ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে কঁপাইছে দিল্লী। সমৰ্থনো বাঢ়িছে। তাকে দেখি মোডী চৰকাৰে ভয় খাইছে নেকি? মঙলবাৰে নীট-ইউজি প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে।
মোডীৰ আবেদন, “শিশুসকলক উচটনি নিদিব, তেওঁলোকক সঠিক পথ দেখুৱাওক।” শেহতীয়াকৈ ৰাষ্ট্ৰীয় যোগ্যতা-ও-প্ৰৱেশ পৰীক্ষা (NEET-UG)ত সংঘটিত বিসংগতিক লৈ দিল্লীত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ মাত্ৰ এদিন পিছতে এই মন্তব্য কৰে মোদীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ দলৰ সাংসদসকলৰ ওচৰত এই আহ্বান জনায়। সংসদ পুথিভঁৰাল ভৱনৰ জি.এম.চি. বালাযোগী প্ৰেক্ষাগৃহত এন ডি এৰ সংসদীয় দলৰ বৈঠকত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভুল পথত যোৱাটো সহজ, কিন্তু সঠিক পথলৈ ঘূৰি অহাটো অতি কঠিন। আৰু আমি তেওঁলোকক সঠিক পথত ঘূৰাই আনিব লাগিব। এয়া আমাৰ দায়িত্ব।”
প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে যুৱক-যুৱতীসকলক “বিপথে পৰিচালিত কৰা হৈছে”। একেখন বৈঠকতে মোদীয়ে নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও দাবী কৰে। প্ৰশ্নকাকত ফাদিল হোৱাটোক “মহা পাপ” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে, বৰ্তমান ১৩ জন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে নীট প্ৰশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পিছত চৰকাৰে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। পৰীক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰে পুনৰ নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। ২১ জুনত সফলতাৰে সম্পূৰ্ণ হোৱা পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা হয়।
ৰিজিজুৱে কয় যে চৰকাৰে শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ লগত জড়িতসকলক সৰ্বাধিক শাস্তি প্ৰদানৰ দাবী জনাইছে।
তেওঁ লগতে উল্লেখ কৰে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ভৱিষ্যতে প্ৰশ্নকাকত ফাদিল হোৱা ৰোধ কৰাত আৰু ৰাজহুৱা পৰীক্ষাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখাত সহায়ক হ’ব।


