• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ সৈতে আচৰিত সংযোগ! টলিউডৰ অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ অকাল মৃত্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:49 am
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টলিউডৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ অকাল মৃত্যু ঘটিছে। ধাৰাবাহিক এখনৰ বাবে শ্বুটিং কৰি থকা অৱস্থাত সাগৰত ডুব গৈ তেওঁৰ মৃত্যু হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, দীঘাৰ তালছাৰিত তেওঁ সাগৰত নামিছিল, তাৰ পিছত তেওঁ পানীত ডুব যায়। টেকনিচিয়ানসকলে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। অৱশ্যে পানীত ডুব গৈয়েই মৃত্যু হয় নে হাৰ্ট এটেকত মৃত্যু হয় সেয়া নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। অভিনেতাগৰাকীৰ মৃত্যুৱে পশ্চিমবংগৰ লগতে সমগ্ৰ দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলক শোকস্তব্ধ কৰি তুলিছে।  

ৰাহুলৰ মৃত্যুৰ সৈতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কিছু মিল থকাৰ লগতে দুয়োগৰাকী শিল্পীৰ মাজত এক আচৰিত সংযোগো আছিল।

Apply Now

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ সাগৰত ডুব গৈ মৃত্যু হৈছিল শিল্পী জুবিন গাৰ্গৰ। মাত্ৰ ৫২ বছৰ বয়সতে প্ৰতিভাৱান শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ দেশক স্তম্ভিত হৈ শোকত ভাগি পৰিছিল।

সেইদিনা ছিংগাপুৰৰ পৰা কেইশমান যোজন দূৰৈত থকা কলকাতাত এজন সুপৰিচিত ব্যক্তি গভীৰ শোকত কাতৰ হৈ পৰিছিল। তেওঁ আছিল ৰাহুল অৰুণোদয় বেনাৰ্জী। জুবিনৰ মৃত্যুৱে তেওঁক বিশেষভাৱে চুই গৈছিল। ৰাহুলে কৈছিল মই এজন বন্ধুক হেৰুৱালোঁ। তেওঁ আছিল মোৰ চিৰন্তন বন্ধু।

দেওবাৰে দীঘাৰ তালছাৰিত সাগৰত ডুব গৈ ৰাহুল অৰুণোদয় বেনাৰ্জীৰ মৃত্যু হয়। জুবিনৰ সৈতে ঠিক একে নহ’লেও বন্ধু দুজনৰ ভাগ্য প্ৰায় একেধৰণৰ। মৃত্যুৱেও যেন ৰাহুল আৰু জুবিনক একত্ৰিত কৰিলে।

ৰাহুল বেনাৰ্জীৰ প্ৰথমখন ছবি ৰাজ চক্ৰৱৰ্তী পৰিচালিত ‘চিৰদিন তুমি যে আমাৰ’ ছবিখনে ২০০৮ চনত মুক্তি লাভ কৰিছিল। সেই সময়ত আটাইতকৈ বেছি হিট হোৱা এই প্ৰেম কাহিনীৰ আইকনিক গীতটো আছিল জুবিন গাৰ্গে গোৱা ‘পিয়া ৰে পিয়া ৰে’। এই ব্যৰ্থ প্ৰেমৰ গীতটোৱে ছবিখনৰ ৰাহুল-প্ৰিয়ংকা যুটিকো জনপ্ৰিয় কৰি তুলিছিল। ৰাহুলৰ মুখখন এতিয়াও বহুতৰ মনত ‘পিয়া ৰে পিয়া ৰে’ গীতটোৰ বাবেই ভাহি আহে।

জুবিনৰ মৃত্যুৰ দিনা ৰাহুলৰ এটা নাটকৰ অনুষ্ঠান আছিল। মঞ্চত উঠাৰ ঠিক আগতেই জুবিনৰ মৃত্যুৰ খবৰত যেন ভৰি দুখন কঁপি উঠিছিল। হাতত ফোনটো লৈ বহি তেওঁ হুমুনিয়াহ কাঢ়িলে। পিছত ৰাহুলে জুবিনৰ সৈতে তেওঁৰ আত্মাৰ সম্পৰ্কৰ বিষয়ে কৈছিল। (বাংলা দ্য ৱালৰ সৌজন্যত)।

ৰাহুলে কৈছিল, “পিয়া ৰে গীতটো আইকনিক আছিল। এতিয়াও যেতিয়া মই ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ তেতিয়াও কিছু সময়ৰ পিছতে তাৰ কৰ্মীসকলে গীতটো বজাই দিয়ে। এতিয়াও মূলসুঁতিৰ দৰ্শকে মোক সেই গীতটোৰে মনত পেলায়। মোৰ বৰ দুখ লাগে যে আজি মোৰ সেই কণ্ঠ গুচি গ’ল।”

ৰাহুলে লগতে কৈছিল, “পিয়া ৰে পিয়া ৰে গীতটোৱে মোক আৰু প্ৰিয়ংকাক সেই সময়ত অতি জনপ্ৰিয় কৰি তুলিছিল। আজিও মানুহে এই গীতটোৰে আমাৰ যুটীটোক চিনি পায়। আজি ২০০৮-০৯ চনৰ সময়খিনি মোৰ বৰ ভালকৈ মনত আছে। মই, প্ৰিয়ংকা, আৰু জুবিনে আগতে একেলগে বহুত ফাংচন কৰিছিলোঁ। সেয়েহে আমাৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল।”

‘পিয়া ৰে’ গীতটো লিখিছিল প্ৰিয় চেটাৰ্জীয়ে। সংগীত ৰচনা কৰিছিল জীত গংগোপাধ্যায়ে। ৰাহুলে কৈছিল, ‘আজিও যেতিয়াই কোনো অনুষ্ঠানলৈ যাওঁ তেতিয়াই এই গীতটো গাব লাগে।মই গায়ক নহয়।মই জুবিনৰ দৰে একেবাৰেই নহয়। কিন্তু আজিও দৰ্শকে মোক মই এই গীতটো নাগালে এৰি নিদিয়ে।” (দ্য ৱাল)।

২০০৯ চনত ৰাহুল আৰু প্ৰিয়ংকা স্বপন সাহাৰৰ ছবি ‘কেন কিছু কথা বোলো না’ত আছিল। সেই ছবিখনতো ৰাহুলে জুবিন গাৰ্গৰ এটা গীত তেওঁৰ লিপত আছিল। জুবিনৰ ‘য়া আলী’ তেওঁৰ আগত এটা ‘ৰাষ্ট্ৰগান’ হৈ পৰিছিল। আৰু পিছলৈ ‘পিয়া ৰে পিয়া ৰে’ গীতটোও এটি ‘ৰাষ্ট্ৰগান’ হৈ পৰে।

জুবিনৰ মৃত্যুৰ দিনা ৰাহুলে কৈছিল, “বংগৰ ৰাইজে হয়তো বুজি নাপাব যে জুবিনৰ বিয়োগ অসমৰ মানুহৰ হৃদয়ত কিমান বিষাদেৰে প্ৰতিধ্বনিত হৈ আছে। ভূপেন হাজৰিকাৰ পিছত ইমান ডাঙৰ সাংস্কৃতিক আইকন অসমলৈ বৰ বেছি অহা নাই।”

ৰাহুলেও গম পোৱা নাছিল যে তেওঁৰ অকাল মৃত্যুৱেও বংগবাসীৰ হৃদয়ত বিষাদৰ প্ৰতিধ্বনিত হৈ উঠিছে। ৰাহুল, জুবিন, আৰু ‘পিয়া ৰে’ গীতটোও একেডাল সূত্ৰৰে গঁঠা স্মৃতি হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd