• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহে ভয় কৰে আপক – আতিশী

অসমৰ থলুৱা লোকে মাটিৰ পট্টা পোৱা নাই, কিন্তু পট্টা লাভ কৰিব বিদেশীয়ে - আতিশী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 10, 2024 9:00 pm
2.4k
VIEWS
Share on FacebookShare on Twitter

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে যদি কোনো দলক ভয় কৰে সেই দলটোৱে হৈছে আম আদমী পাৰ্টি। অসমৰ ডিব্ৰুগড় আৰু শোণিতপুৰত আপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেই প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰি বিজেপিৰ আন আন নেতা সকলেও এই দুটা সমষ্টিত প্ৰচাৰৰ বাবে আহিবলগীয়া হৈছে। আপৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে যে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এয়াই প্ৰমাণ। ” – তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমত দলৰ দুগৰাকী প্ৰাৰ্থীৰ  হকে নিৰ্বাচনী প্ৰচাৰ চলোৱা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে আজি তেজপুৰত এক সংবাদমেলত এনেদৰে মন্তব্য প্ৰকাশ কৰে।

‘দিল্লীত চৰকাৰ চলোৱা আপক পূৰ্বেই অসমৰ মানুহে আদৰি লৈছিল। গুৱাহাটী পৌৰ নিগম আৰু তিনিচুকীয়া পৌৰ সভাৰ নিৰ্বাচনত আপৰ দুগৰাকী প্ৰাৰ্থীক অসমৰ ৰাইজে বিজয়ী কৰিছিল। ‘ এই প্ৰসংগ উল্লেখ কৰি আপৰ নেত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে এইবাৰৰ লোকসভা নিৰ্বাচনতো দলৰ দুয়োগৰাকী প্ৰাৰ্থীক ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটাৰে জয়যুক্ত কৰিব।

সংবাদমেলত নিৰ্বাচন আয়োগ আৰু প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধেও সৰৱ হয় আতিশী । নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছত  প্ৰশাসনে একপক্ষীয় ভাবে বিজেপিৰ হকে কাম কৰাৰ অভিযোগ উত্থাপন কৰে আতিশীয়ে। মঙলবাৰে তিনিচুকীয়াত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ থকাৰ বাবে তেওঁলোকতকৈ আগতেই ৰোড শ্ব’ৰ বাবে অনুমতি লোৱা আপৰ কাৰ্যসূচীত প্ৰশাসনে বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে।

‘ক্ষমতালৈ অহাৰ পূৰ্বে বিজেপিয়ে অসমৰ চাহ বাগিছাৰ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। চাহ বাগিছাৰ লোকসকলৰ মাটিৰ পট্টাও নিদিলে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। ‘ সংবাদমেলত এনেদৰে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযোগ উত্থাপন কৰে আতিশীয়ে।

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তেওঁ কয় যে বিজেপি চৰকাৰে এই আইনৰ জৰিয়তে বিদেশীক আমাৰ দেশত মাটি – ভেটি দিয়াৰ ব্যৱস্থা কৰিছে । অথচ অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলক মাটিৰ পট্টা দিয়া নাই। ‘ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰসংগত দলৰ নেত্ৰীগৰাকীয়ে কয় -‘ প্ৰধানমন্ত্ৰী মোডীৰ বাবে একমাত্ৰ ভয় হৈছে অৰবিন্দ কেজৰিৱাল। সেইবাবেই কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে। ‘

উল্লেখ্য যে আতিশীৰ সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু দলৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যও উপস্থিত থাকে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd