NORTHEAST NOW (Assamese)

আৰ্থিক দৈন্যতা উত্তৰণৰ হেঙাৰ নহয় : প্ৰমাণ কৰিলে বাণিজ্যত পঞ্চম স্থানপ্ৰাপ্ত অঙ্কুৰজ্যোতিয়ে

June 27, 2020 2:21 pm · নীৰ্মলেন্দু পাঠক

এহাল আদৰ্শৱান পিতৃ-মাতৃ l প্ৰত্যক্ষভাৱে সাক্ষাৎ নাপালে অনুভৱ নহ’ব l জানিব নোৱাৰিব পিতৃ-মাতৃৰ ত্যাগ l দাৰিদ্ৰতা, অভাৱ যাৰ দৃষ্টিত সদায় গৌণ l

পিতৃ ৰাজেন ভূঞা পেচাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। যোৰহাট জিলাৰ টীয়ক গুৱাল গাঁৱৰ নিজা বাসগৃহৰ চৌহদত সীমিত পৰিসৰত গঢ়ি তোলা এখন সৰু ব্ৰইলাৰ ফাৰ্মেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথ। মাতৃ বন্তি ভূঞা এগৰাকী সাধাৰণ গৃহিনী।

প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাৰ গৃহ লাভ কৰা, পেটে-ভাটে খাই থকা এই পৰিয়ালটোৰ তিনি সন্তানৰ কনিষ্ঠ অঙ্কুৰজ্যোতি ভূঞাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বানিজ্য শাখাত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পঞ্চম স্থান লাভেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

অঙ্কুৰজ্যোতিয়ে অসমীয়াত ৯৩ ,ইংৰাজী ৮৪,হিচাপ বিদ্যাত ৯৫,ব্যৱসায় অধ্যয়ন ত ৯৫,বাণিজ্যিক গণিত আৰু পৰিসংখ্যাত ৯৩ আৰু অৰ্থনীতিত ৫২ নম্বৰসহ মুঠ ৪৬০ নম্বৰ পাবলৈ সক্ষম হৈছে।

ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন পুহি ৰখা অঙ্কুৰজ্যোতিয়ে নিতৌ ছয়ৰ পৰা আঠ ঘন্টাকৈ পঢ়িছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দহটা স্থানৰ ভিতৰত স্থান পাবলৈ কেইটামান নম্বৰৰ বাবে বঞ্চিত হৈছিল আৰু তেতিয়াৰে পৰা পৰৱৰ্ত্তী পৰ্য্যায়ত কিবা এটা কৰাৰ অৰ্থে দিনে নিশাই কষ্ট কৰিছিল।

অঙ্কুৰজ্যোতিয়ে পঢ়াৰ সমান্তৰালকৈ মহাপুৰুষ জনাৰ অনবদ্য সৃষ্টি খোল বাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে এগৰাকী নিপুন শিল্পী হিচাপে অঞ্চলটোত পৰিচিত হৈ পৰিছে।

পুত্ৰৰ সফলতাৰ সমষ্ট কৃতিত্ব মাতৃৰ বুলি কৈ পিতৃ ৰাজেন ভূঞাই কয়, ‘সীমিত পৰিসৰত গঢ়ি তোলা বয়লাৰ ফাৰ্মখনেই উপাৰ্জনৰ একমাত্ৰ পথ, তৎসত্বেও কোনো দিনে সন্তানৰ পঢ়াৰ ক্ষেত্ৰত বাধা আহিবলৈ দিয়া নাই।

অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পৰাই মহাবিদ্যালয়ৰ শিক্ষকৰ লগতে টীয়কৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষক আৰু এটা বেচৰকাৰী সন্থাৰ সহায়ৰ বাবে তেওঁলোকৰ ওচৰত পৰিয়ালটি চিৰ কৃতজ্ঞ বুলি মন্তব্য কৰিছে।

তিনিওটা সন্তানকে পঢ়াৰ ক্ষেত্ৰত মাতৃ বন্তি ভূঞাই সমাজত ভাল মানুহ হিচাপে জীয়াই থকাৰ শিক্ষা দিয়ে প্ৰতিদিনে। আৰু আজি মাতৃৰ শিক্ষা শিৰোগত কৰি অংকুৰে আজুৰি আনিলে অসমৰ ভিতৰতে বাণিজ্য শাখাৰ পঞ্চম স্থান।হয়,এয়া সঁচাকৈয়ে অনুকৰণীয়। অংকুৰ হৈ পৰক সকলোৰে আদৰ্শ,আমিও তাকে কামনা কৰিছো।

Related News