• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহে ভয় কৰে আপক – আতিশী

অসমৰ থলুৱা লোকে মাটিৰ পট্টা পোৱা নাই, কিন্তু পট্টা লাভ কৰিব বিদেশীয়ে - আতিশী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 10, 2024 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যদি কোনো দলক ভয় কৰে সেই দলটোৱে হৈছে আম আদমী পাৰ্টি। অসমৰ ডিব্ৰুগড় আৰু শোণিতপুৰত আপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেই প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি বিজেপিৰ আন আন নেতা সকলেও এই দুটা সমষ্টিত প্ৰচাৰৰ বাবে আহিবলগীয়া হৈছে। আপৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে যে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এয়াই প্ৰমাণ। ” – তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমত দলৰ দুগৰাকী প্ৰাৰ্থীৰ  হকে নিৰ্বাচনী প্ৰচাৰ চলোৱা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে আজি তেজপুৰত এক সংবাদমেলত এনেদৰে মন্তব্য প্ৰকাশ কৰে।

‘দিল্লীত চৰকাৰ চলোৱা আপক পূৰ্বেই অসমৰ মানুহে আদৰি লৈছিল। গুৱাহাটী পৌৰ নিগম আৰু তিনিচুকীয়া পৌৰ সভাৰ নিৰ্বাচনত আপৰ দুগৰাকী প্ৰাৰ্থীক অসমৰ ৰাইজে বিজয়ী কৰিছিল। ‘ এই প্ৰসংগ উল্লেখ কৰি আপৰ নেত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে এইবাৰৰ লোকসভা নিৰ্বাচনতো দলৰ দুয়োগৰাকী প্ৰাৰ্থীক ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটাৰে জয়যুক্ত কৰিব।

Apply Now

সংবাদমেলত নিৰ্বাচন আয়োগ আৰু প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধেও সৰৱ হয় আতিশী । নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছত  প্ৰশাসনে একপক্ষীয় ভাবে বিজেপিৰ হকে কাম কৰাৰ অভিযোগ উত্থাপন কৰে আতিশীয়ে। মঙলবাৰে তিনিচুকীয়াত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ থকাৰ বাবে তেওঁলোকতকৈ আগতেই ৰোড শ্ব’ৰ বাবে অনুমতি লোৱা আপৰ কাৰ্যসূচীত প্ৰশাসনে বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে।

‘ক্ষমতালৈ অহাৰ পূৰ্বে বিজেপিয়ে অসমৰ চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। চাহ বাগিছাৰ লোকসকলৰ মাটিৰ পট্টাও নিদিলে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। ‘ সংবাদমেলত এনেদৰে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযোগ উত্থাপন কৰে আতিশীয়ে।

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তেওঁ কয় যে বিজেপি চৰকাৰে এই আইনৰ জৰিয়তে বিদেশীক আমাৰ দেশত মাটি – ভেটি দিয়াৰ ব্যৱস্থা কৰিছে । অথচ অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলক মাটিৰ পট্টা দিয়া নাই। ‘ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত দলৰ নেত্ৰীগৰাকীয়ে কয় -‘ প্ৰধানমন্ত্ৰী মোডীৰ বাবে একমাত্ৰ ভয় হৈছে অৰবিন্দ কেজৰিৱাল। সেইবাবেই কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। ‘

উল্লেখ্য যে আতিশীৰ সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু দলৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd