৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে। শুকুৰবাৰে নিশা তেওঁৰ ভাষণ আৰম্ভ হোৱাৰ আগতেই ‘বন্দে মাতৰম’ আৰু ‘জন গণ মন’ বাজি উঠে। এইবাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে ‘বন্দে মাতৰম’ বাজি থকা শুনা গৈছিল।
ইয়াৰ পিছতে ভাষণ আৰম্ভ কৰি তেওঁ কয়, “ভাৰতক শ্ৰেষ্ঠ কৰি তুলিব লাগিব, তেতিয়াহে স্বাধীনতা সাৰ্থক হ’ব।” তেওঁৰ ভাষণত প্ৰশ্নকাকত ফাদিলৰ পৰা আৰম্ভ কৰি অপাৰেচন সিন্দুৰলৈকে বিভিন্ন বিষয় সামৰি লোৱা হয়। নক্সালমুক্ত দেশৰ প্ৰসংগও তুলি ধৰে। তেওঁ সোঁৱৰাই দিয়ে যে সমাজৰ সকলো স্তৰতে উন্নয়ন নহ’লে বিকশিত ভাৰত নহ’ব৷
ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে সাম্প্ৰতিক সময়ৰ জ্বলন্ত বিষয় যেনে NEET প্ৰশ্নকাকত ফাদিল, যন্তৰ মন্তৰত হোৱা প্ৰতিবাদ ইত্যাদি সন্দৰ্ভত তেওঁ কি ক’ব সেই বিষয়ে আগ্ৰহ বাঢ়িছিল। ৰাষ্ট্ৰপতিয়ে কয় ‘’শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ বাবে সকলোৱে আগুৱাই আহিব লাগিব।‘’ তেওঁ কয় যে পৰীক্ষা ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন। দেশৰ নৱপ্ৰজন্মৰ যাতে শিক্ষা ব্যৱস্থাৰ প্ৰতি ভৰসা থাকে। তেওঁৰ সামগ্ৰিক আবেদন আছিল, “মানুহৰ কথা শুনা উচিত। কাকো ন্যায়ৰ পৰা বঞ্চিত কৰা উচিত নহয়।”
একে সময়তে ৰাষ্ট্ৰপতিয়ে কয়, “আমাৰ ত্ৰিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। ভাৰতক শ্ৰেষ্ঠ কৰি তুলিব লাগিব, তেতিয়াহে স্বাধীনতা সাৰ্থক হ’ব।” তেওঁ সোঁৱৰাই দিয়ে যে, “অন্নদাতা,ছাত্ৰ-ছাত্ৰী, শিল্পী, সমাজকৰ্মী, অনাময় কৰ্মীয়ে দেশক আগুৱাই লৈ গৈছে।” তেওঁ লগতে সেনা-আৰক্ষীৰ দক্ষতাক প্ৰশংসা কৰে। প্ৰবাসী ভাৰতীয়সকলকো প্ৰশংসা কৰা হয়।
তেওঁ ‘মিছন ২০৪৭’ৰ বিষয়েও কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ‘উন্নত ভাৰত’ গঢ়াৰ আহ্বান জনায়। আজি বিভাজন বিভীষিকা দিৱস। সেই প্ৰসংগত ৰাষ্ট্ৰপতিয়ে কয়, “১৪ আগষ্ট বিভাজন বিভীষিকা দিৱস। লাখ লাখ মানুহে বিভাজনৰ যন্ত্ৰণা সহ্য কৰিছে। তথাপিও তেওঁলোকে নিজৰ শিপা পাহৰা নাই।”
তেওঁৰ ভাষণত সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ প্ৰসংগও উত্থাপিত হয়। তেওঁ কয় যে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলে য’তেই লুকাই নাথাকক কিয়, ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। তেওঁ উল্লেখ কৰে যে অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিৰুদ্ধে এক নিখুঁত আঘাত দিয়াৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ শক্তি প্ৰমাণ কৰিছে। তেওঁ লগতে কয়, “বিশ্বই সিন্দুৰ দেখিছে। সন্ত্ৰাসবাদ সহ্য কৰা নহ’ব। সেনাবাহিনীক চেলুট।” তেওঁ সোঁৱৰাই দিয়ে যে আজি ভাৰত নক্সাল মুক্ত হৈছে।
ৰাষ্ট্ৰপতিয়ে সোঁৱৰাই দিয়ে যে দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ৩২ কোটিৰো অধিক মহিলাৰ বেংক একাউণ্ট আছে। একে সময়তে তেওঁ কয় যে, “পৰম্পৰা আৰু উন্নয়ন, সাংস্কৃতিক গৌৰৱৰ সংমিশ্ৰণে দেশক আত্মিক শক্তি প্ৰদান কৰে।” ‘ডিজিটেল ৰিভল্যুচন’ কথাওও তেওঁৰ ভাষণত আছিল।
পৰিবেশ ৰক্ষাৰ বাৰ্তাও প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁৰ ভাষণত ৰবুনাথ মুৰ্মুৰ সন্তলী ভাষাত লিখা এটি গীতৰ প্ৰসংগ উল্লেখ কৰা হয়। গীতটোত কোৱা হৈছে, ‘মহি যোৱা গছ দেখি ভাটৌ চৰাইয়ে কান্দে। ইফালে মানৱ সভ্যতাৰ ধ্বংস দেখিও আমি কিয় উদাসীন!’
এই মুহূৰ্তত পশ্চিম এছিয়া যুদ্ধৰ জুইত জ্বলি আছে। সমগ্ৰ বিশ্বত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে কয়, “সেই যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে। তথাপিও আমাৰ অৰ্থনীতি দ্ৰুতগতিত আগবাঢ়িছে। আত্মনিৰ্ভৰশীলতা অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনীতি শক্তিশালী হৈছে।” তেওঁ লগতে কয় যে ভাৰতে বৈদেশিক নীতিত ‘বসুধৈৱ কুটুম্বকম’ অনুসৰণ কৰি চলে।


