• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

এইবাৰ এই সালসলনিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বত পৰিৱৰ্তন আনিব পাৰে। তদুপৰি, কেবিনেটত কিছু নতুন মুখ কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 12:07 pm
180
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰীসভাত (মোডী কেবিনেট) বৃহৎ পৰিৱৰ্তনৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। অহা দেওবাৰ বা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু পুনৰ সালসলনি হ’ব পাৰে বুলি ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলিছে।

সূত্ৰসমূহে দাবী কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি সম্ভাৱ্য সালসলনিৰ সময়সূচী সন্দৰ্ভত আলোচনা কৰে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

Apply Now

সূত্ৰ অনুসৰি এইবাৰ এই সালসলনিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বত পৰিৱৰ্তন আনিব পাৰে। তদুপৰি, কেবিনেটত কিছু নতুন মুখ কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ’ব পাৰে।

ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ তথা প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰধান সচিব শক্তিকান্ত দাসক পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী হিচাপে কেবিনেটত অন্তৰ্ভুক্ত হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

আনহাতে, বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক মানৱ সম্পদ উন্নয়ন (শিক্ষা) মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ’ব পাৰে বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছে।

জল্পনা-কল্পনাৰ মতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু হৰদীপ সিং পুৰীক কেবিনেটৰ পৰা বাদ দিয়া হ’ব পাৰে।

শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰে বৰ্তমানৰ শক্তি মন্ত্ৰালয়ৰ দায়িত্ব হেৰুৱাব পাৰে বুলিও সূত্ৰই দাবী কৰিছে।

ইয়াৰ উপৰিও অৰ্ধ ডজনৰো অধিক ৰাজ্যিক মন্ত্ৰীকো কেবিনেটৰ পৰা অপসাৰণ কৰিব পাৰে বুলি চৰ্চা চলিছে।

ইপিনে, উদ্ধৱ থাকৰেৰ শিৱসেনাৰ ছয়জন সাংসদক এন ডি এক সমৰ্থন কৰি ওলাই অহাৰ পিছত পুৰস্কৃত হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এনে পৰিস্থিতিত শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দেক হয়তো পূৰ্ণকালীন মন্ত্ৰী দিব পাৰে। তদুপৰি প্রতাপৰাও জাধৱৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব সলনি কৰি সঞ্জয় দীনা পাটিলক দিব পাৰে৷ অৱশ্যে সূত্ৰই দাবী কৰিছে যে জাধৱৰ আয়ুষ মন্ত্ৰালয় থাকিব পাৰে।

আনহাতে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও পূৰ্ণকালীন মন্ত্ৰী হিচাপে কেবিনেটলৈ ঘূৰি আহিব পাৰে বুলি তীব্ৰ চৰ্চা চলিছে।

ইয়াৰ উপৰিও খাজুৰাহোৰ সাংসদ বিষ্ণু দত্ত শৰ্মা আৰু বিহাৰৰ মহাৰাজগঞ্জৰ সাংসদ জনাৰ্দন সিং চিগ্ৰীৱাল কেবিনেটত অন্তৰ্ভুক্ত হ’ব পাৰে।

অহা বছৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেবিনেটত ৰাজনৈতিক ভাৰসাম্য গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব পাৰে।

ইফালে পঞ্জাৱত আম আদমী পাৰ্টি এৰি যোৱা নেতাসকলকো হয়তো গুৰুত্ব দিয়া হ’ব পাৰে। ৰাঘৱ চাড্ডা আৰু অশোক মিত্তলৰ এজনে কেবিনেটত স্থান পাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ৰবিনীত সিং বিট্টুৰ সলনি আৰ এছ এছৰ ঘনিষ্ঠ নেতা তৰুণ চুঘক দায়িত্ব দিয়া হ’ব পাৰে বুলিও সূত্ৰই দাবী কৰিছে।

যিহেতু জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰে এন ডি এত ৰাজনৈতিক গুৰুত্ব অব্যাহত ৰাখিছে, সেয়েহে তেওঁৰ দলৰ পৰাও কেবিনেটলৈ নতুন মুখ আহিব পাৰে বুলি চৰ্চা চলিছে।

মন কৰিবলগীয়া যে এই সকলোবোৰ তথ্য এতিয়াও ৰাজনৈতিক উৎস আৰু জল্পনা-কল্পনাৰ ওপৰত ভিত্তি কৰিয়েই চলি আছে। কেবিনেট সালসলনি বা নতুন অন্তৰ্ভুক্তি সন্দৰ্ভত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। ফলত সম্ভাৱ্য পৰিৱৰ্তনৰ বিষয়ে চূড়ান্ত ছবিখন আনুষ্ঠানিক ঘোষণাৰ পিছতহে স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd