প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন। সেইদিনা হিন্দুত্ববাদী আদৰ্শৰ নেতা বিনায়ক দামোদৰ সাভাৰকাৰ চমুকৈ বীৰ সাভাৰকাৰৰ ১৪০ সংখ্যক জয়ন্তী।লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বান জনায় বুলি লোকসভা সচিবালয়ে প্ৰকাশ কৰিছে।
নতুন সংসদ ভৱনত ৮৮৮ জন আৰু ৰাজ্যসভাত ৩০০ জন সদস্য একেলগে বহিব পাৰিব। দুয়োটা সদনৰ যৌথ অধিৱেশনৰ সময়ত লোকসভাৰ ১২৮০জন সদস্যক একেলগে বহিবলৈ দিয়া হ’ব।
লগতে পঢ়ক: উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষীৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন লোকসভা ভৱনৰ আধাৰশিলা স্থাপন কৰে। লোকসভা সচিবালয়ে কয় যে, মান বজাই ৰাখি অভিলেখ সময়ত নতুন সংসদ ভৱন নিৰ্মাণ কৰা হৈছে। কাম সোনকালে সম্পূৰ্ণ হৈ উঠিল।
বৰ্তমানৰ সংসদ ভৱনটো ১৯২৭ চনত ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল। এই সংসদ ভৱনটো বৰ্তমান ৯৬ বছৰ পুৰণি। বৰ্তমানৰ লোকসভা ভৱন ভাৰতৰ দীৰ্ঘ ইতিহাসৰ সাক্ষী। এই সংসদ ভৱনত দেশৰ স্বাধীনতা দেখা গ’ল। সংবিধান গ্ৰহণৰ সাক্ষীও এই সংসদ ভৱন।
টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰা এই নতুন ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে গ্ৰেণ্ড কনষ্টিটিউচন হল, সংসদ সদস্যৰ বাবে লাউঞ্জ, পুথিভঁৰাল, একাধিক কমিটি কক্ষ, খাদ্য গ্ৰহণ কৰা ঠাই আৰু প্ৰচুৰ পাৰ্কিং স্থান থাকিব। ত্ৰিকোণীয় আকৃতিৰ চাৰিমহলীয়া অট্টালিকাটোৰ বিল্ড আপ এলেকা ৬৪৫০০ বৰ্গমিটাৰ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!
নতুন ভৱনটোত তিনিখন দুৱাৰ আছে – জ্ঞান দুৱাৰ, শক্তি দুৱাৰ, কৰ্ম দুৱাৰ। সাংসদ, ভিআইপি আৰু দৰ্শনাৰ্থীৰ বাবে সুকীয়া প্ৰৱেশদ্বাৰ। বিষয়াসকলে কয় যে নতুন সংসদ ভৱনত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। মোডী চৰকাৰে আনুমানিক ৯৭০ কোটি টকা ব্যয় কৰি চাৰি মহলীয়া সংসদ ভৱনটো নিৰ্মাণ কৰিছে।
নতুন সংসদ ভৱনকলৈ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰি কয় যে সেয়া মোডীৰ ব্যক্তিগত ভ্যানিটি প্ৰজেক্ট। জয়ৰাম ৰমেশে টুইট কৰি কয়, ‘নতুন সংসদ ভৱনৰ একমাত্ৰ স্থপতিবিদ, ডিজাইনাৰ আৰু কৰ্মী, যিয়ে ২৮ মে’ত উদ্বোধন কৰিব।’ .
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ডিচেম্বৰ মাহত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰৰ উপলক্ষে সমগ্ৰ দেশৰ সকলো লোকসভা সমষ্টিতে বিজেপিয়ে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এমাহৰ বাবে এই প্ৰচাৰ চলাব বিজেপিয়ে। নতুন সংসদ ভৱনটোও তাত তুলি ধৰা হ’ব পাৰে।
লগতে পঢ়ক: মাৰাত্মক পৰিস্থিতিৰ কবলত ৰাজকুমাৰ হেৰী আৰু মেঘান! দুঘন্টা ধৰি খেদি ফুৰিলে পাপাৰাজ্জিয়ে
বিজেপিৰ সূত্ৰই লগতে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মে’ত এক বৃহৎ সমাৱেশেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিব। পিছদিনা ৩১ মে’ত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ দ্বিতীয়খন ৰাজহুৱা সভা। সমগ্ৰ দেশতে বিজেপিৰ জ্যেষ্ঠ নেতাৰ ৫১খন সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। মোডী চৰকাৰৰ ৯ বছৰীয়া কাৰ্যকাল বিজেপিয়ে বৃহৎ পৰিসৰত তুলি ধৰিব বিচাৰিছে।