• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

ছচিয়েল মিডিয়াত অতি জনপ্ৰিয় আৰু পৰিচিত মুখ আছিল মেডী সান্ধু। তেওঁৰ মেকআপ টিউটৰিয়েল আৰু ৰিলে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জয় কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 4, 2026 7:59 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ অমৃতসৰত সংঘটিত হৈছে এক অতি মৰ্মান্তিক তথা চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে আততায়ীৰ গুলীত প্ৰাণ হেৰুৱালে পঞ্জাৱৰ জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী মেডী সান্ধুৱে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অমৃতসৰ চহৰৰ ব্যস্ত এলেকাত তেওঁক অতৰ্কিত আক্ৰমণ কৰি গুলীবৰ্ষণ কৰা হয়। গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক উদ্ধাৰ কৰা হয় যদিও বচাব পৰা নগ’ল।

ছচিয়েল মিডিয়াত অতি জনপ্ৰিয় আৰু পৰিচিত মুখ আছিল মেডী সান্ধু। তেওঁৰ মেকআপ টিউটৰিয়েল আৰু ৰিলে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জয় কৰিছিল। হঠাৎ সমগ্ৰ চহৰখনতে তেওঁৰ ওপৰত এই মাৰাত্মক আক্ৰমণৰ খবৰ পোহৰলৈ অহাৰ লগে লগে স্থানীয় বাসিন্দা আৰু ছ’চিয়েল মিডিয়া জগতত শোকৰ ছাঁ পৰে।

Apply Now

ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। আক্ৰমণকাৰী কোন আৰু কি উদ্দেশ্য আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি প্ৰত্যক্ষদৰ্শীক সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ মূল কাৰণ উদ্ঘাটন কৰিবলৈ সবিশেষ তথ্য জানিবলৈ চেষ্টা অব্যাহত আছে।

পঞ্জাৱৰ সংগীত আৰু মনোৰঞ্জনৰ জগতখনত বন্দুকধাৰীৰ আক্ৰমণ আৰু নৃশংস হত্যাকাণ্ডই কেইবাবাৰো শিৰোনাম দখল কৰিছে। ইয়াৰে আটাইতকৈ মৰ্মান্তিক আৰু চৰ্চিত হৈছে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড। ২০২২ চনৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাত দিনৰ পোহৰতে তেওঁক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছিল। লৰেন্স বিষ্ণোই আৰু কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ দলটোৱে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে।

ইয়াৰ লগতে কিংবদন্তি পাঞ্জাবী পপ গায়ক অমৰ সিং চামকিলা আৰু তেওঁৰ পত্নী অমৰজোতক ১৯৮৮ চনৰ ৮ মাৰ্চত মেহছামপুৰ গাঁৱত অনুষ্ঠানলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। এই হত্যাকাণ্ডৰ অমীমাংসিত ৰহস্যৰ আজিও চৰ্চা চলি আছে। শেহতীয়াকৈ এই হত্যাকাণ্ডক লৈ এখন চিনেমা নিৰ্মাণ কৰা হৈছিল, য’ত নাম ভূমিকাত অভিনয় কৰিছিল দিলজিৎ দোছাঞ্জে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

“নেহা বৰা মোতকৈ ভাল জেন জি”, মুকলিকৈ স্বীকাৰ চিজেপিৰ মুৰব্বী অভিজিৎ ডিপকেৰ

October 4, 2026 8:07 am
মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd