• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানসিক ৰোগী ৰূপে প্ৰচাৰ ক’ৰ’নাত আক্ৰান্ত জাগীৰোডৰ অমৰক : অভিযোগ-প্ৰতি অভিযোগ চিকিৎসক আৰু অমৰৰ মাতৃৰ

প্ৰকৃততে মানসিক ৰোগত আক্ৰান্ত নেকি অমৰ; কি ক’লে মাতৃয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2020 8:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড কক্ষত বহু সমস্যা বিৱৰি মাতৃ-পত্নীৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ ভাইৰেল হোৱাৰ পাছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

কোভিড-১৯ আক্ৰান্ত অমৰক এতিয়া মানসিক ৰোগী হিচাপে প্ৰচাৰ চলাব বিচাৰিছে একাংশই।

Apply Now

ইপিনে, জিএমছিএইছৰ কোভিড কক্ষত কৰ্তব্যৰতঃ চিকিৎসকেও অমৰৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ।

অমৰে চামুচৰেও আহাৰ গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰাৰ পাছতে এজন চিকিৎসকে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত অমৰে চামুচৰে আহাৰ গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰাৰ লগতে শৌচ-প্ৰস্ৰাৱ কৰিবলৈ বাথৰুমলৈ যাবলৈ অসুবিধা হোৱাত অমৰক ইউনেৰি থেটাৰ আৰু ড্ৰাইপাৰ লগাব বিচাৰিছিল যদিও তেওঁ বাধা দিয়া বুলি অভিযোগ তোলে।

অমৰ বহুত আগ্ৰাসী মনোভাৱৰ আৰু চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চিকিৎসকক কোনোধৰণৰ সহযোগিতা আগ নবঢ়োৱা বুলি গুৰুতৰ অভিযোগ তোলে।

আনকি অমৰে কোভিড১৯ আক্ৰান্ত হোৱা নাই বুলি চিকিৎসকক ক’বলৈ আৰম্ভ কৰা বুলি চিকিৎসকজনে কয়।

‘তেওঁক এনেই ধৰি আনি কোভিড কক্ষত ভৰাই থোৱা হৈছে বুলি তেওঁ ক’বলৈ ধৰিলে। কোভিড ৰোগী বুলি তেওঁ মানি ল’ব নিবিচাৰে।‘ চিকিৎসকজনে কয়।

আনহাতে, অন্য এগৰাকী চিকিৎসকে অমৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি সংবাদমাধ্যমটোৰ সাক্ষাৎকাৰত কয় ‘তেওঁক ভৰ্তি কৰোৱাৰ পাছদিনা তেওঁ ড্ৰাইপাৰ আৰু কাপোৰ-কানি খুলি কৰিডৰৰে দৌৰিছে আৰু মেইন গ্লাছ ষ্টোৰত ঢকিয়াইছে।‘

অমৰে চিকিৎসক গৰাকীক বেয়া শব্দ ব্যৱহাৰ কৰি গালি-গালাজ পৰা বুলি গুৰুতৰ অভিযোগ তোলাৰ লগতে নাৰ্ছৰো হাতত ধৰাৰ লগতে খাদ্য সামগ্ৰী দলিয়াই দিয়া বুলি সাক্ষাৎকাৰটোত কয়। আনকি অমৰে চিকিৎসক, স্বাস্থ্যকৰ্মীক মৃত্যুৰ ভাবুকি দিয়া বুলিও গুৰুতৰ অভিযোগ তোলে।

ইপিনে, অমৰে পূৰ্বতে অত্যাধিক সুৰাপান কৰিছিল আৰু চিকিৎসালয়ত থকাৰে পৰা সুৰা পান কৰিব নোৱাৰা বাবে এনেবোৰ আচৰণ কৰিবলৈ আৰম্ভ কৰা বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, চিকিৎসকে অনা এইবোৰ অভিযোগ নস্যাৎ কৰে অমৰৰ মাতয়ে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত অমৰৰ মাতৃয়ে কয় যে অমৰে চিকিৎসাধীন হৈ থকাৰ পৰা খোজ কাঢ়িব নোৱাৰে আৰু তেওঁক ধৰি ধৰিহে বাথৰুমলৈ নিয়া বুলি কয়।

ইপিনে, অমৰে মানসিক ৰোগীৰ দৰে কৰা আচৰণো মানি নল’লে মাতৃয়ে।

তেওঁ কয়, ‘অমৰ মানসিক ৰোগী নহয়। যেতিয়া তাৰ কাষৰ পৰা মোক আৰু তাৰ পত্নীক আঁতৰাই অনা হয় তেতিয়া সি অকলশৰীয়া হ’ল। তেনে অৱস্থাত ভাল মানুহৰো মগজুৱে কাম নকৰা হ’ব। আমি খোৱাই দিওঁ, আমি শৌচ প্ৰস্ৰাৱ কৰিবলৈ লৈ যাওঁ।‘

‘লেট্ৰিন লাগিছে বুলি কওঁতেও কোনেও নিনিয়ে। এইবোৰ বাতৰি প্ৰচাৰ হোৱাত ওপৰৰ মহলাৰ পৰা প্ৰশ্ন কৰাত হয়তো চিকিৎসকসকলে তেওঁলোকক মাৰিবলৈ লৈছে, মানসিক ৰোগীৰ দৰে আচৰণ কৰিছে এইবোৰ ক’বলৈ লৈছে।‘ মাতৃয়ে লগতে কয়।

ইপিনে, চিকিৎসকে স্নায়ৱিক আৰু পক্ষাঘাতৰ চিকিৎসা কৰি থকাৰ সময়ত কোনোধৰণৰ মানসিক ৰোগত আক্ৰান্ত বুলি মাতৃ-পত্নীক উল্লেখ কৰা নাছিল বুলি তেওঁ কয়।

উল্লেখযোগ্য যে, যোৱা ২৪ মাৰ্চত স্নায়ৱিক আৰু পক্ষাঘাত ৰোগত আক্ৰান্ত হোৱাৰ বাবে জিএমছিএইছত ভৰ্তি কৰোৱা হৈছিল।

তাৰ পূৰ্বে অমৰ সম্পূৰ্ণ সুস্থ তথা গেছ এজেন্সি আৰু নাৰিকল-তামোলৰ ব্যৱসায় চলায় থকা বুলি মাতৃয়ে উল্লেখ কৰি তেওঁ লগতে কয় ‘কেনেকৈ তেওঁ মানসিক ৰোগী হ’ব পাৰে?’

ইপিনে, ২০১৬ চনতে অমৰক টিউমাৰ অপাৰেশ্যন কৰা বুলি জানিবলৈ দি মাতৃয়ে লগতে কয় ‘যোৱাবছৰ তাৰ বমি আৰু হিকটি হৈছিল। এইবাৰ আকৌ দেহৰ এটা অংশই কাম নকৰা হৈছে। তাৰ বেমাৰ এইখিনিয়েই।‘

ইয়াৰোপৰি, কালি কেৱল এখন টাৱেল আৰু এযোৰ কাপোৰ দি চিকিৎসালয় কতৃপক্ষই দায়িত্ব সামৰা বুলি উল্লেখ কৰাৰ লগতে অমৰৰ সেৱা অথবা চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি কয়।

তাৎপৰ্যপূৰ্ণভাৱে দুই এটা সংবাদ মাধ্যমত অমৰে তেওঁক চিকিৎসক-নাৰ্ছে সেৱা কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ সহায় নকৰে বুলি বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে এতিয়া আৰম্ভ হৈছে জিএমছিএইছৰ চিকিৎসক আৰু অমৰৰ মাতৃৰ অভিযোগ প্ৰতি অভিযোগ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd