নিৰ্বাচনৰ ফলাফলৰ পাছতেই কটন বিশ্ববিদ্যালয়ত ছাত্ৰ সংঘাত।
নিৰ্বাচনকেন্দ্ৰিক হিংসাত কঁপি উঠিল কটন বিশ্ববিদ্যালয়।
বুধবাৰ নিশা উত্তপ্ত হৈ উঠিল কটনৰ পৰিবেশ।
ছাত্ৰৰ দুটা ফৈদৰ মাজত ভয়ংকৰ সংঘাতৰ সৃষ্টি হ’ল।
বিশ্ববিদ্যালয়খনৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসক লক্ষ্য কৰি একাংশ ছাত্ৰই আক্ৰমণ চলোৱা দেখা গ’ল।
ছাত্ৰাবাসটোৰ আৱাসী ছাত্ৰৰ সৈতে সংঘাতত লিপ্ত হ’ল আন একাংশ ছাত্ৰ।
ভাঙি লণ্ডভণ্ড কৰিলে ছাত্ৰাবাসটোৰ বিভিন্ন আচবাব।
ঘটনাত আহত হয় বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰ।
উল্লেখ্য যে, কালি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল।
ফলাফল অনুসৰি উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি অধিকাংশ পদতেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
এই ফলাফলৰ পাছতেই নিশাৰ ভাগত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটনৰ চৌহদত আৰক্ষী-অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হৈছে।