• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অশান্ত মণিপুৰ, ‘আশ্চৰ্যকৰভাৱে অদ্ভুত’ মোদীৰ মৌনতা: পুনৰ সৰৱ কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 9:34 am
Manipur violence
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুইমাহতকৈ অধিক সময় ধৰি অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ এতিয়াও শাম কটা নাই মণিপুৰত। ৰাজ্যখনৰ এই অশান্ত জৰ্জৰ পৰিস্থিতিৰ মাজতে কালি ইম্ফলত হত্যাৰ বলি হ’ল শেষগৰাকী কুকি মহিলাও। অগ্নিগৰ্ভৰ মণিপুৰত এতিয়া কেৱল হিংসাৰ দাবানল। কিন্তু এই ভয়াৱহতাই এতিয়াও যেন স্পৰ্শ কৰিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

নিজ ভাষণত উত্তৰ-পূবক অষ্টলক্ষ্মী আখ্যা দিয়া মোদী এতিয়াও নিশ্চুপ অষ্টলক্ষ্মীৰ অংগ মণিপুৰৰ জৰ্জৰিত অৱস্থা সন্দৰ্ভত। মোদীৰ এই মৌনতাক পূৰ্বৰে পৰা তীব্ৰ আক্ৰমণ চলাই আহিছে মণিপুৰবাসীৰ লগতে দেশৰ বিৰোধী শক্তিসমূহেও। বিশেষকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছে মোদীৰ এই মৌনতাক ধাৰাবাহিক সমালোচনা কৰি আহিছে।

Apply Now

কিন্তু বিৰোধীৰ এই সমালোচনাৰ পিছতো মণিপুৰক লৈ মৌন হৈয়েই ৰৈছে প্ৰধানমন্ত্ৰী মোদী। এই মৌনতাৰ বাবে মোদীক বৃহস্পতিবাৰে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে। মণিপুৰ সন্দৰ্ভত মোদীৰ এই আচৰণ ‘আশ্চৰ্যকৰভাৱে অদ্ভুত’ আখ্যা দিছে বিৰোধী দলটোৱে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে মোদীক সমালোচনা কৰি কয় যে ৬৬ দিনৰ পাছতো প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এটা শব্দও উচ্চাৰণ কৰা নাই। জয়ৰাম ৰমেশৰ মতে, মণিপুৰৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ অৱসানৰ বাবে মোদীৰ নাই কোনো আবেদন আৰু কোনো যন্ত্ৰণা।

ৰমেশে কয়, “কাইলৈ প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড় আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। ইয়াৰ পিছদিনা তেওঁ তেলেংগানা আৰু ৰাজস্থানত থাকিব। এই সময়ত অধিক ‘ফটো-অপাৰেচন’ হ’ব, অধিক বিকৃত তথ্যৰ উপস্থাপন হ’ব, বিৰোধীক লক্ষ্য কৰি অধিক অপমান কৰা হ’ব। সমান্তৰালভাৱে হ’ব অধিক আত্মমহিমা।”

“কিন্তু ৬৬ দিনৰ পাছতো তেওঁ মণিপুৰৰ ওপৰত এটা শব্দও নহয়। যন্ত্ৰণা, দুখ আৰু বেদনা প্ৰকাশৰ এক ক্ষুদ্ৰ শব্দও উচ্চাৰণ নহয়। শান্তি, সম্প্ৰীতি আৰু মিলনৰ বাবে তেওঁৰ কোনো আবেদনো নাই। মণিপুৰৰ বিষয়ত তেওঁৰ আচৰণ আশ্চৰ্যকৰভাৱে অদ্ভুত।”- এক টুইট যোগে এইদৰে কয় ৰমেশে।

ইফালে এই অশান্ত জৰ্জৰ পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজৰ আপোনজনক হেৰুওৱা মণিপুৰৰ বাসিন্দাৰ সৈতে হোৱা সাক্ষাতৰ এক ভিডিঅ’ শ্বেয়াৰ কৰি মণিপুৰবাসীক ঘৃণা ত্যাগ কৰি একত্ৰিত হ’বলৈ আহ্বান জনায়।

“ঘৃণাৰ বাবে আপোনজনক হেৰুৱালে কি কষ্ট হয় মই জানো। য’ত হিংসা হয়, সেই সমাজ বা দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে। ঘৃণা ত্যাগ কৰক, মণিপুৰক একত্ৰিত কৰক।”- হিন্দীত এক টুইটযোগে এইদৰে কয় গান্ধীয়ে।

আনহাতে মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ নিংগোম্বম বুপেণ্ডা মেইটেইয়েও এক টুইট যোগে মণিপুৰৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীক কিহে বাধা দিছে বুলি প্ৰশ্ন কৰে। টুইটটোত তেওঁ কয়, “প্ৰধানমন্ত্ৰী বা সংসদৰ সদস্য নহয় যদিও ৰাহুল গান্ধীয়ে আমাক মণিপুৰত সাক্ষাৎ কৰিবলৈ আহিছিল। কিন্তু ৰাজ্যত ২ মাহৰ অবিৰত অস্থিৰতাৰ পাছতো মণিপুৰবাসীক লগ ধৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিহে বাধা দিছে!”

উল্লেখ্য যে, ৩ মে’ৰ পৰা মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত হিংসাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩ হাজাৰৰো অধিক লোক আহত হৈছে। গৃহহাৰা হৈছে হাজাৰ হাজাৰ লোক। মণিপুৰৰ এই উদ্বেগজনক পৰিস্থিতিৰ বিষয়ে সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনত উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছে বিৰোধী কংগ্ৰেছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd