আলোচনাপন্থী আলফা নেতা তথা সংগঠনটোৰ উপ সভাপতি প্ৰদীপ গগৈ দিচপুৰ আৰক্ষীয়ে আটক কৰিছে।
সোমবাৰে নিশাই হাতীগাঁৱৰ গৃহৰ পৰা গগৈক আটক কৰা বুলি জানিবপৰা গৈছে।
আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশতে আলোচনাপন্থী আলফা নেতা গগৈক আটক কৰা বুলি জানিব পৰা গৈছে।
বৰ্তমান দিচপুৰ থানাত গগৈক জেৰা কৰি থকা হৈছে।
আৰক্ষীয়ে অৱশ্যে কি কাৰণত প্ৰদীপ গগৈক আটক কৰা হৈছে সেই বিষয়ে কোনো কথা সদৰী কৰা নাই।
আৰক্ষীৰ সূত্ৰসমূহে জানিবলৈ দিয়া মতে টেলিফোনত কোনো ব্যক্তিক ভাবুকি দিয়া গোচৰত তেওঁক আটক কৰি অনা হৈছে।