DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2022 9:52 am
Postmaster Lost 1 Crore In IPL Bets
185
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) মানেই এক জুৱাৰ বজাৰ। আই পি এলৰ প্ৰতিখন মেচৰ নামত কোটি কোটি টকাৰ জুৱাৰ বেহা বহে। এই বেহাত ভাগ লৈ কোনোবা নিশাটোৰ ভিতৰতে হৈ পৰে ধনকুবেৰ, আন কোনোবাৰ আকৌ উদং হয় পকেটৰ তলি।

এনেদৰেই আই পি এলত বাজি লগাই মূৰে কঁপালে হাত দিব লগীয়া হৈছে এজন পোষ্টমাষ্টৰে। কেৱল পোষ্টমাষ্টৰেই নহয়, তেওঁৰ লগতে মূৰত সৰগ সৰি পৰিছে ২৪ টা পৰিয়ালৰ। কিন্তু কিয় এজন পোষ্টমাষ্টৰৰ দুখৰ সমভাগী হৈছে এই পৰিয়াল সমূহ? জানিলে আচৰিত হ’ব আপুনিও।

দৰাচলতে মধ্য প্ৰদেশৰ এই পোষ্টমাষ্টাৰ জনে আই পি এলত বাজি লগাই হেৰুৱাইছে ১ কোটি টকা। কিন্তু এই হেৰুওৱা টকাখিনি পোষ্টমাষ্টৰ জনৰ নিজৰ নাছিল। ২৪ টা পৰিয়ালে সঞ্চয়ৰ বাবে জমা দিয়া ধনৰাশিহে আছিল এইয়া।

এই পৰিয়ালসমূহৰ ধন সাগৰ জিলাৰ এটা উপ ডাকঘৰত জমা কৰিব লাগিছিল। কিন্তু পোষ্টমাষ্টৰ জনে এই ধনৰাশি ডাকঘৰত জমা দিয়াৰ পৰিৱৰ্তে জুৱাত বিনিয়োগ কৰে আৰু জুৱাত হাৰি গোটেই টকাখিনি হেৰুৱাই পেলায়।

বিনা উপ-ডাকঘৰৰ এই বিশাল আহিৰৱাৰ নামৰ পোষ্টমাষ্টৰ জনক ইতিমধ্যে ২০ মে’ত বিনা চৰকাৰী ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ এই অপৰাধৰ বিষয়ে আৰক্ষীৰ ওচৰত নিজেই স্বীকাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত পোষ্টমাষ্টৰজনে ভুৱা এফডি একাউণ্টৰ বাবে প্ৰকৃত পাছবুক জাৰী কৰিছিল আৰু যোৱা দুবছৰৰ পৰা আই পি এল ক্ৰিকেট বেটিংত সম্পূৰ্ণ ধন বিনিয়োগ কৰিছিল।

“ধৃত বিশাল আহিৰৱাৰৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৪২০ আৰু ৪০৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী সময়ত অনুসন্ধানৰ ফলাফলৰ ওপৰত ভিত্তি কৰি গোচৰটোত অধিক শাখা যোগ কৰিব পাৰি।” বিনা-জিআৰপি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় ধুৰ্ভেই কয়।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd