কৰ’নাৰ সংহাৰৰ মাজতে যোৱা ১০ ছেপ্টেম্বৰত নিজৰ বিয়াৰ ছবি ছচিয়েল মিডিয়াত আপলোড কৰিছিল বিতৰ্কিত মডেল অভিনেত্ৰী পুনম পাণ্ডেই।
গোৱাত হানিমুনলৈ গৈ অভিনেত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত প্ৰেমিকৰ সৈতে পাতনি মেলা সুখী বৈবাহিক জীৱনৰ প’জো দিলে।
কিন্তু হঠাতে যতি পৰিল সেই সংগসুখৰ। স্বামীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি গোৱা আৰক্ষীৰ দ্বাৰস্থ হ’ল পুনম।
পুনমৰ অবিযোগৰ পাছতে তেওঁৰ স্বামীক গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।
গোৱাত হানিমুনলৈ গৈ তাৰ মাজতে এটা ভিডিঅ’ৰ শ্বুটিং কৰাৰ কথাও ছচিয়েল মিডিয়াত জনাইছিল পুনমে।
বিয়াৰ ১২ দিনৰ পাছতে স্বামীৰ বিৰুদ্ধে পুনমে অভিযোগ তুলিলে যৌন নিৰ্যাতনৰ।
বাতৰি অনুসৰি, সোমবাৰে নিশাই দক্ষিণ গোৱাৰ থানাত গৈ পুনমে স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দাখিল কৰে।
স্বামী ছেম বোম্বেই তেওঁক বেয়াকৈ মাৰপিট কৰিছিল, অভৱ্য ভাষাত গালি পাৰিছিল আৰু হত্যাৰ ভাবুকিও দিছিল বুলি পুনমে অভিযোগ আনিছে।
পুনম পাণ্ডেৰ লিখিত অভিযোগৰ ভিত্তিতে স্বামী ছেম বোম্বেক গ্ৰেপ্তাৰ কৰা হৈছে।
মাত্ৰ তিনিদিন পূৰ্বে ছেমে হোটেলত কৰা এটা ভিডিঅ’ পুনমে প’ষ্ট কৰিছিল। কিন্তু হঠাতে এনে কি হ’ল যে স্বামীৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ আনিলে পুনমে।
এই সন্দৰ্ভত ঘটনাৰ আঁৰত কাহিনী অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই।