NORTHEAST NOW (Assamese)

প্ৰয়াত ভ্ৰাম্যমাণৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস; শোকস্তব্ধ সাংস্কৃতিক জগত

January 22, 2023 1:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ভ্ৰাম্যমাণৰ জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ পৰলোকপ্ৰাপ্তি ঘটিছে। কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা অভিনেতাগৰাকীয়ে আজি পুৱা প্ৰায় ১০ বজাত গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা প্ৰানজিত দাসে তেওঁৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল।

উল্লেখ্য যে কেইদিনমান পূৰ্বে সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ নাটকখন মঞ্চস্থ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী। মঞ্চত অভিনয় কৰি থকাৰ সময়তে তেওঁ ঢলি পৰিছিল।

অভিনেতাগৰাকীক লগে লগে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাত গুৱাহাটীলৈ আনি মেট্ৰো হাস্পতালত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছিল।

উচ্চ ৰক্তচাপ জনিত ৰোগৰ বাবে ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীয়ে অৱশেষত জীৱন যুদ্ধত হাৰ মানি দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা দাসৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অসমৰ সাংস্কৃতিক জগত।

Related News