NORTHEAST NOW (Assamese)

শিৱসাগৰত আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ প্ৰস্তুতি

February 27, 2019 6:48 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: February 27, 2019 6:57 am
শিৱদৌলৰ আলোকচিত্ৰ

ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদ’লত ৩ ৰ পৰা ৬ মাৰ্চলৈকে চাৰিদিনীয়া কাৰ্য্যসূচীৰে  অনুষ্ঠিত হব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী আৰু আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ। বিগত বৰ্ষৰ পৰা শিৱসাগৰৰ শিৱৰাত্ৰীক এক অনন্য মাত্ৰা প্ৰদান কৰি আৰম্ভ হৈছে আন্ত: ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ। আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱখনি উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে।

৩ মাৰ্চৰ সন্ধিয়া ৬ বজাত শিৱ বন্দনাৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পিছতেই উত্তৰ-পূবৰ সাংস্কৃতিক দলৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হব।  তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাঙ্কন, ভেশচন, কুইজ, কবিতা আবৃত্তি, শিৱৰ বেশভূষা, ভক্তিমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্য  শিল্পীৰ অনুষ্ঠানৰ লগতে থাইলেণ্ডৰ সাংস্কৃতিক দলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ দ্বাৰা “একাদশ ৰুদ্ৰ অৱতাৰ আৰু ৰাৱণৰ মুক্তি লাভ” ভাওনা প্ৰদৰ্শনেৰে আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ সামৰণি পৰিব।

আনহাতে,  শিৱ দ’ল প্ৰাঙ্গন, ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত হবলগীয়া মেলাত তীৰ্থযাত্ৰী আৰু পৰ্যটনৰ বিপুল সমাগমৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিয়ে সমগ্ৰ অঞ্চলত নিৰাপত্তা  ব্যৱস্থা কটকটীয়া কৰাৰ বাবে চি চি টি ভি কেমেৰাৰ সংলগ্ন কৰাৰ দিহা কৰিছে। শিৱৰাত্ৰী মহোৎসৱত পূজা অৰ্চনাৰ বাবে অহা তীৰ্থ যাত্ৰীসকলৰ সুবিধাৰ বাবে দ’ল উন্নয়ন পৰিষদৰ অধীনস্থ যাত্ৰী নিৱাসটো সু-সজ্জিত ৰূপত সজাই তোলা হৈছে।

Related News