই উন্মাদনা, ফুটবল মানেই ৰোমাঞ্চ। তাতে যদি সেই ফুটবল মেচখন এল ক্লাছিক’ হয়! হয়, এল ক্লাছিক’ৰ সেই আগৰ উন্মাদনা নাই।এল ক্লাছিক’ৰ দুই মূল আকৰ্ষণ মেছি-ৰোনাল্ডোৰ লগতে নাই জাভি-ইনিয়েষ্টাৰ মিডশক্তি, ৰাম’ছ-ভাৰানে-পুয়লৰ অভেদ্য দ্বাৰ, কেছিলাছৰ সেই উৰণীয়া চেভ!

তথাপি ফুটবল প্ৰেমীয়ে আগ্ৰহেৰে বাট চাই এল ক্লাছিক’ৰ বাবে, ক্লাৱ ফুটবলৰ দুই মহাশক্তিধৰ ৰিয়েল মাদ্ৰিদ-বাৰ্চিলোনাৰ যুঁজৰ বাবে।

প্ৰায়বোৰ তাৰকাৰ বিদায়ৰ পিছতে দুৰ্বল হৈ পৰা বাৰ্চিলোনাৰ শেহতীয়া কিছু প্ৰদৰ্শনে নিৰাশ কৰিছিল দলটোৰ অনুৰাগী সকলক। দুৰ্বল দলসমূহৰ বিৰুদ্ধেও পৰাস্ত হোৱাৰ পিছত আশাহত হৈছিল ক্লাৱটোৰ অনুৰাগী।

তাৰ পিছতেই দলৰ ত্ৰানকৰ্তাৰ ৰূপত আৱিৰ্ভাব ঘটিল দলৰে প্ৰাক্তন তাৰকা জাভি হাৰ্নান্দেজৰ। কান্ধত ল’লে প্ৰশিক্ষকৰ দায়িত্ব। নতুনকৈ দললৈ আনিলে কেইবাজনো তাৰকাক। গঢ়ি তুলিলে নতুন দল।

বিশেষকৈ কেইবাজনো উদীয়মান প্ৰতিভা সম্পন্ন তাৰকাৰ সৃষ্টিৰে পুনৰুজ্জীৱিত কৰিলে বাৰ্চিলোনাক। ইয়াৰ পিছতে চমকপ্ৰদ প্ৰদৰ্শনেৰে ঘূৰি আহিল ক্লাছিক বাৰ্চিলোনা। ষ্টেডিয়ামত আকৌ মুখৰিত হ’ল ‘Forca Barca’।

এই প্ৰদৰ্শন অটুট ৰাখি এইবাৰ বাৰ্চাই সুদীৰ্ঘ তিনি বছৰৰ মূৰত এল ক্লাছিক’ত উৰুৱালে বিজয় ধ্বজা। ৪-০ গলৰ ব্যৱধানত বিধ্বস্ত কৰিলে চিৰবৈৰী ৰিয়েল মাদ্ৰিদক।

মাদ্ৰিদৰ ঘৰুৱা ষ্টেডিয়াম ছান্টিয়াগো বেৰ্নাবেউতে মষিমূৰ কৰিলে মাদ্ৰিদৰ দম্ভ। বাৰ্চিলোনাৰ এই বৃহৎ জয়ৰ মূলতে আছিল দলৰ ষ্টাইকাৰ অ’বামেয়াং।

খেলৰ ২৯ মিনিটত সোঁফালৰ পৰা ডেম্বেলেই আগবঢ়াই দিয়া এটা ক্ৰছত দৰ্শনীয় হেডিঙেৰে ৰিয়েলৰ নেটত প্ৰথম আঘাত হানে অ’বামেয়াঙে। তাৰ পাছতেই বৃদ্ধি পায় বাৰ্চিলোনাৰ ধাৰাবাহিক আক্ৰমণ।

প্ৰথমাৰ্দ্ধৰ ৩৮ মিনিটত ৰিয়েলৰ গলপোষ্টত দ্বিতীয়টো গল কাৰ্যকৰী কৰে বাৰ্চাই। সোঁফালৰ পৰা ডেম্বেলেই লোৱা এটা কৰ্ণাৰ কিকত নিখুঁত হেডিঙেৰে বল নেটলৈ ঠেলি বাৰ্চিলোনাক দ্বিতীয় গলৰ অগ্ৰগতি দিয়ে ৰ’নাল্ড আৰাওজ’ৱে।

দ্বিতীয়াৰ্ধৰ দ্বিতীয় মিনিটতে আকৌ গলৰ সোৱাদ পায় বাৰ্চাই। ৰিয়েলৰ গলবক্সৰ ভিতৰত অ’বামেয়াঙে চতুৰতাৰে আগবঢ়াই দিয়া পাছক গললৈ ৰুপান্তৰিত কৰে ফেৰান টৰেছে।

পুনৰ খেলৰ ৫১ মিনিটত ব্যক্তিগত দ্বিতীয়টো গলেৰে বাৰ্চিলোনাৰ অগ্ৰগতি ৪-০ লৈ বৃদ্ধি কৰে অ’বামেয়াঙে। টৰেছৰ পৰা লাভ কৰা পাছ মাদ্ৰিদৰ নেটলৈ ঠেলি গলৰ ৰূপ দিয়ে অ’বামেয়াঙে।

প্ৰথমে এই গলটোক অফচাইদ ঘোষণা কৰা হয় যদিও পিছত VAR ৰ সিদ্ধান্ত মৰ্মে গলৰ স্বীকৃতি দিয়া হয়।

ইয়াৰ পিছতো আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে দুয়ো দলেই দৰ্শনীয় খেল প্ৰদৰ্শন কৰে যদিও গল স্ক’ৰ কৰাত বিফল হয়।

বাৰ্চিলোনাই এই জয়েৰে ৫৪ পইণ্টেৰে লা-লীগাৰ পইণ্ট টেবুলত তৃতীয় স্থান অক্ষুন্ন ৰাখে। আনহাতে পৰাস্ত হ’লেও ৬৬ পইণ্টেৰে শীৰ্ষ স্থান অব্যাহত আছে ৰিয়েল মাদ্ৰিদৰ। ৫৭ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ছেভিলা।

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd