ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা প্ৰাক্তন সাংসদগৰাকী বৰ্তমান কাৰাগাৰত। কিন্তু জেলত বহিও দিনৰ পিছত দিন পৰ্ণগ্ৰাফী চাই আছে প্ৰাক্তন সাংসদগৰাকীয়ে। তেওঁৰ ফোনটোৰ পৰা কেইবা ডজন পৰ্ণগ্ৰাফিক ভিডিঅ’ উদ্ধাৰ কৰা হৈছে।
জনতা দলৰ (ছেক্যুলাৰ) প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না। ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা প্ৰজ্বল ৰেভান্না বৰ্তমান বেংগালুৰুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। তাতো বহি তেওঁ পৰ্ণগ্ৰাফীৰ নিচাত আসক্ত হৈ থাকে। জেলত তেওঁক এটা মোবাইল দিয়া হৈছে। সেই মোবাইল ফোনতো কেইবা ডজন পৰ্ণগ্ৰাফিক ভিডিঅ’ পোৱা গৈছে।
শেহতীয়াকৈ বিশেষ অপৰাধ শাখাই হাইপ্ৰফাইল কয়দীৰ কাৰাগাৰত তালাচী অভিযান চলাইছিল। সেই তালাচীত দেখা গ’ল যে প্ৰজ্ৱলৰ ফোনত বহুত পৰ্ণগ্ৰাফিক ভিডিঅ’ পোৱা গৈছে। জানিব পৰা মতে তেওঁৰ ফোনত ৮০ৰ পৰা ৯০টা পৰ্ণগ্ৰাফিক ভিডিঅ’ ডাউনলোড কৰা হৈছে। বেছিভাগ বিষয়বস্তু ভাৰতীয় পৰ্ণগ্ৰাফী। আনকি কেইবাগৰাকীও ভাৰতীয় মহিলাই ফোনত নগ্ন হোৱাৰ ভিডিঅ’ও আছে। ফোনটো ফৰেনছিকলৈ প্ৰেৰণ কৰা হৈছে।
তদন্তকাৰীয়ে ফোনত থকা সকলো ভিডিঅ’, ছবি আৰু অন্যান্য ডিজিটেল তথ্য পৰীক্ষা কৰি আছে। তদন্তকাৰীয়ে এই তথ্য ক’ৰ পৰা আহিল, কেতিয়া ডাউনলোড কৰা হ’ল আৰু ৰেভান্নাৰ বিৰুদ্ধে বিচাৰাধীন গোচৰৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক আছে নেকি সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে।
ইতিমধ্যে এই ঘটনাত কাৰাগাৰৰ ভিতৰত প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। বেংগালুৰু কেন্দ্ৰীয় কাৰাগাৰৰ সহকাৰী অধীক্ষকক নিলম্বন কৰা হৈছে। তদুপৰি কাৰাগাৰ অধীক্ষকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে।
ৰেভান্নাৰ কোঠাৰ পৰা মোবাইল ফোনটোৰ উপৰিও এটা পেন ড্ৰাইভ আৰু এটা চাৰ্জাৰ উদ্ধাৰ কৰা হৈছে। প্ৰায় চাৰি-পাঁচ ঘণ্টা ধৰি চলা এই তালাচীত আন কোনো নিষিদ্ধ সামগ্ৰী পোৱা নগ’ল বুলি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। মোবাইল ফোনটো উদ্ধাৰৰ গোচৰত নতুনকৈ এফআইআৰ দাখিল কৰা হৈছে। একেখন কাৰাগাৰতে বন্দী হৈ থকা প্ৰতাপ ৰায় নামৰ এজন বিচাৰাধীন কাৰাবন্দীৰ নামো এই গোচৰত উল্লেখ কৰা হৈছে।
কিছুদিন পূৰ্বে যেতিয়া কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰেভান্নাৰ আজীৱন কাৰাদণ্ড স্থগিত ৰাখি হাছান জিলাত দাখিল কৰা প্ৰথমটো ধৰ্ষণৰ গোচৰত অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিছিল তেতিয়াই এই ঘটনা পোহৰলৈ আহে।
আদালতে কয় যে অপৰাধৰ ভয়াৱহতা আৰু তেওঁৰ বিৰুদ্ধে একাধিক যৌন নিৰ্যাতনৰ গোচৰ চলি থকাটোৱেই তেওঁক জামিন প্ৰদানৰ ক্ষেত্ৰত ডাঙৰ বাধা। আদালতে লগতে কয় যে যদি ৰেভান্না ওলাই আহে তেন্তে তেওঁ সাক্ষীক প্ৰভাৱিত কৰিব আৰু বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে।
উল্লেখ্য যে ২০২৫ চনৰ আগষ্ট মাহত বিশেষ আদালতে ৰেভান্নাক যৌন নিৰ্যাতন, গোপনে আনৰ যৌনতা উপভোগ কৰা আৰু প্ৰমাণ নষ্ট কৰাৰ একাধিক অভিযোগত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰেভান্নাৰ সৈতে জড়িত কেইবাটাও আপত্তিজনক ভিডিঅ’ পোহৰলৈ অহাৰ পিছত এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অৱশ্যে ৰেভান্নাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সদায় অস্বীকাৰ কৰি আহিছে। তেওঁ দাবী কৰে যে ভিডিঅ’বোৰ বিকৃত বা নকল কৰি বনোৱা হৈছে।
ইয়াৰ পিছতে ৰেভান্নাৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু এই গোচৰটো আন এজন ন্যায়াধীশলৈ হস্তান্তৰ বিচাৰিছে। সংশ্লিষ্ট ন্যায়াধীশগৰাকী পক্ষপাতদুষ্ট বুলি অভিযোগ উত্থাপন কৰে। একে সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয়ত তেওঁৰ শাস্তি আৰু দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে আবেদনো বিচাৰাধীন হৈ আছে।





