• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলোচনাপন্থী আলফা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক আটক

জিতেন দত্তক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বীৰ লাচিত সেনাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 2, 2018 2:12 pm
Jiten_Mrinal

মৃণাল হাজৰিকা আৰু জিতেন দত্ত। ফাইল ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

আজি কিছু সময়ৰ পূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আলোচনাপন্থী আলফা নেতা জিতেন দত্তক। গুৱাহাটীৰ পৰা তিনিচুকীয়া লৈ আহি থকা অৱস্থাতে শিৱসাগৰ আৰক্ষীৰ এটা দলে আলফা নেতাগৰাকীক বাটতে গৌৰীসাগৰৰ পৰা আটক কৰে।

আটক কৰাৰ পাছতে আলফা নেতাগৰাকীক গৌৰীসাগৰ আৰক্ষী থানাত ৰখা হৈছিল যদিও বৰ্তমান দত্তক গৌৰীসাগৰৰ পৰা শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত গুৱাহাটীলৈ লৈ অনা হয় বুলি জানিব পৰা গৈছে।

আনহাতে আন এজন আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাকো গুৱাহাটীত পাণবজাৰ থানাৰ আৰক্ষীয়ে আটক কৰিছে। এই পৰ্যন্ত তেওঁক পাণবজাৰ থানাতে ৰখা হৈছে।

এটা অসমৰ্থিত সূত্ৰই জনোৱা মতে দুয়োকে যোৱাকালিৰ তিনিচুকীয়াত পাঁচজন নিৰীহ বাঙালী লোকক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক কৰা হৈছে।

উল্লেখযোগ্য যে, আজি কিছু দিনৰ পৰা ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপিৰ বিধায়ক শিলাদিত্য দেব আৰু কিছু সংখ্যক বাঙালী নেতাৰ উচটনিমূলক মন্তব্যৰ প্ৰত্যুত্তৰত দুয়োজনে উচটনিমূলক মন্তব্য দিছিল।

ইফালে জিতেন দত্তক গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত মাজবাটতে গ্ৰেপ্তাৰ কৰি পুনৰ গুৱাহাটীলৈ লৈ যোৱা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাই।

গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ শতাধিক নেতা-কৰ্মীয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd