• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পিএম কেয়াৰ্ছ ফাণ্ডক লৈ সংসদত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব : কেন্দ্ৰৰ স্থিতিত উত্তাল সংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 4:10 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিএম কেয়াৰ্ছ ফাণ্ডক লৈ সংসদত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে লোৱা স্থিতিৰ পাছতে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। লোকসভা সচিবালয়ক চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এই পুজি সংসদীয় তদাৰকৰ আওতাত নপৰে। কেন্দ্ৰীয় চৰকাৰৰ এই স্পষ্টীকৰণৰ পাছতে বিৰোধী দলসমূহে চৰকাৰক লক্ষ্য কৰি আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে আৰু ইয়াৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

চৰকাৰে ইয়াৰ আঁৰত যুক্তি দিছে যে পিএম কেয়াৰ্ছ ফাণ্ড এটা জনকল্যাণমূলক ট্ৰাষ্ট আৰু ই চৰকাৰী বাজেটৰ অংশ নহয়। এই পুজিত চৰকাৰৰ পৰা কোনো ধৰণৰ অৰ্থ প্ৰদান কৰা নহয়, বৰঞ্চ ই সম্পূৰ্ণৰূপে স্বেচ্ছামূলক অনুদানৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰী ব্যাখ্যা অনুসৰি যিহেতু ইয়াত চৰকাৰী ধন খৰচ কৰা নহয়, সেয়েহে ইয়াৰ কাম-কাজ, অনুদান বা খৰচৰ সবিশেষ জানিব বিচাৰি সংসদত প্ৰশ্ন উত্থাপন কৰাটো নিয়মসংগত নহয় বুলি কেন্দ্ৰই স্পষ্ট কৰি দিছে।

Apply Now

কেন্দ্ৰৰ এই স্থিতিৰ বিৰোধিতা কৰি বিৰোধী পক্ষই কৈছে যে যিহেতু ই জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা ধন, সেয়েহে ইয়াত স্বচ্ছতা আৰু জৱাবদিহিতা থকাটো অতি প্ৰয়োজনীয়। কংগ্ৰেছৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰই সামাজিক মাধ্যম এক্সত এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁৰ মতে পূৰ্বে তথ্য জনাৰ অধিকাৰ আইন বা আৰটিআইৰ জৰিয়তে এই তথ্য দিবলৈ অস্বীকাৰ কৰা চৰকাৰে এতিয়া সাংসদসকলৰ বাবেও প্ৰশ্ন কৰাৰ বাট বন্ধ কৰি দিছে। তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে যদি এই ধন প্ৰকৃততে জনকল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে, তেন্তে ইয়াৰ তথ্য ৰাজহুৱা কৰিবলৈ চৰকাৰে কিয় কুণ্ঠাবোধ কৰিছে।

উল্লেখ্য যে ২০২০ চনৰ মাৰ্চ মাহত কভিড মহামাৰীৰ সময়ত জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এই পিএম কেয়াৰ্ছ ফাণ্ড গঠন কৰা হৈছিল। বিভিন্ন ব্যক্তি, কৰ্পোৰেট প্ৰতিষ্ঠান আৰু সংগঠনৰ পৰা ইয়ালৈ বৃহৎ পৰিমাণৰ অনুদান আহিছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে সংসদৰ কাৰ্যবিধিৰ ৪১ নম্বৰ নিয়ম অনুসৰি পিএম কেয়াৰ্ছৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুজি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুজিৰ বিষয়েও সংসদত প্ৰশ্ন কৰিব নোৱাৰিব। ২০২৩ চনৰ মাৰ্চ মাহৰ হিচাপ অনুসৰি এই পুজিত ৬,২৮৩.৭ কোটি টকা জমা আছিল। চৰকাৰৰ মতে এই আটাইকেইটা পুজি যিহেতু স্বেচ্ছামূলক অনুদানৰ দ্বাৰা চলে আৰু চৰকাৰী ধন ব্যৱহাৰ নহয়, সেয়েহে ইয়াক সংসদীয় তদাৰকৰ বাহিৰত ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd