• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিহিংপৰীয়া কবি-সাংবাদিক গকুল কৃষ্ণ শৰ্মাৰ স্মৃতিচাৰণ অনুষ্ঠান; স্মাৰক গ্ৰন্থ উন্মোচন: পৰিয়াললৈ ৮০ হাজাৰ টকাৰ চেক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 14, 2020 7:27 pm
IMG-20200914-WA0014
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিহিংপৰীয়া কবি, বিশিষ্ট লেখক-সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি গকুল কৃষ্ণ শৰ্মাৰ আজি আদ্যশ্ৰাদ্ধৰ দিনটোত তেওঁক সোঁৱৰি এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা শাখা কবি সম্মিলন, অসম লেখিকা সন্থা, মাৰ্ঘেৰিটা শাখা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আদি বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত শৰ্মাৰ মাৰ্ঘেৰিটাৰ ১ নং মাকুম পথাৰস্থিত বাসগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সহধৰ্ম্মিণী অঞ্জলি শৰ্মাই।

Apply Now

ইয়াৰ পিচতেই সাংবাদিকগৰাকীলৈ পুষ্পাঞ্জলী অৰ্পণ কৰে সাংবাদিক সতীৰ্থ ক্ৰমে ড০ ঋষি দাস, পৰাগ ভূঞা, অৰ্জুন বৰুৱা, শান্তনু চৰকাৰ, মনোজ দত্ত, দিনেশ গোয়েল, ড০ ৰমেণ হাজৰিকা, জ্যোতিষ ৰয়, হেমন্ত কুমাৰ শইকীয়া, মনোৰঞ্জন দাস, কাঞ্চন বৰা, অমূল্য খাটনিয়াৰ, ধীৰেণ ডেকা, ৰামপ্ৰসাদ আম্বেদকাৰ, পাৰ্থপ্ৰতীম গোস্বামী, তপন দে, সৰোজ গোহাঁই, বৰ্ণালী গগৈ, ৰুণজুন শইকীয়া, নিবেদিতা বৰা, দেবেন ডেকা, প্ৰণৱ ফুকন, ৰমণী বুঢ়াগোহাঁই, কুলধৰ বৰ্মণ সমীৰণ বৰঠাকুৰ, লক্ষ্যধৰ সোণোৱাল, মনজিৎ ৰাজখোৱা আদিয়ে।

স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰমেণ হাজৰিকাই। সভাৰ আৰম্ভণিতে শৰ্মাৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে। ‘গকুল শৰ্মা ব্যক্তি আৰু ব্যক্তিত্ব’ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে বক্তব্য ৰাখি কয় যে জাতি, মাটিক ভালপোৱা শৰ্মাৰ নেতৃত্বত বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলত ২১ টাকৈ গণতান্ত্ৰিক যুৱ সংগঠন জন্ম হৈছিল। পৰৱৰ্তী সময়ত এই সংগঠনকেইটাই জাতিসত্তা ৰক্ষাৰ হকে আন্দোলনত জঁপিয়াই পৰিছিল। দৈনিক অসম, আজিৰ অসম অসমীয়া খবৰ কাকতৰ লগত জড়িত শৰ্মা মাৰ্ঘেৰিটাৰ সংবাদক্ষেত্ৰখনৰ বাটকটীয়া আছিল।

‘বন্ধুৰ দৃষ্টিত গকুল শৰ্মা’ৰ ওপৰত বাংলা কবি-লেখক শান্তনু চৰকাৰ, ক’ল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কবি ড০ ৰণজিৎ দত্ত, সাংবাদিক সন্থাৰ সভাপতি ড০ ঋষি দাস, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা, অশ্বিনী গগৈ আদিয়ে শৰ্মাৰ সান্নিধ্যৰ কথা সোঁৱৰণ কৰি বক্তব্য ৰাখে।

সভাৰ মাজতে জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা শৰ্মাৰ সহধৰ্মিণীক আশী হেজাৰ টকাৰ এখন চেক আগবঢ়োৱা হয়।

  ড০ ৰুণজুন শইকীয়া আৰু লক্ষ্যধৰ সোণোৱালৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘দিহিংপৰীয়া কবি গকুল শৰ্মা-ব্যক্তি আৰু ব্যক্তিত্ব’ নামৰ স্মাৰক গ্ৰন্থখনি উন্মোচন কৰে ড০ ঋষি দাস আৰু তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি ড০ ৰণজিৎ দত্তই।

স্মৃতিচাৰণ সভাৰ সকলো কাৰ্যসূচীৰ আঁত ধৰে ৰাণাজ্যোতি নেওগে। পৰিয়ালৰ হৈ পুত্ৰ মনিমুগ্ধ শৰ্মা আদিয়ে ভাষণ দিয়ে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd