বিজেপি নেতৃত্বাধীন অসম চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
সংবাদমেলযোগে বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনায় টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্বই।
‘বিজেপি শাসিত ৰাজ্য চৰকাৰৰ যোৱা বিধানসভা নিৰ্বাচনৰ “ভিজন ডকুমেণ্ট”ত চৰকাৰ গঠন হলেই ঠিকাভিত্তিক টেট্ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হব বুলি উল্লেখ আছিল। অতি পৰিতাপৰ বিষয় এয়াই যে ,আজিলৈ এই সমস্যাৰ সমাধান নহ’ল।‘ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদমেলত এইদৰে কয় টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই।
যোৱা ইংৰাজী ০৭/০৬/২০২০ তাৰিখে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাময়িক সকাহ হিচাপে এই শিক্ষক সকলক ৬০ বছৰলৈ চাকৰি সুৰক্ষা প্ৰদানৰ লগতে অন্যান্য কিছু অতিৰিক্ত সা-সুবিধা প্ৰদান কৰিছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।
তেওঁ আৰু কয় ‘ইতিমধ্যে কেবিনেটৰ এই সিদ্ধান্তৰ নিৰ্দেশনাও ওলাইছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে কিছুদিন পাছতে শিক্ষা বিভাগে এই সকল শিক্ষকক নতুন চুক্তি পত্ৰত চহী কৰিবলৈ দিয়ে। এই চুক্তিপত্ৰ ৰাজহুৱা হোৱাৰ লগে লগে সকলো শিক্ষকে একলগে ইয়াৰ বিৰোধীতা কৰে।‘
ইপিনে, প্ৰতিখন জিলাত ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলৰ মতামত গ্ৰহণ কৰি জিলা সমিতি সমূহৰ পৰা “সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজে” লিখিত পৰামৰ্শ লয় আৰু এখন ডিজিটেল কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে নতুন চুক্তিপত্ৰত স্বাক্ষৰ নকৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি সেই প্ৰস্তাৱ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকক প্ৰদান কৰা হয় বুলি তেওঁ জনায়।
তদুপৰি, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীকো সাক্ষাৎ কৰি বিষয়টো সমাধানৰ বাবে অনুৰোধ জনোৱা হয় বুলি তেওঁ সংবাদমেলত জনায়।
আনহাতে, একেখন সংবাদমেলত উপস্থিত থকা সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয় ‘সাময়িক ভাৱে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া সকাহ শিক্ষক সমাজে আদৰণি জনাইছিল যদিও শিক্ষাবিভাগে হঠাৎ দিয়া চুক্তিপত্ৰই সকলোকে আচৰিত কৰি তুলিছে। এনে চুক্তি পত্ৰ কেতিয়াও গ্ৰহণ যোগ্য নহয় আৰু মন্ত্ৰীয়ে ঘোষণা কৰা সাময়িক সকাহ এক নিৰ্দেশনাৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হওক, চুক্তিৰ জৰিয়তে নহয়।‘
সংবাদ মেলত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰণৰ দাবী জনাই ৰচিদে কয় ‘উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ বাধাৰ বাবে নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি শিক্ষামন্ত্ৰীয়ে। ইতিমধ্যে যোৱা ১০ দিন আগত চুবুৰীয়া ৰাজ্য মণিপুৰত সকলো ঠিকাভিত্তিক কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছে। গতিকে একেখন দেশৰ দুখন ৰাজ্যৰ বাবে পৃথক আইন নিশ্চয় নহয়। গতিকে, টেট্ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত কোনো বাধা নাই সেয়া নিশ্চিত।‘
তেওঁ লগতে কয় ‘শিক্ষাৰ অধিকাৰ আইন ২০০৯(RTE) আৰু কেন্দ্ৰীয় চৰকাৰৰ পেব( PAB)ৰ নিৰ্দেশনা অনুযায়ী এই শিক্ষক সকলক অতি শীঘ্ৰে নিযুক্তিৰ ডুৱেল কেডাৰ ভংগ কৰি প্ৰাথমিক শিক্ষা বিভাগৰ অধীনলৈ নিবলৈ আহ্বান জনায়। নতুন চুক্তিপত্ৰ বাতিল কৰিব লাগে‘।
আনহাতে, নিম্ন প্ৰাথমিক শিক্ষক সকলে যোৱা ২০১৭ চনৰ পৰাই পাবলগীয়া বৰ্দ্ধিত গ্ৰেড পে সৰ্বশিক্ষাৰ এটা কাৰ্যালয়ৰ লেহেমীয়া গতি আৰু অৱহেলাৰ বাবে হৈ উঠা নাছিল বুলিও ৰচিদে অভিযোগ তোলে।
ইয়াৰোপৰি নিম্ন প্ৰাথমিক শিক্ষকৰ যোগ্যতা মতে চৰকাৰী নিৰ্দেশনা অনুসৰি গ্ৰেড-পেৰ সমস্যা অতি সোনকালে সমাধান কৰাৰ লগতে যোৱা ২০১৯ চনৰ জুলাই মাহৰ পৰা পাব লগীয়া ৫% মৰগীয়া ভাট্টা বকেয়া সহ মুকলি কৰি দিবলৈ দাবী কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে।
ইপিনে, ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়া শিক্ষকৰ সম মৰ্য্যদা দিয়াৰ কথা শিক্ষা মন্ত্ৰীয়ে প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত কোনো ঠিকাভিত্তিক শিক্ষক কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰিলে অৱসৰকালীন সময়লৈ নিয়মীয়া কৰ্মচাৰীৰ দৰে দৰমহা তথা পৰিয়ালটোৰ ভৰণ-পোষণৰ ব্যৱস্থা কৰিবলৈ দাবী কৰে সংগঠনটোৱে।