• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ASFত মৃত্যু হোৱা গাহৰিৰ চৰকাৰী তথ্য বিভ্ৰাট! : ক্ষতিপূৰণ লাভ নকৰাৰ আশংকাত ভুগিছে থলুৱা গাহৰি পালকে

হিৰণ্য বৰ্মন by হিৰণ্য বৰ্মন
October 5, 2020 9:13 pm
Pigs
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকান ছোৱাইন ফেভাৰ(ASF)ত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিৰ বিপৰীতে ব্যৱসায়িক ভিত্তিত গাহৰি পালন কৰা থলুৱা গাহৰি পালকসকলে লাভ কৰিব লগীয়া চৰকাৰী ক্ষতিপূৰণ লাভ নকৰাৰ আশংকাই দেখা দিছে।

উল্লেখ্য যে চলিত বৰ্ষৰ মে’ মাহৰ পৰা ধেমাজি, লখিমপুৰ, শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন জিলাত আফ্ৰিকান ছোৱাইন ফেভাৰ(ASF)ত আক্ৰান্ত হৈ বহু গাহৰি মৃত্যু হৈছিল।

Apply Now

ৰাজ্যত ASFত আক্ৰান্ত হৈ ১৮ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হোৱা বুলি ৰাজ্য চৰকাৰৰ পশু চিকিৎসা বিভাগে পূৰ্বতে ঘোষণা কৰিছিল যদিও এতিয়া চৰকাৰে সেই পৰিমাণ হ্ৰাস কৰি ১২ হাজাৰ কৰিছে বুলিও গাহৰি পালকসকলে অভিযোগ উত্থাপন কৰিছে।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ১২ হাজাৰ গাহৰিৰ বাবেহে ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।যাৰ ফলত ৰাজ্যৰ বহু থলুৱা গাহৰি পালকে চৰকাৰী ক্ষতিপূৰণৰ লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে।

ASFত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱাৰ ফলত ব্যৱসায়িক ভিত্তিত গাহৰি পালন কৰা বহু থলুৱা গাহৰি পালক যথেষ্ট পৰিমাণে আৰ্থিক লোকচানৰ সন্মুখীন হৈছিল।

এনেদৰে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিয়া হ’ব বুলি কথা ঘোষণা কৰিছিল। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত আৰু সচিব এছ জগনাথনে জনোৱা অনুসৰি পালকসকলৰ এই ক্ষতিপূৰণৰ ধন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৫০%কৈ বহন কৰিব।

কিন্তু ৰাজ্য চৰকাৰে এতিয়াও আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত এই থলুৱা গাহৰি পালকসকলক ক্ষতিপূৰণ দিয়াতো নায়ে বৰং ASFত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিৰ সংখ্যাৰ তথ্য চৰকাৰে হ্ৰাস কৰাৰ ফলত বহু থুলৱা গাহৰি পালকৰ জীৱনলৈ সংকট নামি অহাৰ আশংকাইহে দেখা দিছে।

ব্যৱসায়িক ভিত্তিক গাহিৰ পালন কৰা লখিমপুৰ জিলাৰ এজন গাহৰি পালক বিদৰ্ভ ৰাজখোৱাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে, “ক্ষতিপূৰণ লাভ কৰিম বুলি মই এতিয়াও নিশ্চিত নহয়। মই জানিব পৰা মতে ক্ষতিপূৰণৰ ৫০ শতাংশ কেন্দ্ৰীয় চৰকাৰে ধন ইতিমধ্যে আৱণ্টন দিছে। কিন্তু ৰাজ্য চৰকাৰ অংশ এতিয়াও আৱণ্টন দিয়া হোৱাই নাই। যাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো বিলম্ব হৈছে।”

উল্লেখ্য যে ৰাজখোৱাৰ লখিমপুৰৰ কদমত প্ৰায় ১ বিঘা মাটি জুৰি এখন গাহৰি ফাৰ্ম আছিল, য’ত ৩০৫ জনী ডুৰেক প্ৰজাতি গাহৰি আছিল। আফ্ৰিকান ছোৱাইন ফেভাৰত আক্ৰান্ত হৈ তেওঁৰ ফাৰ্মৰ ২৮০ জনীৰো অধিক গাহৰি মৃত্যু মুখত পৰে। বৰ্তমান মাত্ৰ ২৫ জনী গাহৰি থকা ৰাজখোৱাই প্ৰায় ৫০ লাখ টকাৰ আৰ্থিক লোকচন হোৱা বুলি দাবী কৰিছে।

“গাহৰি পোৱালিৰ বাবত মই গ্ৰাহকৰ পৰা অগ্ৰিম ধনো লৈছিলো। এতিয়া মই সেই ধনো পৰিশোধ কৰিব লাগিব,” তেওঁ লগতে কয়।

ৰাজখোৱাই ASFত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিৰ সংখ্যা চৰকাৰে হ্ৰাস কৰাত আৰ্থিক সংকটত পৰিব বুলিও শংকিত হৈছে।

ইফালে ধেমাজিৰ মৰিধলৰ এজন গাহৰি পালক প্ৰণৱজ্যোতি ফুকনৰ ১০৬ টা গাহৰি পোৱালিৰ মৃত্যু হৈছিল। ফুকনৰ ফাৰ্মত ২০ ৰপৰা ৬০ কেজি ভিতৰত ৪৬ টা আৰু ৬০ কেজিৰ ওপৰৰ ৫৭ টা গাহৰি ASFত মৃত্যু হৈছিল।

কিন্তু তেওঁৰ ফাৰ্মৰ মৃত গাহৰিৰ চৰকাৰীৰ নমুনা পৰীক্ষাত ৰিজাল্ট নিগেটিভ আহিছে। যাৰ ফলত চৰকাৰী ক্ষতিপূৰণ নোপোৱাৰ আশংকাত ভুগিছে থলুৱা গাহৰি পালকজনে।

ইফালে থলুৱা গাহৰি পালকসকলৰ বিপৰীতে চৰকাৰী পক্ষই ইয়াৰ বিপৰীত মেৰুত অৱস্থান কৰা পৰলিক্ষিত হৈছে।

“এই তথ্যসমূহ জিলা পশু চিকিৎসা বিষয়াৰ তথ্য অনুসৰি সংকলিত কৰা হৈছে,” ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এজন বিষয়াই এইদৰে কয়।

উল্লেখ্য যে ASFত আক্ৰান্ত হোৱা গাহৰিবোৰ ১০৪ৰ পৰা ১০৮ ডিগ্ৰী ফৰেনহাইটৰ উচ্চ জ্বৰত ভুগিছিল। আন লক্ষণবোৰৰ ভিতৰত ভোক,  বমি আৰু ৰক্তাক্ত প্ৰস্ৰাৱৰ সৈতে ডায়েৰিয়াও আছিল।

অধ্যয়ন অনুসৰি আফ্ৰিকান ছোৱাইন জ্বৰ সাধাৰণতে সচৰাচৰ হোৱা জ্বৰৰ দৰে হয় যদিও এই জ্বৰ আৰু সচৰাচৰ জ্বৰৰ পাৰ্থক্য নিৰ্ণয় কৰিবলৈ পৰীক্ষাগাৰৰ বিশেষ পৰীক্ষাৰ প্ৰয়োজন হয়।

হিৰণ্য বৰ্মন

হিৰণ্য বৰ্মন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd