• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-পাক সীমান্তৰ সমীপত বিদ্যুৎ উৎপাদনৰ অনুমতি! সংসদত উত্থাপিত ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ৰ সন্দৰ্ভত প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 8:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত বিদ্যুৎ উৎপাদন কেন্দ্ৰ নিৰ্মাণক লৈ সংসদত বিতৰ্কৰ সৃষ্টি হৈছে। বিগত কিছুদিন ধৰি কংগ্ৰেছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ অনুমতি কেনেদৰে লাভ কৰা হ’ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে। এইবাৰ সংসদ ভৱনৰ ভিতৰলৈ বিতৰ্ক পালেহি। বুধবাৰে কেন্দ্রই লোকসভাক অৱগত কৰে যে প্রকল্পটোৰ অনুমোদন সকলো সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা অনুমোদন লাভ কৰাৰ পাছতহে দিয়া হৈছে৷ অৱশ্যে এই সঁহাৰিত কংগ্ৰেছ সন্তুষ্ট নহ’ল। কংগ্ৰেছৰ সাংসদসকলৰ মতে কেন্দ্ৰৰ এই সিদ্ধান্তই ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰিব পাৰে। ৰাষ্ট্রীয় নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত শ্ল’গান উত্থাপন কৰি থাকিল৷ পাছত কংগ্ৰেছ আৰু ডি এম কেৰ সাংসদসকলে শ্ল’গান দি সদন এৰে।

কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে কয় যে, শক্তি খণ্ডত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নিৰাপত্তা একেলগে চলিব লাগে। তেওঁ দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত বিদ্যুৎ কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। কিন্তু সুৰক্ষা নিয়ম অনুসৰি যিকোনো বৃহৎ উদ্যোগ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা কমেও ২০ কিলোমিটাৰ দূৰত্বত থাকিব লাগিব। এই প্ৰকল্পৰ বাবে কিবা ৰেহাই দিয়া হৈছে নেকি জানিব বিচাৰিছে কংগ্ৰেছ সাংসদগৰাকীয়ে। ইয়াৰ উত্তৰত কেন্দ্ৰীয় নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰলহাদ যোশীয়ে কয় যে, চৰকাৰে দেশত নবীকৰণযোগ্য শক্তি উৎপাদনৰ বাবে আগ্ৰহী। ইয়াৰ বাবে অনুমোদন দিয়াৰ পূৰ্বে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ পৰা ক্লিয়াৰেন্স বিচৰা হয়।

Apply Now

কিন্তু কংগ্ৰেছৰ সাংসদসকলে দাবী কৰে যে কেন্দ্ৰৰ উত্তৰ সন্তোষজনক নহয়। প্ৰহ্লাদৰ উত্তৰৰ পাছতে তেওঁলোকে লোকসভাত ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। হুলস্থুল আৰম্ভ হয়। ইয়াৰ পাছত কংগ্ৰেছ শিবিৰে ৱাক আউট কৰে। ডিএমকেৰ সাংসদসকলো তেওঁলোকৰ সৈতে কোঠাৰ পৰা ওলাই আহিল। পাছত সংসদ চৌহদত তিৱাৰীয়ে কয় যে শক্তি খণ্ডত নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। খাভৰা (গুজৰাট)ত এটা বৃহৎ নবীকৰণযোগ্য শক্তি প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে। ভাৰত-পাকিস্তান সীমান্তৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নিয়ম অনুসৰি সীমান্তৰ পৰা ১০ কিলোমিটাৰৰ ভিতৰত কোনো উদ্যোগ স্থাপন কৰিব নোৱাৰিব। আমি মাত্ৰ সেই প্ৰশ্নটো সুধিলোঁ, কিন্তু উত্তৰ নাপালোঁ। লোকসভাত কংগ্ৰেছ ফৈদৰ নেতা গৌৰৱ গগৈয়ে কয়- কংগ্ৰেছে কেৱল জানিব বিচাৰিছিল যে ৰাষ্ট্ৰীয় নিৰাপত্তাতকৈ আদানী গোটটো বেছি গুৰুত্বপূৰ্ণ নেকি? চৰকাৰে সন্তোষজনক উত্তৰ দিব পৰা নাই বুলিও দাবী কৰে৷

দৰাচলতে ১২ ফেব্ৰুৱাৰীত বিদেশী সংবাদ মাধ্যম ‘দ্য গাৰ্ডিয়ান’ৰ এক প্ৰতিবেদনত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ অনুমতি দিবলৈ সীমান্তৰ নিৰাপত্তাৰ নিয়ম শিথিল কৰা হৈছে বুলি প্ৰকাশ পাইছিল। ইয়াৰ ফলত আদানী গোটটোৱে লাভৱান হোৱা বুলিও প্রতিবেদনত দাবী কৰা হৈছে৷ তেতিয়াৰ পৰাই কংগ্ৰেছ শিবিৰে এই বিষয়ত কেন্দ্ৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd