• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি নিশা ৮:৩০ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি মোডীৰ ভাষণ; কি ঘোষণা হোৱাৰ সম্ভাৱনা?

এন ই নাও নিউজ,নতুন দিল্লী by এন ই নাও নিউজ,নতুন দিল্লী
May 21, 2026 11:09 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নিশা ঠিক ৮:৩০ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কি কি বিষয়কলৈ বক্তব্য ৰাখিব, নতুন কিবা ঘোষণা কৰিব নেকি? ইতিমধ্যে ইয়াক লৈ সমগ্ৰ দেশতে জল্পনা-কল্পনা আৰম্ভ হৈছে।

এন ডি এয়ে মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত গৃহীত কৰিব নোৱাৰিলে। শুকুৰবাৰে ভোটদানত স্তব্ধ হৈ পৰে সংশোধনী বিধেয়কখন। ঠিক তাৰ পিছদিনাই এই বিষয়টো প্ৰধানমন্ত্ৰীয়ে জাতিটোক দিয়া ভাষণত অন্তৰ্ভুক্ত হ’ব পাৰে বুলি ৰাজনৈতিক মহলৰ অধিকাংশই অনুমান কৰিছে। তেওঁ কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব সেই সন্দৰ্ভত একো জনোৱা নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।

Apply Now

সংবিধান সংশোধনী বিধেয়কক লৈ দেশৰ ৰাজনীতি অস্থিৰ হৈ পৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ভাষণ দিয়াৰ কথা ঘোষণা কৰিছে। এই বিধেয়কখনে লোকসভাত প্ৰয়োজনীয় দুই তৃতীয়াংশৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয়।

এই বিধেয়কখনত সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩% সংৰক্ষণ প্ৰৱৰ্তন, লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি আৰু ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত পুনৰ সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়া হৈছিল। আনহাতে ২৯৮ জন সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ২৩০ জন সাংসদে বিৰোধিতা কৰে।

সূত্ৰ অনুসৰি, শনিবাৰৰ কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘দোষী’ আখ্যা দি বিধেয়কখনক সমৰ্থন নকৰাৰ বাবে বিৰোধীয়ে মহিলাৰ বিৰুদ্ধে স্থিতি লোৱাৰ অভিযোগ উত্থাপন কৰে। বিৰোধীৰ এই স্থিতিক ডাঙৰ ভুল বুলি অভিহিত কৰি ভৱিষ্যতে ইয়াৰ ৰাজনৈতিক মূল্য দিব লাগিব বুলি সকীয়াই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বিৰোধীৰ মহিলাৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী আছে। সূত্ৰ অনুসৰি বিৰোধী দলসমূহে এতিয়া নিজৰ স্থিতি বুজাবলৈ বিপাঙত পৰিছে। এন ডি এৰ দাবী, লোকসভাত বিধেয়কখন গৃহীত নোহোৱাৰ বাবে মহিলাৰ বাবে সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণৰ বিষয়টো অনিশ্চয়তাৰ মাজত পৰি ৰ’ল। এতিয়া সকলোৰে দৃষ্টি আজি নিশা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ওপৰত।

ইপিনে, মধ্যপ্ৰাচ্যতো যুদ্ধ চলি আছে। সমগ্ৰ দেশতে গেছৰ সংকটৰ সৃষ্টি হৈছে। কেন্দ্ৰই বাৰে বাৰে দাবী কৰি আহিছে যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ তেল আৰু গেছ মজুত আছে। অৱশ্যে ইন্ধন লকডাউনৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। মুঠৰ ওপৰত এইবাৰ মোডীৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণক লৈ উৎকন্ঠিত হৈ ৰৈছে দেশবাসী।

এন ই নাও নিউজ,নতুন দিল্লী

এন ই নাও নিউজ,নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd