• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পিছুৱাই আছে বিজেপি চৰকাৰে; নিৰ্বাচনৰ দাবীত ৰাজ্যপালক সাক্ষাৎ প্ৰতিনিধি দলৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
November 28, 2018 7:39 am
Political Delegates of North Cachar

উত্তৰ কাছাৰৰ এটা প্ৰতিনিধি দলে স্বায়ত্ত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী লৈ ২৬ নৱেম্বৰত ৰাজভৱনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰাৰ মুহূৰ্তত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩ ডিচেম্বৰত অন্ত পৰিব বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বৰ্ধিত ছমাহৰ কাৰ্যকালৰ। কিন্তু এই বৰ্ধিত সময়খিনিৰ ভিতৰতো নিৰ্বাচন পাতিবলৈ সক্ষম নহ’ল ৰাজ্য চৰকাৰ।

এনে ৰাজনৈতিক পৰিস্থিতিত পৰিষদৰ শাসনভাৰ ৰাজ্যপালে চমজি লোৱাৰ উপৰি পৰিষদ নিৰ্বাচন ১৫ ফেব্ৰুৱাৰিৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগে বুলি দাবী লৈ উত্তৰ কাছাৰৰ এটা প্ৰতিনিধি দলে ২৬ নৱেম্বৰত ৰাজভৱনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে।

Apply Now

প্ৰতিনিধি দলটোত আছিল হাফলঙৰ প্ৰাক্তন বিধায়ক তথা এন পি পি দলৰ সভাপতি সমৰজিত হাফলংবাৰ, প্ৰাক্তন সাংসদ তথা অগপ নেতা প্ৰকান্ত ৱাৰিচা, পৰিষদ সদস্য লালথাংছাং মাৰ, অগপ নেতা জেদ নুনিচা, এন পি পি নেতা সুনিত দিব্ৰাগেডে, পৰিষদ সদস্য খুৱুলথাং মাৰ, ফ্ৰেন্সিছ পৈথং আদি।

উল্লেখযোগ্য যে দেবলাল গাৰ্লোচা নেতৃত্বৰ বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰকৃত কাৰ্যকাল যোৱা ৩ জুন তাৰিখেই অন্ত পৰিছিল। কিন্তু সংবিধানৰ ষষ্ঠ অনুসূচীৰ মুৰব্বী ৰাজ্যপালে জাতীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ অজুহাতত পৰিষদৰ কাৰ্যকাল আৰু ছমাহ বৃদ্ধি কৰি দিছিল।

ইপিনে ৰাজ্যপালৰ কাৰ্যকাল বৃদ্ধিৰ ইছ্যুক চেলেঞ্জ জনাই ন্যায়ালয়ৰ দ্বাৰস্থ হয় প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰ। গুৱাহাটী ন্যায়ালয়ে সুদীৰ্ঘ পাঁচ মাহৰ মূৰত যোৱা ৮ নৱেম্বৰত নিৰ্দেশ দিয়ে যে অহা ৩১ জানুৱাৰিৰ পৰা ১৫ ফেব্ৰুৱাৰিৰ ভিতৰত স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

প্ৰাক্তন বিধায়ক হাফলংবাৰে কয় যে পাহাৰীয়া জিলাৰ কাৰণে পৃথক সংবিধান থকাৰ পাছতো পৰিষদ নিৰ্বাচনৰ কাৰণে আদালতৰ দ্বাৰস্থ হ’ব লগাটো দুৰ্ভাগ্যজনক। আনহাতে যিহেতু ৩ ডিচেম্বৰত পৰিষদৰ অতিৰিক্ত ছমাহৰ কাৰ্যকালো উকলি যাব সেই কাৰণে নিৰ্বাচন নোহোৱালৈকে পৰিষদৰ শাসন ক্ষমতা ৰাজ্যপালে চমজি ল’ব লাগে বুলিও মন্তব্য কৰে।

প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচাই কয় যে ডিমা হাচাও জিলাত লাহে লাহে গণতান্ত্ৰিক ব্যৱস্থা নাইকিয়া হ’বলৈ ধৰিছে। কাৰণ চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত সাধাৰণ ৰাইজ নিজৰ ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈছে। কাৰণ ছমাহ পাছতো পৰিষদ নিৰ্বাচন সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা ল’ব পৰা নাই। “সেই কাৰণে আমি ৰাজ্যপালক সাক্ষাৎ কৰি দাবী উত্থাপন  কৰিছো।” ৱাৰিচাৰ মন্তব্য।

সাক্ষাতৰ সময়ত অনতিপলমে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি ৰাজ্যপালে তেওঁলোকক আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd