দেশৰ ৰাজহুৱা খণ্ডৰ অন্যতম বৃহৎ বেংক পঞ্জাৱ নেচনেল বেংকে (PNB) ভাৰতীয় ৰিজাৰ্ভ বেংকক (RBI) ২,৪৩৪ কোটি টকাৰ এক বৃহৎ জালিয়াতিৰ তথ্য দাখিল কৰিছে। এই জালিয়াতিৰ সৈতে কলকাতাভিত্তিক এছ আৰ ই আই (SREI) গ্ৰুপৰ দুটা কোম্পানী ক্ৰমে এছ আৰ ই আই ইকুইপমেণ্ট ফাইনেন্স লিমিটেড আৰু এছ আৰ ই আই ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স লিমিটেড জড়িত থকা বুলি বেংক কৰ্তৃপক্ষই উল্লেখ কৰিছে।
ষ্টক এক্সচেঞ্জসমূহলৈ দাখিল কৰা তথ্য অনুসৰি, এছ আৰ ই আই ইকুইপমেণ্ট ফাইনেন্স লিমিটেডৰ একাউণ্টত ১,২৪১ কোটি টকা আৰু এছ আৰ ই আই ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স লিমিটেডৰ একাউণ্টত ১,১৯৩ কোটি টকাৰ জালিয়াতি ধৰা পৰিছে। এই দুয়োটা কোম্পানীৰ জালিয়াতিৰ মুঠ পৰিমাণ ২,৪৩৪ কোটি টকা। বেংকে এই ঘটনাক “ঋণ জালিয়াতি” (Loan Fraud) হিচাপে শ্ৰেণীভুক্ত কৰিছে।
বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে লোৱা ঋণৰ ধন অন্য ক্ষেত্ৰত অপব্যৱহাৰ কৰাৰ ফলতেই এই প্ৰৱঞ্চনা সংঘটিত হৈছে। উল্লেখযোগ্য যে, ১৯৮৯ চনত প্ৰতিষ্ঠিত এছ আৰ ই আই গ্ৰুপে প্ৰধানকৈ নিৰ্মাণ যন্ত্ৰপাতিৰ বাবে বিত্তীয় সহায় আগবঢ়াইছিল। সময়ৰ লগে লগে কোম্পানীটোৰ ঋণৰ বোজা অত্যধিক বৃদ্ধি পায় আৰু প্ৰায় ২৮ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধত ব্যৰ্থ হোৱাৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহতে আৰ বি আইয়ে (RBI) কোম্পানীটোৰ পৰিচালনা মণ্ডলী (Board) ভংগ কৰি দিছিল।
বেংঅৱশ্যে এই ঘটনাত গ্ৰাহকসকলৰ বাবে কোনো তাৎক্ষণিক বিপদ নাই বুলি পিএনবিয়ে স্পষ্ট কৰি দিছে। এই একাউণ্টসমূহ ইতিপূৰ্বে ‘অনুত্পাদনমূলক সম্পদ’ (Non-Performing Asset বা NPA) হিচাপে চিহ্নিত কৰা হৈছে আৰু বেংকে ইয়াৰ বিপৰীতে ১০০ শতাংশ ‘প্ৰভিজন’ (Provisioning) কৰি ৰাখিছে। বৰ্তমান পিএনবিৰ ‘প্ৰভিজন কভাৰেজ অনুপাত’ (Provision Coverage Ratio) প্ৰায় ৯৭ শতাংশ, যাৰ ফলত বেংকৰ আৰ্থিক স্থিতিশীলতা অক্ষুণ্ণ থাকিব বুলি কৰ্তৃপক্ষই দাবী কৰিছে।





