চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াই আজি দুপৰীয়া আত্মহত্যা কৰে৷
নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলি কৰি আৰক্ষী বিষয়াজনে আত্মহত্যা l
কি কাৰণত তেওঁ আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷
উচ্চ পদস্থ আৰক্ষী বিষয়া আহি তদন্ত আৰম্ভ কৰিছে৷
বিষয়াগৰাকীয়ে আত্মহত্যা কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চল জুৰি ভীষণ চাঞ্চল্য বিয়পি পৰিছে l
আৰক্ষী চকীৰ কাষত থকা নিজৰ চৰকাৰী আবাসগৃহতে তেওঁ আত্মহত্যা কৰে৷
দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত গাতো বেয়া লগাত জিৰণি লবলৈ আহিছিল নিজৰ ঘৰলৈ আহিছিল বিষয়াজনে l
লখিমপুৰ লীলাবাৰীত ঘৰ আছিল ভূপেন দিহিঙ্গীয়াৰ l
দুদিন পূৰ্বে তেওঁ চেলেংহাট আৰক্ষী চকীত দায়িত্ব গ্ৰহণ কৰিছিল৷