ক’ৰ’নাক প্ৰতিৰোধ কৰি দেশৰ অৱস্থা স্বাভাৱিক হোৱাৰ লগে লগেই এক ৰাজনৈতিক ভূমিকম্পই সমগ্ৰ দেশ কঁপাব। এই দাবী মহাৰাষ্ট্ৰ বিজেপি অধ্যক্ষ চন্দ্ৰকান্ত পাটিলৰ।
চন্দ্ৰকান্ত পাটিলে কয় যে কংগ্ৰেছ নেতৃত্বই তেওঁলোকৰ নেতাসকলক একত্ৰিত কৰি ৰখাৰ প্ৰয়োজন, কাৰণ বহু কংগ্ৰেছ নেতাৰ বিজেপিলৈ আগমন ঘটিব পাৰে!
“শুনিছো ৰাজ্যিক স্তৰৰ কংগ্ৰেছ নেতাই একনাথ খড়চেক (প্ৰবীণ বিজেপি নেতা) প্ৰলোভিত কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে জনা উচিত যে খাড়চে দলৰ ফাউণ্ডাৰ নেতা হয়। মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় স্তৰৰ ৰাজনৈতিক এক ভূমিকম্প হ’ব। কাৰণ কোভিড১৯ সংকটৰ পাছত মহাৰাষ্ট্ৰত কেবাজনো কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব।” এটা মাৰাঠী টিভি চেনেলক পাটিলে কয়।
দেশজুৰি ক’ৰ’নাৰ সংকট চলি থকাৰ বাবেহে অপেক্ষা কৰি থকা হৈছে।
“ইয়াৰ পিছত, কংগ্ৰেছ নেতাজনে (যিজনে খড়চেক কংগ্ৰেছলৈ নিয়াৰ চেষ্টা কৰিছিল) ৰাজনৈতিক ভূমিকম্পটো দেখিব। ৰাজ্যিক কংগ্ৰেছ নেতৃত্বই তেওঁলোকক একত্ৰিত কৰিবলৈ চেষ্টা কৰক।” পাটিলে কয়।
তেওঁ আৰু কয়, “আমি শক্তিশালী বিৰোধী সৃষ্টি কৰিবলৈ গৈ আছো।অহা মাহতে বিজেপি ইয়াত শক্তিশালী হৈ উঠি।”
মহাৰাষ্ট্ৰত ক’ৰ’নাই নৰ সংহাৰ চলাই থকা সময়তে খড়চে আৰু বিজেপিৰ নেতৃত্বৰ মাজত চলি থকা বাকযুদ্ধ আৰু বৃদ্ধি পাইছে।
বিজেপিৰ অসন্তুষ্ট নেতাৰ দাবীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক অধ্যক্ষ পাটিলে মুকলি যুঁজৰ আৰম্ভ কৰিছে।