আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চললৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰাণৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় আৰু যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু তপন গগৈৰ হৈ প্ৰচাৰ চলায়।
ভাষণৰ আৰম্ভণিতে মোডীয়ে অসমক চ্যুকাফা, চুতীয়া আৰু অন্যান্য ৰজা সকলৰ পৱিত্ৰ ভূমি বুলি উল্লেখ কৰি বিজেপি চৰকাৰে ড০ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰিব পোৱাটো তেওঁৰ সৌভাগ্য বুলি মন্তব্য কৰে।
আনহাতে, স্বাধীনতাৰ সত্তৰ বছৰ পাছত অসমৰ মাত্ৰ ৪০ শতাংশ লোকে বিজুলী সংযোগ লাভ কৰিছিল কিন্তু বিজেপি চৰকাৰে পাঁচ বছৰতে প্ৰায় সকলো লোকলৈ বিজুলী সংযোগ দিয়া বুলি মোডীয়ে কয়। অসমৰ ২৭ লাখ পৰিয়ালৰ লোকক বছৰি পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা বিজেপি চৰকাৰৰ দিনতে সম্ভৱ হোৱা বুলি মোডীয়ে মন্তব্য কৰি তেওঁক ৰাইজৰ কাৰণে এইখিনি সেৱা আগবঢ়াব সুবিধা দিয়া বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।
তদুপৰি, বিশ্বক প্ৰসিদ্ধ অসমৰ চাহ খুওৱা অসমৰ চাহ জনগোষ্ঠীৰ প্ৰয়োজনীয় নিম্নতম সুবিধাখিনি কংগ্ৰেছে কিয় ৭০ বছৰত পূৰণ কৰিব নোৱাৰিলে বুলি মোদীয়ে প্ৰশ্ন কৰি বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলৰ বাবে ভালেমান উন্নয়ণমূলক আঁচনি হাতত লোৱা বুলি কয়।
কংগ্ৰেছে দীৰ্ঘদিন ধৰি অৱহেলাৰে পেলাই থোৱা চুক্তি ৰূপায়ণৰ বাবে বিজেপি চৰকাৰে কাৰ্য্যব্যৱস্থা হাতত লোৱা বুলি মোডীয়ে উল্লেখ কৰি অসমৰ ঐতিহ্য আৰু পৰম্পৰাক ৰক্ষা কৰি বিজেপি চৰকাৰে সেই কাম সম্পূৰ্ণ কৰিব বুলি তেওঁ কয়।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগতো সংবিধান অনুযায়ী টাই-আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী,চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিদেশী সকলক চিনাক্তকৰণৰ বাবে নাগৰিক পঞ্জী উন্নয়ণৰ কামো হাতত লৈছে বুলি মন্তব্য কৰে।
তদুপৰি, বিজেপি চৰকাৰে অসমৰ তৈল খণ্ডতো বিনিয়োগ বৃদ্ধি কৰা বুলি কয় মোডীয়ে। লগতে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত চৰকাৰে লোৱা কঠোৰ সিদ্ধান্তৰ বাবে কংগ্ৰেছৰ নিদ্ৰা ভংগ হোৱা বুলি তেওঁ সমালোচনা কৰে।
বিজেপি চৰকাৰে বগীবিল, ঢলা শদিয়াৰ দলঙৰ কাম সম্পূৰ্ণ কৰি মৰাণ আৰু উত্তৰ-পূবৰ লগত দিল্লীৰ যোগাযোগ ব্যৱস্থাও বৰ্তমানৰ চৰকাৰখনৰ দিনতে আগবঢ়া বুলি কয় মোদীয়ে।
শিক্ষাৰ ক্ষেত্ৰতো তিনিচুকীয়াত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ত ক্ৰীড়া বিশ্ববিদ্যালয়, দিব্যাংগ সকলৰ বাবে আই টি আই আদি বিজেপি চৰকাৰৰ কামৰ উল্লেখযোগ্য নমুনা বুলি মোদীয়ে মন্তব্য কৰে।