মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিক,মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

ৰংজুলিত মাদ্ৰাছা শিক্ষকৰ এক নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে ৷ সন্দেহজনক মাদ্ৰাছাৰ চৌহদৰ জুপুৰিত নিজ পত্নীক তলা বন্ধ কৰি ৰাখি শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ পঁচিশটা দিনৰ অন্তত আৱদ্ধ কৰি ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক ৷ এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইৰ দিঘলীবড়ীত আলি আকবৰ নামৰ এজন মাদ্ৰাছাৰ গৰাকী তথা শিক্ষকে দীৰ্ঘদিনৰ পৰা নিজ পত্নীক চলাই আহিছিল অকথ্য নিৰ্যাতন ৷ নিজৰ ঘৰতে স্থাপন কৰা এখন সন্দেহজনক মাদ্ৰাছাৰ এটা জুপুৰিত পত্নীক আৱদ্ধ কৰি ৰখাৰ লগতে শাৰীৰিক অত্যাচাৰ চলাই গৈছিল ৷

লগতে পঢ়ক: বিশ্বত প্ৰথম! একেলগে মাঙ্কিপক্স, কোভিড, এইচআইভি- তিনিওটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ল এক ব্যক্তি

উল্লেখ্য যে ১২ বছৰ পূৰ্বে মহিলা গৰাকীক বিয়া পাতিছিল আলি আকবৰে ৷ কিন্তু বিয়াৰ কেইবছৰমান পিছত নিজ পত্নীক অন্ধকাৰত ৰাখি ঘৰতে এখন ছোৱালী মাদ্ৰাছা স্থাপন কৰে লোকজনে ৷

পৰৱৰ্তী পৰ্যায়ত মাদ্ৰাছাৰ কাম-কাজ তথা ধনৰ লেনদেন সম্পৰ্কত পত্নীৰ সন্দেহ ওপজে আৰু বিতং জানিব বিচৰাৰ বাবেই শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰা হৈছে লোকজনৰ বিৰুদ্ধে৷ তেতিয়াৰ পৰাই আলি আকবৰে নিৰ্যাতন চলাই আহিছে মহিলা গৰাকীক ৷

নিৰ্যাতন সহিব নোৱাৰি মহিলা গৰাকীয়ে পিতৃগৃহলৈ যায় যদিও পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ দ্বাৰা স্বামী গৃহত থৈ যোৱা হয় ৷ কিন্তু তেনে সময়তে আন এগৰাকী মহিলাক বিয়া পাতে লোকজনে ৷ তাৰ পিছৰে পৰা পূৰ্বৰ পত্নীক ধাৰাবাহিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যত বিটিআৰ অঞ্চল; অনন্ত ৰায় মহাৰাজৰ মন্তব্যক লৈ তুমুল প্ৰতিক্ৰিয়া

আনহাতে, স্বামীৰ দ্বাৰা নিৰ্যাতিতা মহিলা গৰাকীৰ অভিযোগ এটা জৰাজীৰ্ণ জুপুৰিত আৱদ্ধ কৰি বিগত পঁচিশটা দিনে নিৰ্যাতন চলাই আহিছে স্বামী আলি আকবৰে৷ আনকি বাহিৰলৈ ওলাবলৈ নিদিয়াৰ লগতে খোৱা খাদ্য নিদিয়াৰ অভিযোগো তোলে ৷

তদুপৰি অতিপাত গৰমৰ মাজতো এটা অতি কদৰ্য টিনপাতৰ বেৰেৰে নিৰ্মিত ঘৰত আৱদ্ধ কৰি ৰখা বুলি জনায় ৷ সেইদৰে, তালাক দিয়া বুলি স্বামীয়ে ঘৰলৈ যাবলৈও দিয়া বুলি জানিব দিয়ে মহিলা গৰাকীয়ে ৷

ইপিনে, মাদ্ৰাছা খনৰ ভিতৰত কোনো লোকক প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ছোৱালী মাদ্ৰাছা খনত নাই কোনো স্থানীয় ছাত্ৰী ৷ 

লগতে পঢ়ক: আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্র-ছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে?: কৃষক মুক্তি

এনেদৰে স্থানীয় ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি মাদ্ৰাছাখন স্থাপন কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ৷

অৱশ্যে ৰংজুলি আৰক্ষীয়ে আৱদ্ধ মহিলা গৰাকীক উদ্ধাৰ কৰিছে যদিও বৰ্তমানো পত্নী নিৰ্যাতনকাৰী স্বামী তথা মাদ্ৰাছা শিক্ষক আলি আকবৰক আটক কৰা নাই ৷