সময়সূচীৰ সমস্যাৰ বাবে দেওবাৰে আৰম্ভ হ’বলগীয়া আছিয়ান সন্মিলনৰ সৈতে জড়িত বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মালয়েছিয়ালৈ যোৱাৰ সম্ভাৱনা নাই বুলি বুধবাৰে সূত্ৰই প্ৰকাশ কৰে।
জানিব পৰা মতে, বৈঠকসমূহত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।
ছাব্বিছ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ কোৱালালামপুৰত অনুষ্ঠিত হ’ব আছিয়ান (এছ’চিয়েচন অৱ চাউথ ইষ্ট এছিয়ান নেশ্যনছ)ৰ শীৰ্ষ সন্মিলন।
শীৰ্ষ সন্মিলনৰ সৈতে জড়িত আলোচনাত ভাৰতৰ অংশগ্ৰহণ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো ঘোষণা হোৱা নাই।
সূত্ৰই উল্লেখ কৰে যে ভাৰতে মালয়েছিয়ালৈ জনাইছে যে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আছিয়ান বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
আছিয়ান-ভাৰত সন্মিলনত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণৰ সম্ভাৱনা আছে।
স্মৰ্তব্য যে প্ৰধানমন্ত্ৰীয়ে যোৱা কেইবছৰমানৰ পৰা আছিয়ান-ভাৰত সন্মিলন আৰু পূব এছিয়া সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি আহিছে।
মালয়েছিয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লগতে আছিয়ানৰ আলোচনাৰ অংশীদাৰ কেইবাখনো দেশৰ নেতাক আমন্ত্ৰণ জনাইছে। ছাব্বিছ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে কোৱালালামপুৰলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে ট্ৰাম্প।
আছিয়ানৰ ১০খন সদস্য দেশ হ’ল ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, ব্ৰুনাই, ভিয়েটনাম, লাওছ, ম্যানমাৰ আৰু কম্বোডিয়া।




