NORTHEAST NOW (Assamese)
অসম

প্ৰগতিশীল লেখক, বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2020 11:48 am
Anil-Roychowdhury-735x430

বিশিষ্ট বাঁওপন্থী লেখক-বুদ্ধিজীৱী তথা চি পি আই (এম) দলৰ প্ৰবীণতম সদস্য অনিল ৰায়চৌধুৰীয়ে আজি ৯৪ বছৰ বয়সত মৃত্যুক সাৱটি লয়।

শুকুৰবাৰ আজি  পুৱা ৪ বজাত গুৱাহাটী-চানমাৰিৰ নিজ বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। যোৱা দুদিনৰ পৰা তেওঁৰ শৰীৰৰ অধিক অৱনতি ঘটিছিল।

উল্লেখযোগ্য যে যুক্তিবাদী আৰু বিজ্ঞানমনস্ক মনৰ অধিকাৰী অনিল ৰায়চৌধুৰীয়ে মৰণোত্তৰ নেত্রদান আৰু দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি থৈছিল। বৰ্তমান ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ পৰিপ্ৰেক্ষিতত নেত্ৰদান সম্ভৱ নহ’ব বুলি জানিব পৰা গৈছে।

চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰ পৰাই চকুৰ কৰ্নিয়া সংগ্ৰহত বাধা আছে।

তেওঁৰ মৰণোত্তৰ দেহদানৰ ইচ্ছা পূৰণৰ চেষ্টা চলিছে যদিও এতিয়াও সকলো কথা নিশ্চিত হোৱা নাই।

১৯২৬ চনৰ ২৭ আগষ্টত অনিল ৰায়চৌধুৰীৰ জন্ম হৈছিল।

১৯৬৭ চনৰ পৰা ৰায় চৌধুৰীয়ে নীলাচল,মণিদীপ,অসমীয়া,আৱাহন আদিত সামাজিক বিষয়ত লিখামেলা আৰম্ভ কৰিছিল।

১৯৭১ৰ পৰা তেওঁ ‘নতুন পৃথিৱী’ৰ সম্পাদনাৰে জড়িত হৈছিল। তেওঁ নতুন সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

চীনা লোকৰ ওপৰত অত্যাচাৰক আধাৰ কৰি ১৯৬৮ততেওঁ  শত্ৰু উপন্যাস লিখিছিল। ৰায়চৌধুৰী ট্ৰেড ইউনিয়ন আন্দোলনত জড়িত হৈ বহুবাৰ কাৰাবাসো খাটিছিল।

চাকৰি কালত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

অল ইণ্ডিয়া য়ুনিভাৰ্ছিটি কনফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতিও আছিল ৰায়চৌধুৰী।