গুৱাহাটীৰ দীঘলীপুখুৰীৰ লক্ষ্মীৰাম বৰুৱা সদনত আজি এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হয়। অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে আন্দোলন কৰা নেতা প্ৰণৱ দলে, আদিত চন্দ্ৰ ৰাভা আৰু আন কেইবাজনো সংগ্ৰামী সতীৰ্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এই সভাৰ আয়োজন কৰা হয়। ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, নিখিল ৰাভা জাতীয় পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা আৰু সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চই যুটীয়াভাৱে এই সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থকা সকলোৱে গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ বিনাচৰ্ত মুক্তিৰ দাবী জনায় আৰু মাটি ৰক্ষাৰ আন্দোলন অধিক শক্তিশালী কৰাৰ সংকল্প লয়।

সভাত উপস্থিত থকা বিভিন্ন দল-সংগঠনৰ নেতৃত্ব আৰু বিশিষ্ট ব্যক্তিসকলে অভিযোগ কৰে যে চৰকাৰে বৃহৎ পুঁজিপতি বা কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলৰ পৰা মাটি কাঢ়ি নিব বিচাৰিছে। এই অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবেই প্ৰণৱ দলে, আদিত চন্দ্ৰ ৰাভা, অমিত নাগ, বিজিত কুটুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগুক ষড়যন্ত্ৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছে। চৰকাৰৰ এনে কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দি উপস্থিত ৰাইজে কয় যে নেতাসকলক বন্দী কৰি থৈ চৰকাৰে কেতিয়াও ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক দমন কৰিব নোৱাৰে।

এই বিশেষ সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুতো প্ৰতিনিধি আৰু বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে। অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, কংগ্ৰেছৰ মেহদী আলম বৰা আদিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে সভাত ভাষণ দি চৰকাৰক কঠোৰ সমালোচনা কৰে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট নাগৰিক আব্দুল মান্নান, পৰেশ মালাকাৰ, ইন্দ্ৰানী দত্ত আদিকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰা প্ৰাক্তন সাংসদ তথা সাংবাদিক অজিত কুমাৰ ভূঞাৰ এটা লিখিত ভাষণো সভাত পাঠ কৰা হয়।

কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত আৰু ভূমি অধিকাৰৰ সংগ্ৰামখন গাঁৱে-ভূঁয়ে গঢ়ি তোলাৰ বাবে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অহা ছাব্বিশ জুলাই তাৰিখে অসমৰ সকলো প্ৰান্ততে নেতাসকলৰ মুক্তিৰ দাবীত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰা হয়। লগতে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে গঠিত এটা বিশেষ সজাতি দল কাজিৰঙাৰ ইংলে পথাৰলৈ গৈ পৰিস্থিতি বুজ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শেষত, এই নাগৰিক সভাই সকলো অসমবাসীক চৰকাৰৰ এই অন্যায়মূলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে একগোট হৈ থিয় দিবলৈ আহ্বান জনায়।





