• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱৰ্তন! ‘প্ৰতাৰণা দিৱস’ হিচাপে গুৱাহাটীৰ ৰাজপথত পালন হ’ল বিশ্ব প্ৰতিবন্ধী দিৱস

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 3, 2018 8:21 pm
Disability Day

বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটোতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ উদ্যোগত প্ৰতিবন্ধীসকলৰ প্ৰতাৰণা দিৱস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধীসকলক ‘দিব্যাংগ’ নাম দি তেওঁলোকৰ প্ৰতি অতুলনীয় মহানুভৱতা থকা যেন দেখুওৱা বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই আজি ৰাজ্যৰ প্ৰতিবন্ধীসকলে বিশ্ব প্ৰতিবন্ধী দিৱসটো ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰে। তেওঁলোকৰ বাবে ‘বিশেষ’ আজিৰ এই দিনটোত মুখত ক’লা কাপোৰ বান্ধি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবন্ধী পুৰুষ-মহিলা।

তাৰ পিছতে প্ৰতিবন্ধীসকলে দীঘলীপুখুৰীপাৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ উদ্যোগত সমবেত হয়। তাৰ পৰা সমদল কৰি কাছাৰী, উচ্চ ন্যায়ালয় হৈ পুনৰ দীঘলীপুখুৰী পাৰত অৱস্থান গ্ৰহণ কৰে। তেওঁলোকে চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদ কৰাৰ লগতে ন্যায্য প্ৰাপ্তিৰ দাবী তোলে।

Apply Now

উল্লেখযোগ্য যে প্ৰতিবন্ধীসকলৰ প্ৰতি মহানুভৱতা, সহায় আৰু তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই আৰু অন্যান্য মানৱতাবাদী সংস্থা-সংগঠন, প্ৰতিষ্ঠানবোৰে ৩ ডিচেম্বৰৰ দিনটো বিশ্ব প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু অসমত এইবাৰ প্ৰতিবন্ধীসকলৰ বাবে উৎসৰ্গিত এই বিশেষ দিনটো প্ৰতিবন্ধীসকলে ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰিব লগীয়া হোৱাটো দুৰ্ভাগ্য হিচাপে চিহ্নিত হৈছে।

পৰিৱৰ্তনৰ শ্ল’গান দি শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে আজি আয়োজন কৰা বিশ্ব প্ৰতিবন্ধী দিৱসৰ কাৰ্যসূচীও বৰ্জন কৰে তেওঁলোকে।

প্ৰতিবন্ধীসকলে অভিযোগ কৰে যে ‘সবকা সাথ সবকা বিকাশ’ৰ কথা কোৱা চৰকাৰখনৰ দিনত প্ৰতিবন্ধীসকলৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত চৰকাৰী চাকৰিত নিযুক্তি, মাহিলি ভাট্টা আদিবোৰ প্ৰতিশ্ৰুতি হৈয়ে থাকিল। গতিকে তেওঁলোকে আজি প্ৰতিবাদ কৰিব লগীয়া হৈছে।

“আজি প্ৰতিবন্ধীসকলৰ বাবে এটা বিশেষ দিন। এই দিনটোত আমি ৰং-ৰইচ কৰাৰ বিপৰীতে চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদ কৰিব লগীয়া হৈছে। আমাৰ দাবীসমূহ ১ ডিচেম্বৰৰ ভিতৰত পূৰণ কৰাৰ আহ্বান জনাইছিলো কিন্তু সেয়া হৈ নুঠিল।” সমদলৰ নেতৃত্ব দি প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰে কয়।

মালাকাৰে চৰকাৰৰ প্ৰতাৰণাৰ বিষয়ে জানিবলৈ দি কয়, “প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৪,৪১৯টা পদৰ নিযুক্তি এতিয়াও চৰকাৰে দিয়া নাই। চৰকাৰে প্ৰতিবন্ধীসকলক এহেজাৰ টকা মাহিলি ভাট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই ধনো আদায় দিয়া নাই।”

ইয়াৰ উপৰি প্ৰতিবন্ধীসকলৰ বাবে বিশেষ সঞ্চালকালয় স্থাপনৰো দাবী কৰি অহা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, আটাইখিনি কাম নহ’লেও কিছু সংখ্যক দাবী পূৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছিল যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

আনহাতে, বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত এহেজাৰ টকাৰ মাহিলি ভাট্টাৰ ধন আদায় দিয়া বুলি মিছা মাতিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “অসমৰ কোনো এখন ঠাইত এজনো প্ৰতিবন্ধী লোক নোলাব, যিয়ে এই ভাট্টাৰ ধন লাভ কৰিছে।”

ইয়াৰ উপৰি যোৱা ৫ অক্টোবৰত দিচপুৰত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবন্ধীসকলৰ ওপৰত আৰক্ষী জঁপিয়াই পৰা কাৰ্যৰ গৰিহণা দি তেওঁ কয়, “উগ্ৰতৰা মন্দিৰৰ বিগ্ৰহ চোৰক ধৰিব নোৱৰা, ধলা কাণ্ডৰ হত্যাকাৰীক চিনাক্ত কৰিব নোৱৰা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰিছিল।”

তেওঁ লগতে সিদিনা দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষোভ উজাৰে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত দৃষ্টিহীন পৰিষদ, অসম; সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থা, অল বি টি এ ডি প্ৰতিবন্ধী সুৰক্ষা সংস্থায়ো সহযোগ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd