• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

তেওঁলোকৰ চাপত আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল কেন্দ্ৰই। সেই পঁইতাচোৰাৰ ঢৌৰ মাজতে নিজেই আফটাৰশ্বক সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2026 12:05 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দেশৰ যুৱক-যুৱতীৰ এটা শ্ৰেণীক উপহাস কৰি পইঁতাচোৰা আখ্যা দিছিল। সেই এটা শব্দই বিজেপি আৰু মোডী চৰকাৰৰ বাবে ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি কৰিছিল। ১২ বছৰৰ সৰ্বশক্তিমান ভাবমূর্তি ভংগ কৰি ভাৰতত নিজকে পঁইতাচোৰা আখ্যা দি জেন-জি সকলে প্ৰতিবাদৰ এক নতুন ঢৌৰ জন্ম দিছে। তেওঁলোকৰ চাপত আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল কেন্দ্ৰই।

সেই পঁইতাচোৰাৰ ঢৌৰ মাজতে নিজেই আফটাৰশ্বক সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত তেওঁ চৰকাৰৰ বিৰোধীক ‘ডিমাগি নক্সাল’ বুলি অভিহিত কৰে। সেই শব্দচয়নক আহিলা হিচাপে ব্যৱহাৰ কৰি পুনৰ উত্থাপিত হৈছে এক শক্তিশালী চৰকাৰ বিৰোধী লহৰ।

Apply Now

ককৰোচৰ পিছত ডিমাগি নক্সাল অৰ্থাৎ শিক্ষিত সমাজৰ দ্বৈত চাপ। বিৰোধী দলৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মলৈকে-সকলোতে। কেতিয়াবা প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰম আৰু কেতিয়াবা অৰবিন্দ কেজৰিৱাল – তেওঁলোকে মুকলিকৈ ঘোষণা কৰিছে, ‘মই এজন গৌৰৱান্বিত ডিমাগি নক্সাল।’

বিৰোধীৰ কটুক্তি, আৰবান পৰা ডিমাগি নক্সাল। শিক্ষিত বুদ্ধিজীৱীসকলে চৰকাৰক প্ৰশ্ন কৰাৰ প্ৰৱণতাক লৈ প্ৰধানমন্ত্ৰীৰ ইমান আপত্তি কিয়? এটাৰ পিছত এটাকৈ আক্ৰমণ, কিয় অহৰহ আক্ৰমণাত্মক আখ্যা?

এই বিষয়টো কেৱল চৰকাৰ আৰু বিৰোধীৰ নৈমিত্তিক সংঘাতৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ককৰোচৰ শৈলীত নিশাটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত এটা নতুন একাউণ্ট সৃষ্টি হৈছে – ডিমাগি নক্সাল জনতা পাৰ্টি। ঠিক ককৰোচ জনতা পাৰ্টিৰ দৰেই। সোমবাৰে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে এই ইনষ্টাগ্ৰাম একাউণ্টটোৱে প্ৰায় দুই লাখ ফ’ল’ৱাৰ লাভ কৰে।

এক্স হেণ্ডেলতো একে নামৰ এটা একাউণ্টো সৃষ্টি কৰা হৈছিল। ছ’চিয়েল মিডিয়াৰ যুদ্ধৰ তীব্ৰতা ইমানেই হ’ল যে সোমবাৰে একাউণ্টটোৱে অভিযোগ কৰে যে তেওঁলোকৰ ডিমাগি নক্সাল জনতা পাৰ্টিৰ জনপ্ৰিয়তাক লৈ চৰকাৰে আতংকিত হৈ পৰিছে। কাৰণ, কোনো অদৃশ্য শক্তিৰ নিৰ্দেশত তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰা হৈছিল। সেই একাউণ্টটো পিছত ঘূৰি আহে। আৰু ইয়াৰ উভতি অহাৰ লগে লগে অনুগামীৰ সংখ্যা ২.৫ লাখ অতিক্ৰম কৰিলে।

তাৰ পিছত আকৌ বন্ধ কৰি দিয়া হ’ল। কিন্তু তেতিয়ালৈকে ‘ডিমাগি নক্সাল’ সকলেও এটা নতুন একাউণ্ট সৃষ্টি কৰিছিল – যাৰ নাম আছিল অল ইণ্ডিয়া ডিমাগি নক্সাল জনতা পাৰ্টি। তাৰ পিছত ইটোৰ পিছত সিটো এনে একাউন্ট। ককৰোচ জনতা পাৰ্টিৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতা আৰু জনসাধাৰণৰ মাজলৈ যোৱা – ছ’চিয়েল মিডিয়াত বিদ্ৰোহ আৰু প্ৰচাৰে এক নতুন ধাৰাৰ জন্ম দিছে।

‘ডিমাগি নক্সাল’ আখ্যাৰ বাবে বিজেপি যে প্ৰবল চাপত পৰিছে তাৰ প্রমাণ দেওবাৰে নিজেই পোৱা গ’ল৷ ‘ভুল বাৰ্তা’ যাতে দেশবাসীৰ ওচৰলৈ নাযায় তাৰ বাবে কেন্দ্ৰই তৎপৰতা অৱলম্বন কৰে। ডেমেজ কন্ট্ৰোলৰ বাবে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ বাৰ্তা আছিল, ‘প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ বাবে এই শব্দচয়ন ব্যৱহাৰ কৰা নাছিল। মূলতঃ ৰাষ্ট্ৰ বিৰোধী স্থিতি গ্ৰহণ কৰাসকলৰ কথা তেওঁ ক’ব বিচাৰিছিল।’ উদাহৰণ স্বৰূপে তেওঁ কয়, যেনে ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধিতা।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ওলোটা আক্ৰমণৰ পথ গ্ৰহণ কৰি কয়, “চিদাম্বৰমে তেওঁ ডিমাগি নক্সাল বুলি কোৱাটো বৰ চিন্তনীয়। চৰকাৰে তদন্ত কৰা উচিত।” সুধাংশু ত্ৰিবেদীৰো একেই সুৰ—”প্ৰাক্তন গৃহমন্ত্ৰীজন নিজেই নক্সাল! বৰ চিন্তাৰ বিষয়!” বিজেপিৰ সাংসদ ব্রিজলালে কয়, “শিক্ষিত, বৌদ্ধিক সমাজৰ কিছুমান মানুহৰ হাতত অস্ত্ৰ-শস্ত্ৰ নাথাকিবও পাৰে। কিন্তু এই শ্ৰেণীৰ মগজুৰ তীক্ষ্ণতা নক্সালতকৈ বেছি বিপদজনক। ডিমাগ অৰ্থাৎ মগজু।”

প্ৰশ্ন উত্থাপন হয়, শিক্ষিত সমাজে প্ৰশ্ন কৰাক লৈ হঠাতে মোডী চৰকাৰ কিয় ইমান চিন্তিত? আপত্তি ক’ত? মগজুত?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd